Logo
image

বিৰোধীৰ প্ৰধান লক্ষ্য পৰিয়ালৰ বাবে চৰকাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ বিৰোধীৰ এটাই মন্ত্ৰ পৰিয়াল আৰু পৰিয়ালৰ বাবে৷ বিৰোধীৰ জোট দুৰ্নীতি আৰু পৰিয়ালবাদৰ জোট৷ –এই কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ উল্লেখ্য যে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এনডিএৰ সন্মুখত বৃহৎ প্ৰত্যাহ৩ানৰ সৃষ্টি কৰি বাংগালুৰুত একত্ৰিত হৈছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ৷ ইয়াৰ সমান্তৰালভাৱে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় এনডিএৰ অংশীদাৰী দলসমূহৰ বৈঠক৷ এই বৈঠকত অংশ লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ এটা চৰকাৰী অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি কয়–বাংগালুৰুত আজি চৰম দুৰ্নীতি গ্ৰস্ত সকলৰ বৈঠক অনুষ্ঠিত হৈছে৷ বিৰোধীৰ লক্ষ্য আৰু উদ্দেশেই হ’ল পৰিয়াল প্ৰথম আৰু ৰাষ্ট্ৰ একো নহয়৷ কেৱল ব্যক্তিগত লাভালাভক লৈহে বিৰোধী সদায় ব্যস্ত৷ স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত ভাৰত বহু দূৰ আগবাঢ়ি যাব পাৰিলেহেতেন৷ কিন্তু দুৰ্নীতি পৰায়ণ আৰু পৰিয়ালবাদী দলসমূহে সদায় দেশৰ সৈতে অন্যায় কৰি আহিছে৷ ভাৰতৰ দুৰৱস্থাৰ বাবে দায়ী কিছুমান মানুহ নিজৰ নিজৰ দোকান খুলি বহি আছে৷ এওলোকৰ দোকানত দুটা বস্তুৰে গেৰাণ্টি পোৱা যায়৷ এটা হ’ল জাতিবাদৰ বিভেদ আৰু আনটো অপৰিসীম দুৰ্নীতি৷ যেতিয়া এই লোকসকলে একেলগে ফটো উঠিবলৈ থিয় হয় আৰু তেওঁলোকৰ ছবি এখন ফ্ৰেমত আৱদ্ধ হয় তেতিয়া এই ছবি চাই দেশৰ লোকে কেৱল কয় লাখ-কোটি টকাৰ দুৰ্নীতিৰ কথা কয়৷ বেংগালুৰুত কট্টৰ ভ্ৰষ্টাষ্টাৰী সন্মিলন হৈ আছে৷ তেওঁলোকে লেবেল কিবা বেলেগ লগাইছে আৰু সামগ্ৰী কিবা বেলেগ বিক্ৰী কৰি আছে৷ ১০ লাখ কোটি টকাৰ দুৰ্নীতিৰ গেৰাণ্টি দিছিল এইসকল লোকে৷ গণতন্ত্ৰ মানে ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ কাৰণে৷ কিন্তু বিৰোধীৰ মূল মন্ত্ৰই হ’ল পৰিয়ালৰ দ্বাৰা, পৰিয়ালৰ বাবে, পৰিয়ালৰ কাৰণে৷ দুৰ্নীতিক আগুৱাই নিয়াৰ বাবে বিৰোধী একত্ৰিত হৈছে৷ দুৰ্নীতিৰ অভিযোগ থকাৰ পিছতো তেওঁলোকে ডি এম কে ক্লীন চিট দিছে৷ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত নিজৰ নিজৰ দলৰ কেডাৰ ওপৰত হোৱা আক্ৰমণক লৈ কংগ্ৰেছ আৰু বাওপন্থী দলসমূহ আজি মৌন৷ দেশৰ দৰিদ্ৰ শিশুৰ উন্নয়নক লৈ বিৰোধী পক্ষ দায়ৱদ্ধ নহয়৷ তেওঁলোকৰ উমৈহতীয়া কাৰ্যসূচীয়ে হ’ল নিজৰ নিজৰ পৰিয়ালৰ কাৰণে অধিক দুৰ্নীতি সংঘটিত কৰা৷ তেওঁলোক পৰিয়ালবাদত বিশ্বাসী৷ তেওঁলোকক চৰকাৰ লাগে নিজৰ নিজৰ পৰিয়ালৰ বাবে৷