Logo
image

‘ইণ্ডিয়া’ত নাই আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ নীতিশ কুমাৰ, শাৰদ পাৱাৰৰ দৰে নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিও যেন ‘ইণ্ডিয়া’ত স্থান নাপালে বদৰুদ্দিন আজমল আৰু তেওঁৰ দল এআইইউডিএফ৷ তেন্তে এতিয়া আজমলবাহিনী কাৰ সৈতে আছে বা ভৱিষ্যতে কাৰ সৈতে থাকিব? এক কথাত ক’বলৈ গ’লে ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী শিবিৰে যেন ইতিমধ্য প্ৰত্যাখ্যান কৰিছে আজমলবাহিনীক৷ বেংগালুৰুৰ পূৰ্বে বিহাৰত অনুষ্ঠিত বিৰোধী শিবিৰৰ বৈঠকলৈও আমন্ত্ৰণ জনোৱা হোৱা নাছিল এআইইউডিএফ দলক৷ অথচ নীতিশ কুমাৰৰ উদ্যোগত বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে বদৰুদ্দিন আজমলে উপযাচি গৈ উপস্থিত হৈছিল পাটনাত৷ সদলবলে নীতিশ কুমাৰক সাক্ষাৎ কৰি  এআইইউডিএফক বিৰোধী ঐক্যমঞ্চত স্থান দিবলৈ বিশেষভাৱে অনুৰোধ জনাইছিল৷ কেৱল নীতিশ কুমাৰে নহয়, আজমলবাহিনীয়ে শাৰদ পাৱাৰকো সাক্ষাৎ কৰিছিল একেটা অনুৰোধ লৈ৷ কিন্তু ইয়াৰ পাছতো বিহাৰত অনুষ্ঠিত বিৰোধী শিবিৰৰ প্ৰথমখন বৈঠকলৈ আমন্ত্ৰণ নাপালে আজমলৰ দলে৷ সেইসময়ত দলটোৰ বিধায়ক আমিনুল ইছলামে দাবী কৰিছিল যে পৰৱৰ্তীবৈঠকসমূহত এআইইউডিএফক আমন্ত্ৰণ জনোৱা হ’ব৷ কিন্তু বেংগালুৰুত অনুষ্ঠিত বিৰোধী শিবিৰৰ দ্বিতীয়খন সভালৈও অনিমন্ত্ৰিত হৈ থাকিল আজমলবাহিনী৷ ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছেও বদৰুদ্দিন আজমল আৰু এআইইউডিএফৰ সৈতে সকলো ধৰণৰ ৰাজনৈতিক সম্পৰ্ক ভংগ কৰিছে৷ কংগ্ৰেছ হাইকামাণ্ডে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তক অনুমতি দিয়া বুলি ৰাজীৱ ভৱনে স্পষ্টভাৱে দাবী কৰিছে৷ আজমলবাহিনীয়ে নীতিশ কুমাৰ, শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছিল যে কংগ্ৰেছৰ দ্বাৰা প্ৰত্যাশিত হোৱাৰ পাছত এতিয়া আজমলে পিছদুৱাৰেদি গৈ বিৰোধী শিবিৰত সোমাব বিচাৰিছে৷ উল্লেখ্য, বেংগালুৰুত দুদিনীয়াকৈ অনুষ্ঠিত বৈঠকত দেশৰ ২৬টা বিৰোধী ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছিল৷ এই ২৬টা দলৰ ভিতৰত বহু সৰু সৰু আঞ্চলিক দলো আছে৷ আনকি ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ দৰে দলো আমন্ত্ৰিত হৈছিল বৈঠকলৈ৷ পাটনা বৈঠকত অনিমন্ত্ৰিত হোৱাৰ আত্মপক্ষ সমৰ্থন কৰি স্বয়ং বদৰুদ্দিন আজমলে কৈছিল– আমাৰ দলৰ মাত্ৰ এজনহে সাংসদ আছে৷ পাটনাত ডাঙৰ ডাঙৰ দলবিলাক যাৰ বহুত সাংসদ আছে, যি আগতে মুখ্যমন্ত্ৰী আছিল, তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিল৷ কিন্তু এই যুক্তি যে অহেতুক আছিল সেয়া বেংগালুৰুৰ বৈঠকে প্ৰমাণ কৰি দিলে৷ কাৰণ এই বৈঠকলৈ কম সাংসদ থকা ৰাজনৈতিক দলকো আমন্ত্ৰণ জনোৱা হৈছিল৷ তেন্তে সঁচাকৈয়ে আজমলবাহিনী এতিয়া বিৰোধী শিবিৰৰ দ্বাৰা এলাগী হ’ল নেকি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত৷ নে বিৰোধী শিবিৰে আস্থাত ল’ব বিচৰা নাই আজমলবাহিনীক৷ উল্লেখ্য, কংগ্ৰেছৰ দ্বাৰা প্ৰত্যাশিত হোৱা বদৰুদ্দিন আজমল বা তেওঁৰ দল এআইইউডিএফৰ একাংশ বিধায়কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা ইতিমধ্যে অৱগত হৈছে ‘ইণ্ডিয়া’ৰ সূত্ৰধাৰসকলে৷ সুযোগ-সুবিধা পালেই বদৰুদ্দিন আজমলে হওঁক বা তেওঁৰ বিধায়ক ভাতৃ ছিৰাজুদ্দিন আজমলে হওঁক, মুখ্যমন্ত্ৰী ড॰ শৰ্মাক মুকলি প্ৰশংসা কৰি আহিছে৷ বৰ্তমান প্ৰদেশ কংগ্ৰেছৰে অতি তিক্ততাপূৰ্ণ সমৰ্থন চলি থকা আজমল আৰু তেওঁৰ দলক বিজেপিৰ ‘বি টীম’ বুলি অভিহিত কৰি আহিছে ৰাজীৱ ভৱনে৷ লক্ষণীয়ভাৱে ‘ইণ্ডিয়া’ৰ বৈঠকলৈ অনিমন্ত্ৰিত হৈ থকা বা ২৬টা বিৰোধী দলৰ তালিকাত এআইইউডিএফে স্থান লাভ নকৰা সন্দৰ্ভত বুধবাৰে যুক্তি প্ৰদৰ্শন কৰি দলটোৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয়– ২০২৪ চনৰ নিৰ্বাচনত অসমৰ পৰা ৩ সাংসদ জয়ী কৰাই আজমলে দিল্লীলৈ গৈ ‘ইণ্ডিয়া’ শক্তিশালী কৰিব৷ ভূপেন বৰাই খালী হাতে গৈ পিছৰ শাৰীত বহি থাকিব লাগিব৷ ‘ইণ্ডিয়া’ গঠনত আমি ভালে পাইছোঁ৷ নিৰ্বাচনত প্ৰতিটো আঞ্চলিক দলৰ নিজৰ নিজৰ পৃথক ৰাজনৈতিক কৌশল থাকিব৷ সময়ত যি কৰিব লাগে আমি কৰিম৷ আমি দিল্লীত ইউপিএক সমৰ্থন কৰিছিলোঁ৷ সেই ইউপিএ এতিয়া ‘ইণ্ডিয়া’ হৈছে৷ আমি দিল্লীত ‘ইণ্ডিয়া’ক সমৰ্থন কৰিম৷ আমাৰ যুঁজ ভূপেন বৰাৰ লগত৷ ৰাহুল গান্ধীৰ লগত নহয়৷’ আজমলৰ দলৰ বিধায়কে এনেদৰে আত্মসন্তুষ্টি লাভ কৰিলেও আশা পালি পালি শেষপৰ্যন্ত কিন্তু বেংগালুৰুৰ বৈঠকলৈ আমন্ত্ৰণে নাপালে আজমলবাহিনীয়ে৷ এই সন্দৰ্ভত কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– ‘মুখ্যমন্ত্ৰীৰ কৃপাত থাকিলে তেওঁলোক এনডিএত সোমাব পাৰিব৷ পোনপটীয়াকৈ নোসোমালেও ছদ্মবেশৰে এনডিএত সোমাব পাৰিব৷’ তেন্তে বিজেপিৰে গোপন মিত্ৰতা থকা বুলি আজমল আৰু তেওঁৰ দলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যি অভিযোগ উত্থাপিত হৈ আহিছে তাৰ বাবেই ‘ইণ্ডিয়া’ত স্থান নাপালে নেকি এআইইউডিএফ দলে৷