Logo
image

ৰাহুল নহ'লে কোন?

ডিজিটেল ডেস্কঃ দুৰ্নীতি, মূল্যবৃদ্ধি, সাম্প্ৰদায়িক সংঘৰ্ষ, জাতিবাদ আদিৰ দৰে মূল ইচ্ছ্যুক দেশবাসীৰ মাজলৈ নিব পাৰিবনে 'ইণ্ডিয়া'ই৷ এই ইচ্ছ্যসমূহৰ দ্বাৰা শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিব পাৰিবনে 'ইণ্ডিয়া'ই৷ এনে কেতবোৰ প্ৰশ্ন 'ইণ্ডিয়া' গঠনৰ পিছতে উত্থাপন হৈছে৷

বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ ২০২৪ৰ সাধাৰণ নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰিব বিৰোধীয়ে৷ বিজেপিৰ বিৰুদ্ধে দেশৰ জনতাক একত্ৰিত কৰিবৰ বাবে কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ পিছত এইবাৰ সন্মিলিত বিৰোধীয়ে গঠন কৰিলে বিৰোধী মৰ্চা৷ নাম দিলে- 'ইণ্ডিয়া'৷

২০২৪ৰ নিৰ্বাচন সহজ নহ'ব বিজেপিৰ বাবে৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক শাসনৰ পৰা ওফৰাবলৈ ঐক্যবদ্ধ হৈছে বিজেপি বিৰোধী শক্তি৷ বিজেপিক পৰাভূত কৰিবলৈ  বেংগালুৰুত অনুষ্ঠিত হোৱা বিৰোধী গোটৰ দ্বিতীয়খন বৈঠকত গঠন কৰা হ'ল নতুন বিৰোধী মৰ্চা৷ সন্মিলিত বিৰোধীয়ে সিদ্ধান্ত মৰ্মে গঠন কৰিলে 'ইণ্ডিয়া'৷ য'ত ২৬টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে 'ইণ্ডিয়া' গঠন কৰি বিজেপিক শাসনৰ পৰা ওফৰোৱাৰ পণ লয়৷

লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজ দিব 'ইণ্ডিয়া'ই৷ বিৰোধীয়ে গঠন কৰা 'ইণ্ডিয়া'ৰ সম্পূৰ্ণ অৰ্থ হৈছে- ইণ্ডিয়ান নেশ্বনেল ডেভলপমেণ্টেল ইনক্লুছিভ এলায়েন্স৷ ইয়াৰ দ্বাৰা বিৰোধীয়ে আসন বুজা-বুজিৰ দ্বাৰা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব৷ বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাত এতিয়া মূৰৰ কামোৰণি বাঢ়িছে শাসনৰ গাদী দখল কৰা বিজেপিৰ৷ বিৰোধী গোটৰ অংকত আউল লগাবলৈ উঠিপৰি লাগিছে শাসকীয় পক্ষ৷ উত্থাপন কৰিছে ইটোৰ পিছত সিটো অভিযোগ৷

'ইণ্ডিয়া' গঠনৰ পিছতে কংগ্ৰেছক আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আকৌ উত্থাপন কৰিলে পৰিয়ালবাদৰ অভিযোগ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিৰোধীৰ এটাই মন্ত্ৰ-পৰিয়াল আৰু পৰিয়ালৰ বাবে৷ লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ এখন মুখৰ আঁৰত বহু মুখ আছে৷ তেওঁলোকে কেৱল জাতিবাদ আৰু দুৰ্নীতিৰ দোকান খুলি বহি আছে৷ ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'ইণ্ডিয়া' গঠনৰ পাছতে টুইট কৰি কয় যে 'দেশ এক হ'ব, ইণ্ডিয়া জিকিব৷'

ইফালে সন্মিলিত বিৰোধীৰ 'ইণ্ডিয়া' গঠনৰ পাছত প্ৰধানমন্ত্ৰী পদৰ বাবে কোন দাবীদাৰ হ'ব তাক লৈও চৰ্চা চলিছে৷ বিৰোধী শিবিৰত প্ৰধানমন্ত্ৰী পদৰ বাবে আছে বহুকেইগৰাকী দাবীদাৰ৷ এই প্ৰশ্নক লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে কংগ্ৰেছ ক্ষমতা বা প্ৰধানমন্ত্ৰী পদৰ লোভী নহয়৷

মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী পদৰ বাবে কংগ্ৰেছ লোভী নহয় বুলি ক'লেও বিৰোধী শিবিৰৰ পৰা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰধান দাবীদাৰ বুলি চৰ্চা হৈছে৷ ইফালে মল্লিকাৰ্জুন খৰ্গেই কোৱাৰ দৰে যদি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ নকৰে তেন্তে বিৰোধী শিবিৰৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম প্ৰধানমন্ত্ৰী পদৰ বাবে চৰ্চিত হৈ আছে৷ ৰাহুল গান্ধীৰ নাম চৰ্চালৈ আহিলেও ২৪ৰ লোকসবা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পৰা বঞ্চিত হ'ব পাৰে৷ কিয়নো মোদী উপাধিক অপমানৰ অভিযোগ আদালতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছে৷ লগতে এই গোচৰৰ বাবে দুবছৰ পৰ্যন্ত ৰাহুল গান্ধীৰ কাৰাদণ্ড হ'ব পাৰে৷ ৰাহুল গান্ধীয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছে৷ উচ্চতম ন্যায়ালয়ে যদি উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে তেন্তে ২৪ৰ নিৰ্বাচনৰ পৰা বঞ্চিত হ'ব ৰাহুল গান্ধী৷

ৰাহুল গান্ধীৰ পিছতে চৰ্চালৈ আহিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম৷ কিয়নো বিজেপি বিৰোধী শক্তিসমূহক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে নীতিশ কুমাৰে৷ 'ইণ্ডিয়া'ৰ আহ্বায়কৰ দায়িত্ব নীতিশ কুমাৰ দিয়াৰ সম্ভৱনা আছে৷ প্ৰধানমন্ত্ৰী পদক লৈ স্পষ্টভাৱে কোনো মন্তব্য নকৰিলেও নীতিশ কুমাৰক বিৰোধী শিবিৰৰ পৰা প্ৰধানমন্ত্ৰী পদ নিদিলে 'ইণ্ডিয়া'ত ফাট মেলাৰো সম্ভাৱনা আছে৷ নীতিশ কুমাৰৰ পাছতে আছে মমতা বেনাৰ্জীৰো নাম৷ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসন দখল কৰা মমতা বেনাৰ্জীয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিক ঢোকে ঢোকে পানী খুৱাইছে৷ সাংসদীয় ৰাজনীতিলৈ আহিলে মমতা বেনাৰ্জীয়েও প্ৰধানমন্ত্ৰীৰ চকীৰ আশা কৰিব৷ আনহাতে অৰবিন্দ কেজৰিৱাল, তেজস্বী যাদৱ, অখিলেশ যাদৱৰ দৰে বহু বাঘা বাঘা নেতা আছে বিৰোধী শিৱিৰত৷ 

দেশৰ শেহতীয়া পৰিস্থিতিক লৈ জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ নেতাৰ সাম্প্ৰদায়িক মন্তব্য, জনগোষ্ঠীয় সংঘৰ্ষ, মূল্যবৃদ্ধি, ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ আদিয়ে জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে৷ ইফালে জনসাধাৰণৰ মাজত হ্ৰাস পাইছে মোদীৰ জনপ্ৰিয়তা৷ ২০১৪ৰ দৰে মোদী মেজিক নোহোৱা হৈছে দেশত৷ তাৰেই উদাহৰণ কৰ্ণাটক নিৰ্বাচনত৷ কৰ্ণাটকত নিৰ্বাচনৰ পূৰ্বে বহুকেইখন জনসভা, ৰে'লীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদিও কংগ্ৰেছৰ দখললৈ গ'ল কৰ্ণাটক৷ তাৰ পূৰ্বে হিমাচলো ক্ষমতালৈ আনিব নোৱাৰিলে বিজেপিয়ে৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৪-৫খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে৷ কিন্তু শেহতীয়াকৈ কেইবাখনো ৰাজ্যত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হোৱাৰ বাবে লোকসভা নিৰ্বাচনৰ দিন আগুৱাই অনাৰ সম্ভাৱনা আছে৷ বৰ্তমান দেশৰ পৰিস্থিতিক লৈ জনতাৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ যাৰ বাবে ২০২৪ত গেৰুৱাকৰণৰ পৰা দেশক মুক্ত কৰিবলৈ একত্ৰিত হৈছে বিৰোধী৷ বিৰোধীয়ে সুযোগ পাইছে, নিৰ্বাচনত খেল দেখুৱাব লাগিব ৷ গতিকে ২৪তহে দেখা যাব এনডিএ নে 'ইণ্ডিয়া'ৰ দখললৈ যাব ভাৰত৷