Logo
image

মণিপুৰৰ বাবে মোদীৰ ৩৬ ছেকেণ্ড

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জুলাইঃ মণিপুৰৰ ৰক্তক্ষয়ী সংঘৰ্ষ আৰম্ভ হোৱাৰ ৭৭সংখ্যক দিনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ গোষ্ঠীসংঘৰ্ষক লৈ মৌনতা ভংগ কৰিলে৷ প্ৰথমে কৰ্ণাটকৰ নিৰ্বাচন, তাৰ পাছতে নতুন সংসদ ভৱনৰ উদ্বোধন, মাজতে আমেৰিকা, মিছৰ ভ্ৰমণ আৰু অলপতে পুনৰ ফ্ৰান্স তথা সংযুক্ত আৰব আমিশ্বাহী ভ্ৰমণক লৈ অত্যন্ত ব্যস্ত আছিল দেশৰ প্ৰধানমন্ত্ৰী৷ ইয়াৰ উপৰি সৰ্বদা দেশৰ উন্নয়নমূলক কামৰ ব্যস্ততা আছিল এৰিব নোৱাৰা৷ এনে সময়ত বুধবাৰে পলমকৈ দেশৰ বিভিন্ন সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিল মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ সময়ত তিনিগৰাকী মহিলাক  এদল বৰ্বৰ, উন্মত্ত লোকে বিবস্ত্ৰা কৰি শোভাযাত্ৰা কৰোৱাৰ ভিডিঅ’, য’ৰ ২১ বছৰীয়া যুৱতীগৰাকীক উন্মত্ত দলটোৰ একাংশই দলবদ্ধ ধৰ্ষণো কৰিছিল৷ সেই ঘটনাৰ ভিডিঅ’ দেখি দেশৰ উচ্ছতম ন্যায়ালয় ক্ষুব্ধ হৈ পৰিল আৰু স্বতঃপ্ৰণোদিত গোচৰ গ্ৰহণ কৰি মোদী চৰকাৰক অনতিবিলম্বে পৈশাচিক ঘটনাটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে৷ অন্যথা এই ঘটনাৰ ক্ষেত্ৰত সৰ্বোচ্ছ আদালতে নিজাববীয়াকৈ ব্যৱস্থা ল’ব বুলিও মোদী চৰকাৰক সকীয়নি দিলে৷ সৰ্বোচ্ছ আদালতৰ এই ধমকৰ পাছতেই মণিপুৰৰ সংঘৰ্ষৰ ৭৭সংখ্যক দিনত মুখ খোল খালে মোদীৰ৷

মণিপুৰৰ এই নাৰী নিৰ্যাতনৰ ঘটনাটোত তেওঁ নিজে ক্ৰোধিত আৰু ব্যথিত হোৱা বুলি কোৱাৰ লগতে দেশৰ ১৪০ কোটি নাগৰিক লজ্জিত বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মোদীয়ে এই বক্তব্য ৰাখিলে সংসদৰ বাহিৰত, আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত নহয়৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পাশবিক ঘটনা সন্দৰ্ভত আগবঢ়োৱা বক্তব্যৰ মাজত মণিপুৰ সন্দৰ্ভত কথা ক’লে মাথোঁ ৩৬ ছেকেণ্ড৷ তেওঁৰ সম্পূৰ্ণ বক্তব্য আছিল ৮ মিনিট ২৫ ছেকেণ্ডৰ৷ সেই বক্তব্যত তেওঁ বিভিন্ন কথা কোৱাৰ লগতে অনাহকভাৱে কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থান আৰু ছত্তীশগড়ৰ নামো টানি আনিলে৷ কংগ্ৰেছ দল আৰু অনেকেই সেয়া প্ৰধানমন্ত্ৰী পৰ্যায়ৰ পদমৰ্যাদাৰ বাবে মৰ্যাদাহানিকৰ বক্তব্য আৰু তেনেই নিম্নস্তৰৰ ৰাজনীতি বুলি মন্তব্য কৰিছে৷ তদুপৰি দীৰ্ঘ ৮ মিনিট ২৫ ছেকেণ্ডৰ বক্তব্যৰ মাজত মণিপুৰৰ বাবে কেৱল ৩৬ ছেকেণ্ড দিয়াটোত অনেকেই আশ্চৰ্য প্ৰকাশ কৰিছে৷

সংসদৰ বাহিৰত মোদীয়ে ক’লে–‘মণিপুৰৰ যিটো ঘটনা পোহৰলৈ আহিছে, সেয়া সভ্য সমাজৰ বাবে লজ্জাজনক বিষয়৷ এই ঘটনাত মই ব্যথিত আৰু ক্ৰোধিত৷ দেশৰ ১৪০ কোটি নাগৰিক এই ঘটনাত লজ্জিত৷ মই দেশৰ সকলো মুখ্যমন্ত্ৰীক এনে অপৰাধৰ ক্ষেত্ৰত কঠোৰতম পদক্ষেপ ল’বলৈ আহ৩ান জনাইছো, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত সংঘটিত অপৰাধৰ ক্ষেত্ৰত৷ এনে ঘটনা ৰাজস্থানতো হ’ব পাৰে, ছত্তীশগড়তো হ’ব পাৰে বা মণিপুৰত, কিন্তু অপৰাধী দেশৰ কোনো কোণৰ পৰাই সাৰি যাব নোৱাৰিব৷ মই দেশবাসীক আশ্বস্ত কৰি কওঁ, অপৰাধীক ৰেহাই দিয়া নহ’ব৷ মণিপুৰৰ জীয়ৰীৰ ক্ষেত্ৰত সংঘটিত ঘটনাৰ দোষীক ক্ষমা কৰা নহ’ব৷’