Logo
image

আজিৰ পৰা কলাক্ষেত্ৰত শুনানি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ প্ৰতিবাদমুখৰ পৰিৱেশৰ মাজতে ৰাজ্যৰ লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হ’ব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ দল৷ দিনৰ ১২ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে নিৰ্বাচন আয়োগৰ দলটো খন্তেক জিৰণি লৈ পোনে পোনে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাব আৰু দিনৰ ২ বজাৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি অনুষ্ঠিত কৰিব৷ ইফালে ৰাজ্যিক নিৰ্বাচন বিভাগে জনাইছে যে শুনানিৰ পূৰ্বে আজি পূৰ্ব নিৰ্ধাৰিত কেতবোৰ সময়সূচীৰ  সালসলনি কৰা হৈছে৷ সেই অনুসৰি আয়োগৰ দলটোৱে ১৯ জুলাই, বুধবাৰৰ দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাগসা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত আহিব৷ আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্ৰতিনিধিৰে বৈঠকত বহিব৷ ২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্ৰতিনিধিৰে বৈঠকত বহিব৷ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰীৰ প্ৰতিনিধিয়ে শুনানিত অংশগ্ৰহণ কৰিব৷ বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে বৰ্ণানুক্ৰমিকভাৱে আলোচনাত বহিব৷ আনহাতে ২১ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ প্ৰতিনিধিৰে আয়োগ আলোচনাত বহিব৷ একেদৰে একে সময়তে বিভিন্ন জিলাৰ শুনানি কলাক্ষেত্ৰৰ তিনিটাকৈ হলত অনুষ্ঠিত হ’ব৷ শুনানিৰ প্ৰাকক্ষণত নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে শুনানিত অংশগ্ৰহণ কৰিবলৈ অহা দল সংগঠনৰ কেৱল মাত্ৰ ৫জনকৈ প্ৰতিনিধিয়েহে আয়োগক সাক্ষাৎ কৰিব পাৰিব৷ সাক্ষাৎ প্ৰাৰ্থীসকলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ আহি পুনৰ তেওঁলোকৰ নাম ঠিকনা শুনানিৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব৷ ইফালে ৰাজ্য চৰকাৰৰ সূত্ৰই জনোৱা মতে নিৰ্বাচন আয়োগৰ দলটো নিশা ৰাজভৱনত কটাব৷ শুনানিৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে আৰক্ষী প্ৰশাসনে সমগ্ৰ শংকৰদেৱ কলাক্ষেত্ৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ লক্ষণীয় যে শুনানি কালত সংবাদ মাধ্যমৰো উপস্থিতি নিষিদ্ধ কৰা হৈছে৷ শুনানিৰ অন্তত ২১ জুলাইৰ দিনৰ ১.৩০ বজাত আয়োগে এখন সংবাদমেল সম্বোধন কৰাৰ কথা আছিল যদিও ৰহস্যজনক কাৰণত সেই সংবাদমেলো বাতিল কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্তদ্বয় ক্ৰমে– অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে শুনানি গ্ৰহণ কৰিব৷