Logo
image

নিৰ্বাচন আয়োগে অবৈধ আৰু অসংবিধানিকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছেঃ অখিল গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বুধবাৰে অখিল গগৈয়ে এক সংবাদমেলৰ আয়োজন কৰে। মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

অ-সাংবিধানিক প্ৰক্ৰিয়াৰে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে এইটো কেতিয়াও ৰাইজৰ দলে হ'বলৈ নিদিয়ে। লগতে তেওঁ কয়, "নিৰ্বাচনী আয়োগ সংবিধানৰ প্ৰতি দায়বদ্ধ নহয়।নিৰ্বাচনী আয়োগে ভাৰতৰ সংবিধানৰ ৮১ নম্বৰ আৰু ১৭০ নম্বৰ অনুচ্ছেদ অৱমাননা কৰিছে। সংবিধানৰ মতে ভাৰতৰ যিমান লোকসভা আৰু বিধানসভা আসন আছে ইয়াৰ বিভক্তিকৰণ নিৰ্ভৰ কৰে জনসংখ্যা সমানুপাতিক বিভাজনৰ ওপৰত। ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জনসংখ্যা ঘনত্বৰ তত্ত্ব ওপৰত নিৰ্ভৰ কৰে বুলি লিখা আছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে ইয়াৰ উত্তৰ নিৰ্বাচন আয়োগে দিব লাগিব। নিৰ্বাচন আয়োগৰ অবৈধ কাৰ্যকলাপক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত ভাৰতৰ সংবিধানৰ ১৭০ অনুচ্ছেদতো লিখা আছে। তৎসত্বেও ভাৰতৰ সংবিধানক সম্পূৰ্ণৰূপে ওলাই কৰি জনসংখ্যা ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰিছে বুলি অখিলে প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচন আয়োগে এই খচৰা বন্ধ কৰিবই লাগিব। উচ্চতম ন্যায়ালয়ে অচিৰেই এই প্ৰক্ৰিয়াক বন্ধ কৰি দিব বুলি আশা প্ৰকাশ কৰে অখিল গগৈয়ে।

আজিৰ দিনটোত শুনানি আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ দলে পুনৰ ইয়াৰ বিৰোধিতা কৰিছে বুলি অখিল গগৈয়ে স্পষ্ট কৰি দিছে। ভাৰতৰ সংবিধানে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত জনসংখ্যাৰ সামানুপাতিক বিতৰণৰ কথাহে কৈছে জনসংখ্যাৰ ঘনত্বৰ কথা কোৱা নাই। প্ৰত্যেক সমষ্টিতে ভোটাৰৰ সংখ্যা সমান হোৱাৰ কথাও ভাৰতৰ সংবিধানত উল্লেখ আছে। অবৈধ, অসাংবিধানিক বিভাজনৰ বাবেই শিৱসাগৰ সমষ্টিৰ পৰা আমগুৰি সমষ্টিটো নোহোৱা হৈছে। নিৰ্বাচন আয়োগৰ অবৈধ আৰু অসাংবিধানিক বিভাজনৰ বাবেই ডিব্ৰুগড়ৰ পৰা লাহোৱাল সমষ্টি নোহোৱা হৈ গৈছে৷ ভাৰতৰ সংবিধানৰ ৮১ আৰু ১৭০ নং অনুচ্ছেদ সংশোধন নকৰাকৈ নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ ক্ষেত্ৰত জনসংখ্যাৰ ঘনত্ব তত্ত্ব ব্যৱহাৰ‌ কৰিব নোৱাৰে৷ এই জনসংখ্যা তত্ত্ব আমি বন্ধ কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। সংবিধান সংশোধনীৰ প্ৰস্তাৱ ৰাজ্যসভা, লোকসভাত পাছ কৰিলেই নহ'ব দেশৰ ৫০শতাংশ ৰাজ্যই পাছ কৰিব লাগিব। বৃহস্পতিবাৰে ৩:৩০ বজাত ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিব বুলি অখিল গগৈয়ে সংবাদ মেলত স্পষ্ট কৰি দিয়ে ।