Logo
image

এইবাৰ সূৰ্য অভিযানৰ প্ৰস্তুতি ভাৰতৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুলাইঃ চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ পাছত এতিয়া সফল অৱতৰণৰ বাবে অপেক্ষা কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই [ইছৰো]৷ এনে সময়তে সূৰ্য অভিযানৰ বাবে প্ৰস্তুতি চলাইছে   ইছৰোৰ বিজ্ঞানীসকলে৷ সকলো ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ ২৬ আগষ্টত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ইছৰোৰ সূৰ্য অভিযান৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে এই অভিযানৰ নাম ৰাখিছে ‘আদিত্য এল-১’৷ উল্লেখ্য, হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস মতে সূৰ্য দেৱতাৰ আন এটা নাম আদিত্য৷ ইছৰোৰ তৰফৰ পৰা কোৱা হৈছে যে সূৰ্য অভিযানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধান হাথিয়াৰ হ’ব ‘পিএছএলভি’৷ ইছৰোৰ তৰফৰ পৰা কোৱা হৈছে যে ভাৰতৰ প্ৰস্তাৱিত সূৰ্য অভিযানৰ প্ৰধান উদ্দেশ্য হৈছে সৌৰজগতৰ বিষয়ে অনুসন্ধান৷ সেই উদ্দেশ্যে ‘আদিত্য এল-১’ক এল-ৰ কক্ষপথত অৱস্থান কৰোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এই কক্ষপথৰ পৰা সূৰ্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ তুলনামূলকভাৱে সহজ হ’ব বুলি অনুমান কৰা হৈছে৷ ভাৰতৰ সূৰ্য অভিযান সফল হ’লে পৃথিৱীৰ ওপৰত সূৰ্যৰ প্ৰভাৱ সম্পৰ্কে নতুন নতুন তথ্য আৱিষ্কাৰ কৰিব পৰা যাব বুলি ইছৰোৰ বিজ্ঞানী মহল আশাবাদী৷