হিৰ' হ'ব নালাগেঃ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতাক গতিয়াই থানালৈ লৈ গ'ল আনন্দ মিশ্ৰই
ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ নগৰৰ মাজমজিয়াত যোৱা ১৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা ৭ দিনীয়া এক বৌদ্ধিক শিবিৰত বুধবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৭ জুলাইৰ পৰা লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনিত থকা মাৰোৱাৰী যুৱ মঞ্চৰ মঞ্চ ভৱনত বিশ্ব হিন্দু মহাসংঘ অসম ৰাজ্যিক আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত ৭ দিনীয়া কাৰ্যসূচীৰে এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ সেই মৰ্মে আজি অৰ্থাৎ বুধবাৰে তৃতীয় দিনা পুৱা ১০ বজাৰ পৰা ১১ বজালৈ মঞ্চ ভৱনত এক বৌদ্ধিক শিবিৰ অনুষ্ঠিত হৈ থকাৰ সময়তে মঞ্চ ভৱনৰ কাষৰ জাকিৰ হুছেইন নামৰ এজন লোকে বৌদ্ধিক শিবিৰত গৈ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিৰুদ্ধে তেওঁৰ চৌহদত থকা মহৰমৰ পতাকা ফলাৰ অভিযোগ উত্থাপন কৰে৷ এনে সময়ত বৌদ্ধিক শিবিৰটোত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসে বক্তব্য প্ৰদান কৰি থকাৰ লগতে সেই সময়ত শিবিৰত বিশ্ব হিন্দু মহাসংঘ অসম ৰাজ্যিকৰ অধ্যক্ষ তথা শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সূৰ্য ভট্টাচাৰ্যসহ বহু বিষয়ববীয়া শিবিৰত উপস্থিত আছিল৷ জাকিৰ হুছেইনে অভিযোগ কৰে যে মঞ্চ ভৱনৰ কাষতে থকা তেওঁৰ নিজা ভূমিৰ চৌহদত মহৰমৰ পতাকা লগাই থোৱা আছিল আৰু শিবিৰৰ কোনো লোকে তেনে পতাকা ফালি পেলায়৷ ইফালে বলেন বৈশ্যসহ বৌদ্ধিক শিবিৰৰ একাংশই শিবিৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা আৰু শিবিৰত জাকিৰ হুছেইনৰ আত্মীয়ই আক্ৰমণ কৰিবলৈ অহা বুলি অভিযোগ উত্থাপন কৰি জাকিৰ হুছেইনৰ লগতে তেওঁৰ কেবাজন আত্মীয়ক শিবিৰৰ কৰ্মকৰ্তাসকলে আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত প্ৰায় এঘণ্টাৰ পিছত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কেন্দ্ৰীয় নেতা বলেন বৈশ্য, জনাৰ্দন গোস্বামী, সূৰ্য ভট্টাচাৰ্য, যুগ্মজ্যোতি দত্তসহ কেবাজনকো আটক কৰি থানালৈ লৈ যায়৷