Logo
image

মল্লযোদ্ধা সংস্থাৰ নিৰ্বাচনৰ স্থগিতাদেশ বাতিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ জুলাইঃ ভাৰতীয় ৰেছলিং ফেডাৰেশ্বনৰ যৌন নিগ্ৰহৰ ঘটনাত অভিযুক্ত সভাপতি ব্ৰিজভূষণ চাৰণ সিঙক দিল্লীৰ ৰাউছ এভিনিউ আদালতে দুদিনৰ জামিন মঞ্জুৰ কৰিছে৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ হৰজিৎ সিঙে ব্ৰিজভূষণ চাৰণ সিঙক দুদিনৰ  অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ ফলত অহা বৃহস্পতিবাৰলৈকে তেওঁক যৌন নিৰ্যাতনৰ গোচৰত তদন্তকাৰী দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ অহা ২০ জুলাইত স্থায়ী জামিনৰ বাবে তেওঁ জনোৱা আবেদনৰ শুনানি হ’ব৷ ব্ৰিজভূষণ চাৰণ সিঙৰ উপৰি ৰাউছ এভিনিউ আদালতে একে অভিযোগত অভিযুক্ত ৰেছলিং ফেডাৰেশ্বনৰ সহ-সচিব বিনোদ তোমৰকো দুদিনৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছে৷ যোৱা ১৫ জুনত তদন্তকাৰী দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণ আৰু তোমৰক যৌন নিগ্ৰহৰ ঘটনাত অভিযুক্ত কৰি ১,০০০ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছিল৷ যৌন নিগ্ৰহ, অশ্লীলতা, উত্যক্ত কৰাকে ধৰি যি তিনিটা ধাৰাত ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে, সেই অভিযোগ প্ৰমাণ হ’লে তেওঁৰ ৫-৭ বছৰ কাৰাদণ্ড হ’ব৷ গোচৰৰ পূৰ্বে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবেই ব্ৰিজভূষণে জামিনৰ আবেদন কৰিছে৷

আনহাতে, ৰেছলিং ফেডাৰেশ্বনৰ নিৰ্বাচনৰ ক্ষেত্ৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশ বাতিল কৰিছে উচ্ছতম ন্যায়ালয়ে৷ অসম ৰেছলিং সংস্থাৰ আবেদনমৰ্মে গুৱাহাটী উচ্ছ ন্যায়ালয়ে যোৱা ১৫ জুনত দিয়া এটা নিৰ্দেশযোগে ১১ জুলাইত হ’বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছিল৷ অসম ৰেছলিং সংস্থাৰ আবেদনৰ শুনানি নোহোৱা পৰ্যন্ত আদালতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব বুলি ৰায় দিছিল৷ প্ৰথমে শুনানিৰ দিন ১৭ জুলাই ধাৰ্য কৰা হ’লেও ফেডাৰেশ্বনৰ অস্থায়ী কমিটীৰ কৰ্মকৰ্তা উপস্থিত নথকাত শুনানি ২৮ জুলাইলৈ পিছুৱাই দিয়া হয়৷ কিন্তু অন্ধ্ৰ প্ৰদেশ ৰেছলিং সংস্থাই উচ্ছতম ন্যায়ালয়ত জনায় যে গুৱাহাটী উচ্ছ ন্যায়ালয়ে এটা তৃতীয় পক্ষৰ আবেদনৰ ভিত্তিত এই স্থগিতাদেশ জাৰি কৰিছে৷ উচ্ছতম ন্যায়ালয়ে সকলো দিশ চালি-জাৰি চাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ স্থগিতাদেশ বাতিল কৰে৷