Logo
image

অশান্ত মণিপুৰত যুৱতীক বিবস্ত্ৰা কৰা হ'লঃ মোদীৰ মৌনতা ভংগ হ'ল

ডিজিটেল ডেস্কঃ মোদীৰ মৌনতা ভংগ হ'ল৷ অৱশেষত মণিপুৰক লৈ মুখ খুলিলে দেশৰ প্ৰধানমন্ত্ৰী তথা বিশ্বগুৰু নৰেন্দ্ৰ মোদীয়ে৷ অতদিনে অশান্ত মণিপুৰক লৈ হঠাৎ মোদীৰ মৌনতা ভংগ হোৱাৰ কাৰণো আছে৷ কিয়নো মণিপুৰত মানৱ সমাজক লজ্জানত কৰা ঘটনাই সকলো সীমা অতিক্ৰম কৰিছে৷ যাৰ বাবে মণিপুৰক লৈ মৌনতা ভংগ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ 

শাসনাধিস্থ বিজেপি চৰকাৰৰ শ্লোগানসমূহৰ ভিতৰত অন্যতম দুটা শ্লোগান আছিল 'আচ্ছে দিন' আৰু 'বেটী বচাও, বেটী পঢ়াও'৷ কিন্তু এতিয়া এই শ্লোগানসমূহৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ উদ্ভৱ হৈছে দেশত৷ বিজেপি চৰকাৰে দেশবাসীক দিয়া আচ্ছে দিনতে দেশত নাৰী সুৰক্ষিত নোহোৱা হৈছে৷ শেহতীয়াকৈ অশান্ত মণিপুৰত সংঘটিত হোৱা এটা ভয়ানক ঘটনাই তাৰেই প্ৰমাণ কৰিছে৷ 

অশান্ত মণিপুৰৰ পৰা সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে৷ ভাইৰেল ভিডিঅ'ই লজ্জানত কৰিছে দেশবাসীক৷ ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে দুগৰাকী যুৱতীক নগ্ন কৰি দলবদ্ধ বলাৎকাৰ কৰিলে এদল লোকে৷ নগ্ন যুৱতীক লগত লৈ বাহিৰ কৰা হৈছে সমদল৷ ঘটনাটো ৪ মে'ত ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগত কাংপোকপি জিলাত সংঘটিত হৈছিল৷ এই ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে৷ 

মণিপুৰ কিয় অশান্ত হৈ আছে সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই৷ বিগত প্ৰায় দুমাহৰো অধিক সময় ধৰি অশান্ত হৈ আছে চুবুৰীয়া ৰাজ্যখন৷ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত৷ অশান্ত মণিপুৰক শান্ত কৰাত ব্যৰ্থ হৈ চৰকাৰ৷ প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈও প্ৰশ্ন উঠিছিল৷ দেশৰ কোনো এখন ৰাজ্যত এনে ভয়ংকৰ পৰিস্থিতিৰ সময়তো প্ৰধানমন্ত্ৰীগৰাকী কিয় মৌন হৈ আছে? নে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হোৱাৰ কাৰণে কেন্দ্ৰই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই? ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰধানমন্ত্ৰীয়ে কিয় অশান্ত মণিপুৰক শান্ত কৰিব পৰা নাই? এনে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছিল মোদীৰ মৌনতাক লৈ৷

এতিয়া মণিপুৰক লৈ মোদীয়ে মুখ খুলিলে৷ যুৱতীক নগ্ন কৰি নিৰ্যাতন চলোৱা ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে কয়, "মণিপুৰত সংঘটিত হোৱা ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে৷ পাপ কৰা, অপৰাধ কৰাসকলে সমগ্ৰ দেশবাসীক লজ্জিত কৰিছে৷ ১৪০ কোটি ভাৰতীয় লজ্জিত হ'বলগা হৈছে৷ মই প্ৰতিজন মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে তেওঁলোকে ৰাজ্যত আইন ব্যৱস্থাক উন্নত কৰক, যাতে প্ৰতিগৰাকী নাৰীক সুৰক্ষা দিব পৰা যায়৷ প্ৰতিগৰাকী নাৰীক সুৰক্ষা দিবৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'ব লাগিব, সেই ঘটনা লাগিলে ৰাজস্থানৰেই হওক বা ছত্তীশগড়ৰেই হওক বা মণিপুৰৰ হওক৷ দেশৰ যিকোনো ৰাজ্য চৰকাৰে ৰাজনৈতিক বাদ-বিবাদ পৰিহাৰ কৰি কাম কৰিব লাগিব৷" লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে মই মণিপুৰবাসীৰ বিশ্বাস দিছোঁ যে কোনো দোষীক ৰেহাই দিয়া নহ'ব৷ আইনে এটাৰ পিছত আনটো পদক্ষেপ ল'ব আৰু মণিপুৰৰ যুৱতীৰ লগত যি ঘটনা সংঘটিত হ'ল, তেনে অপৰাধ কেতিয়াও ক্ষমা কৰা নহ'ব৷

ইফালে মণিপুৰৰ ঘটনাক লৈ ক্ষুণ্ণ হৈছে উচ্চতম ন্যায়ালয়৷ ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চৰকাৰ চূড়ান্ত সতৰ্কবাণী দি কৈছে  যে মণিপুৰৰ ঘটনাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ সময় দিয়া হ'ব৷ যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি ব্যৱস্থা গ্ৰহণ কৰিম৷ 

মণিপুৰত এই নাৰকীয় ঘটনাৰ পিছত প্ৰতিবাদৰ সৃষ্টি হৈছে৷ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থান প্ৰতিবাদ আৰম্ভ হৈছে। চুৰাচান্দপুৰত হাজাৰ হাজাৰ মানুহ ক'লা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত শ্ল'গান দিছে।

ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া দি মুখ্যমন্ত্ৰী বীৰেন সিঙে টুইটত কয়, "সেই দুগৰাকী মহিমাক লৈ মই দুঃখিত। তেওঁলোকৰ সৈতে এক অতি অপমানজনক আৰু অমানৱীয় কাৰ্য কৰা হৈছিল৷ ঘটনাৰ তদন্ত চলি আছে৷ ভুক্তভোগীক ন্যায়ৰ বাবে তদন্তত কোনো ধৰণৰ  গাফিলতি ৰখা নহ'ব।"

মণিপুৰৰ ঘটনাক লৈ এইপৰ্যন্ত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ঘটনাৰ এজন অভিযুক্তক হিৰোদাস মেইটেই হিচাপে চিনাক্ত কৰা হৈছে, যি নীলা টি-চাৰ্ট পৰিধান কৰি এগৰাকী যুৱতীক টানি নিয়া দেখিবলৈ পোৱা গৈছে৷ হয়তো অভিযুক্তৰ তালিকা দীঘলীয়া হ'ব৷ আৰক্ষীৰ জালত পৰিব ইজনৰ পিছত সিজন অভিযুক্ত৷

এতিয়া প্ৰশ্ন হ'ল কেতিয়া শান্তি ঘূৰি আহিব মণিপুৰলৈ৷ মণিপুৰত শান্তি ঘূৰাই আনিবলৈ সক্ষম হ'বনে চৰকাৰ৷ দিল্লীয়ে মণিপুৰক শান্ত কৰাত গুৰুত্ব দিব লাগিব৷ নহ'লে মণিপুৰত জ্বলা জুই সমগ্ৰ দেশলৈ বিয়পি পৰিব৷