Logo
image

বানৰ বাবে কাজিৰঙা এৰিছে গঁড়-হাতীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৬০টাৰো অধিক বন শিবিৰ পানীত বুৰ যোৱাৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন্য জীৱ-জন্তু ব্ৰহ্মপুত্ৰ পাৰ হৈ লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলাৰ একাংশ চৰ-চাপৰিত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ বিশেষকৈ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনস্থ বিভিন্ন এলেকাৰ পৰা ওলাই অহা গঁড়,  হাতী, পহু আদিয়ে নিকটৱৰ্তী তথা কাষৰীয়া লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ জিলাৰ একাংশ অঞ্চলত থিতাপি লোৱা পৰিলক্ষিত হৈছে৷ বিগত দুদিন পূৰ্বে মাজুলীৰ শিকলি চাপৰিত দুটাকৈ গঁড়ে মুক্ত বিচৰণ কৰাৰ লগতে এই গঁড় দুটাই দলখোৱা গাঁৱৰ কুঁহিয়াৰবাৰীত আশ্ৰয় গ্ৰহণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ চাপৰি পাৰ হৈ শিকলি চাপৰিৰ দলখোৱা গাঁৱত গঁড় দুটাই এখন বৃহৎ কুঁহিয়াৰবাৰীত আশ্ৰয় গ্ৰহণ কৰি কুঁহিয়াবাৰীখনৰ বিস্তৰ ক্ষতি কৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ ইফালে, কাজিৰঙাৰ বান পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা একাংশ বন্যহস্তীয়ে লখিমপুৰ জিলাৰ সীমামুৰীয়া তথা ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চল মাজৰ চাপৰিত আশ্ৰয় গ্ৰহণ কৰি স্থানীয় লোকৰ লগতে কেইবাটাও ম’হৰ খুটিত উপদ্ৰৱ চলাই আহিছে৷ এইপৰ্যন্ত দুৰ্গম অঞ্চলটোত আশ্ৰয় গ্ৰহণ কৰা বন্যহস্তীৰ জাকটোৰ কথা কোনো এখন জিলাৰ বন বিভাগৰ দৃষ্টিগোচৰ নোহোৱাত হাতীৰ জাকটোৱে বিশেষকৈ চাপৰি অঞ্চলৰ ম’হৰ খুটিত ধ্বংসলীলা অব্যাহত ৰাখিছে৷ বানৰ কবলত পৰা হাতীৰ জাকটোৱে একপ্ৰকাৰে খাদ্য সংকটত ভূগি এনেদৰে ম’হৰ খুটিত আশ্ৰয় লৈ তেনে খুটি ভাঙি ছিঙি পেলোৱাৰ লগতে স্থানীয় লোকলৈও চোচা লোৱা বুলি জানিব পৰা হৈছে৷ সেয়েহে উন্মত্ত হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰি পুনৰ জংঘললৈ খেদি পঠাবলৈ ভূক্তভোগী লোকসকলে বন বিভাগক আহ্বান জনাইছে৷ বানৰ কৱলত পৰা বন্য জীৱ-জন্তুসকলৰ অনিষ্ট সাধন নকৰিবলৈ প্ৰকৃতিপ্ৰেমী লোকসকলে সকলোৰে প্ৰতি গোহাৰি জনাইছে৷