Logo
image

ইউপিএ বিলুপ্ত, কংগ্ৰেছসহ ২৬ দলৰ ঐক্যমঞ্চ ‘ইণ্ডিয়া’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ জুলাইঃ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই যুঁজ দিব লাগিব ‘ইণ্ডিয়া’ৰ বিৰুদ্ধে৷ অৱশ্যেই এই ‘ইণ্ডিয়া’ ভাৰত বা হিন্দুস্তান নহয়– এয়া হৈছে দেশৰ সন্মিলিত বিৰোধী ৰাজনৈতিক দলৰ মঞ্চৰ নতুন নাম৷ ‘ইণ্ডিয়া’ৰ সম্পূৰ্ণ ৰূপ হৈছে– ইণ্ডিয়ান নেশ্বনেল ডেপভলপমেণ্ট ইনক্লুছিভ এলায়েন্স৷ দেশৰ ২৬টা বিৰোধী ৰাজনৈতিক দলৰ কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত বৈঠকত আজি দ্বিতীয় দিনা বিৰোধী মঞ্চৰ এই নতুন নাম ঘোষণা কৰা হয়৷ সোমবাৰ আৰু মঙলবাৰে দুদিনীয়াকৈ বেংগালুৰুত বিৰোধী চ্ছটা ৰাজনৈতিক দলৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল৷ প্ৰথমখন বৈঠক বিহাৰত নীতিশ কুমাৰৰ আতিথ্যত যোৱা ২৩ জুনত অনুষ্ঠিত হৈছিল৷ সেই বৈঠকত বিৰোধী দলসমূহৰ মাজৰ মতপাৰ্থক্য দূৰ কৰিবলৈ চেষ্টা চলোৱা হৈছিল আৰু বেংগালুৰুৰ দ্বিতীয় বৈঠকত সকলোৱেই সন্মিলিতভাৱে বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ‘ইণ্ডিয়া’ হিচাপে নতুন নামৰ অধীনত যুঁজ কৰাৰ সংকল্প লয়৷ নিজ ৰাজ্যত সংঘাত থকা সত্ত্বেও এই বৈঠকত বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে যুঁজ কৰাৰ সংকল্প লৈছে৷ নতুন নামৰ ক্ষেত্ৰত কোনো দলৰ পৰাই আপত্তি উত্থাপিত হোৱা নাই, বৰং সকলোৱে আদৰেৰে ‘ইণ্ডিয়া’ নামটো আদৰি লৈ ঐক্যমত্য প্ৰকাশ কৰিছে৷ বৈঠকত বিৰোধী মঞ্চৰ বাবে নতুন দিল্লীত এটা সচিবালয় স্থাপনৰ সিদ্ধান্ত লোৱা হয় আৰু ১১জন সদস্যৰ এখন সমন্বয়ৰক্ষী কমিটী গঠনৰ সিদ্ধান্ত লোৱা হয়৷ বিৰোধী দলৰ মঞ্চ ‘ইণ্ডিয়া’ৰ পৰৱৰ্তী বৈঠক হ’ব মুম্বাইত আৰু তাত ‘ইণ্ডিয়া’ৰ এজন আহ্বায়কৰ নাম ঘোষণা কৰা হ’ব৷

বৈঠকৰ অন্তত যুটীয়া সংবাদমেলত বিৰোধী ৰাজনৈতিক দলৰ নতুন নাম ঘোষণা কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই৷ তেওঁ কয়– ‘ৰৰজন সদস্যৰ এখন সমন্বয়ৰক্ষী কমিটী গঠন কৰা হ’ব৷ আমি পুনৰ মুম্বাইত তৃতীয়খন বৈঠকত মিলিত হ’ম৷ তাত কমিটীৰ সদস্য আৰু আহ৩ায়কৰ নাম ঘোষণা কৰা হ’ব৷ মুম্বাইৰ বৈঠকৰ দিন অচিৰেই ঘোষণা কৰা হ’ব৷ তদুপৰি সাধাৰণ নিৰ্বাচনৰ পূৰ্বে যাতে সকলো ৰাজনৈতিক দলে বিজেপিবিৰোধী অভিন্ন নূ্যনতম কাৰ্যসূচী লৈ আগবাঢ়িব পাৰে, সেই বিষয়ে বেংগালুৰুৰ বৈঠকত সবিস্তাৰে আলোচনা হৈছে৷ সেই অভিন্ন সূচী নিৰ্ধাৰণ কৰাৰ বাবে এখন পৃথক কমিটী গঠন কৰা হ’ব৷’ আনহাতে, এনডিএই ৩৮টা ৰাজনৈতিক দলৰ সমাৱেশ ঘটাই নতুন দিল্লীত মঙলবাৰে আয়োজন কৰা বৈঠকক কটাক্ষ কৰি তেওঁ কয়– ‘এনডিএই ৩০টা দলৰ এখন বৈঠক অনুষ্ঠিত কৰিছে৷ মই দেশত ইমান দল থকা বুলি আজিলৈকে শুনাই নাই৷ যোৱা চাৰি বছৰে তেওঁলোকে কোনো বৈঠক নকৰিলে৷ এতিয়া বিৰোধী একগোট হোৱা দেখি প্ৰধানমন্ত্ৰী মোদীয়ে ভয় খাইছে৷ আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ একগোট হোৱা নাই৷ আমি গণতন্ত্ৰ ৰক্ষা আৰু সংবিধানৰ মৰ্যাদা ৰক্ষাৰ বাবেহে একগোট হৈছোঁ৷’

কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ যে বিলুপ্ত হ’ব সেয়া অৱধাৰিত আছিল৷ সন্মিলিত বিৰোধীৰ এটা নতুন নাম বেংগালুৰুৰ বৈঠকতে গ্ৰহণ কৰাৰ বিষয়ে আগতেই বিভিন্ন দলৰ সূত্ৰত প্ৰকাশ পাইছিল৷ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ অধীনত পুনৰ একত্ৰিত হ’বলৈ একাধিক বিৰোধী দলৰ অনীহা আছিল৷ সেই মনোভাৱ উপলব্ধি কৰি বিৰোধী জোঁটৰ নতুন নামৰ বাবে আৰু ইউপিএৰ অৱলুপ্তিৰ বাবে কংগ্ৰেছ প্ৰস্তুত হৈ আছিল৷ ‘ইণ্ডিয়া’ নামটো কোনে প্ৰস্তাৱ কৰিলে, সেয়া এতিয়াও প্ৰকাশ পোৱা নাই৷ কিন্তু এটা কথা স্পষ্ট, বিগত কিছুদিন ধৰি ৰাহুল গান্ধীয়ে একাধিক স্থানত ‘ইণ্ডিয়া’ শব্দটো উচ্ছাৰণ কৰিছিল৷ অৱশ্যে আজিৰ বৈঠকত ৰাহুল গান্ধী আৰু খৰ্গে দুয়োজনেই কংগ্ৰেছ প্ৰধানমন্ত্ৰী পদৰ প্ৰতি যে লালায়িত নহয়, সেয়া স্পষ্ট কৰি দিয়ে৷ আনহাতে, ‘পাৰিলে আমাক পৰাজিত কৰা’ বুলি এনডিএক বৈঠকৰ শেষত প্ৰত্যাহ্বান জনালে মমতা বেনাৰ্জীয়ে৷