Logo
image

গুৰুত্বপূৰ্ণ ফাইল লৈ অন্তৰ্ধান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ২১ জুলাইঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক শীঘ্ৰে অপসাৰণৰ দাবীত আজি দ্বিতীয় দিনলৈ উত্তাল হৈ পৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ৷ প্ৰকাশ যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত একচ্ছত্ৰী শাসন চলোৱাৰ লগতে বিভিন্ন বিত্তীয় খেলিমেলি কৰি উচ্ছ শিক্ষানুষ্ঠানটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত শীঘ্ৰে উপাচাৰ্য গৰাকীক অপসাৰণ কৰাৰ দাবীত ছাত্ৰ সংগঠন এবছু আৰু বড়ো সাহিত্য সভাসহ কেইবাটাও বড়ো জাতীয় সংগঠনে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত পুৱাই কেইবাটাও  গুৰুত্বপূৰ্ণ ফাইল লৈ উপাচাৰ্য সিঙে কোনো ধৰণৰ লিখিত কাৰণ অৱগত নকৰাকৈ অন্তৰ্ধান হোৱাত উপাচাৰ্য গৰাকীৰ কাৰ্যালয় কোঠাত তলা লগায়৷ উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত ইতিপূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিগত বৰ্ষত বিশ্ববিদ্যালয়লৈ আহি নটাকৈ গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰি লৈ গৈছিল৷ পিছত তেওঁলোকে উপাচাৰ্য লাডু সিঙক গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল৷ কিন্তু উপাচাৰ্য সিঙে উচ্ছ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ নিজ মই-মতালিৰে পুনৰ আগৰ দৰেই কাম-চলাই গৈছিল৷ প্ৰকাশ যে ছাত্ৰ সংগঠন এবছুই বিগত সময়ছোৱাত উপাচাৰ্য গৰাকীৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁক অপসৰণৰ দাবী জনাই আহিছিল৷ পিছে চৰকাৰ তথা আচাৰ্য ই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁৰ অহংকাৰ ইমানেই বেছি হয় যে শত শত শ্বহীদৰ ত্যাগৰ বিনিময়ত লাভ কৰা বিশ্ববিদ্যালয়খনত শেহতীয়াকৈ ১২ গৰাকী কোড মেম্বাৰ মনোনীত কৰে যদিও তাত বড়োভূমিৰ এগৰাকীকো অন্তৰ্ভুক্ত কৰা নাছিল৷ তেনে ক্ষেত্ৰত এবছুই এয়া কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে কালি এবচুৰ জিলা সমিতিয়ে উপাচাৰ্য গৰাকীৰ অপসাৰণৰ দাবীত বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলাৰ পিছত আজি এবছুকে ধৰি কেইবাটাও সংগঠনে বিশ্ববিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ ইয়াৰ মাজতে পুৱা উপাচাৰ্য লাডু সিঙে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উমান পাই বিশ্ববিদ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল লৈ পলাই যোৱাৰ পিছত এবছুৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি তেওঁৰ কাৰ্যালয় কোঠাত তলা লগাই দিয়ে৷  প্ৰকাশ যে সংবাদ মাধ্যমৰ আগত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড॰ সুবুং বসুমতাৰীয়ে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই উপাচাৰ্যৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা কথাটো নাজানো বুলি সদৰি কৰি তেওঁ অসম চৰকাৰৰ অতিৰিক্ত সচিবৰ পৰা ১৮ জুলাইত পত্ৰ লাভ কৰাৰ পিছতহে কথাটো জানিব পাৰে বুলি কয়৷ তেওঁ লগতে উপাচাৰ্য গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ৰাজ্যপালৰ কাৰ্যালয়েহে ল’ব পাৰে বুলি সদৰি কৰি তেওঁ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে জ্ঞাত নহয় যদিও তেওঁলোকে বিচৰা ধৰণে সহায় কৰিছে বুলি কয়৷  আনহাতে তেওঁ ক’লৈ গৈছে, কিয় গৈছে এই বিষয়ে একো নাজানে বুলি কৈ পঞ্জীয়ক বসুমতাৰীয়ে আওপকীয়াকৈ বিশ্ববিদ্যালয়খনত কিছু অবৈধ নিযুক্তি হোৱা বুলিও স্বীকাৰ কৰে৷  তেওঁ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই মুঠ নটা ফাইল লৈ গৈছে আৰু আজিলৈ ওভোতাই দিয়া নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ উপাচাৰ্য গৰাকীপুৱা ৬- ৩০ বজাত ওলাই যোৱা সময়ত নিৰাপত্তা ৰক্ষীয়ে কেইটামান ফাইল লৈ যোৱা কথাটো জনোৱা বুলি উল্লেখ কৰে৷ আনহাতে এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি খৌৰৌমদাও ওৱাৰীয়ে উপাচাৰ্য লাডুসিং এগৰাকী অভিযুক্ত আৰু তেওঁ উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লৈ বিশ্ববিদ্যালয়ৰ কাম কাজ চলাই আছে বুলি সদৰি কৰি তেওঁৰ দৰে অভিযুক্ত দুৰ্নীতিপৰায়ণ ব্যক্তিৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ স্থানৰ পৰা শীঘ্ৰে অপসাৰিত কৰাৰ দাবী উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতকলৈ হেতালি খেলিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ ইফালে এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে এসপ্তাহৰ ভিতৰত দুৰ্নীতিৰ সৈতে নাম সাঙুৰ খাই পৰা উপাচাৰ্চ সিঙক বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ স্থানত আন এগৰাকী সৎ ব্যক্তিৰ নিযুক্তি দিবলৈ আচাৰ্য তথা ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ আহ৩ান জনাইছে৷ অন্যথা এবছুই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে৷