Logo
image

সাফল্যৰ দিশে আৰু এঢাপ অগ্ৰগতি চন্দ্ৰযান-৩ৰ

নতুন দিল্লী, ২১ জুলাইঃ গন্তব্যস্থলীৰ পথত পুনৰ এঢাপ সফলতাৰে আগবাঢ়িলে ভাৰতে নিৰ্মাণ কৰা চন্দ্ৰযান-৩য়ে৷ সেই অনুসৰি ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰলৈ যোৱাৰ পথত এটাৰ পাছত আনটো কক্ষপথ অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছে৷ মঙলবাৰে তৃতীয়টো কক্ষপথ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰাৰ পাছত আজি চন্দ্ৰযানে চতুৰ্থটো কক্ষপথ সফলতাৰে পাৰ হয়৷ ইয়াৰ লগে লগে চন্দ্ৰ অভিমুখে যাত্ৰা কৰা চন্দ্ৰযানে সাফল্যৰ আৰু এটা ঢাপ  আগবাঢ়ে৷ ইছৰ’ৰ তৰফৰ পৰা সদৰি কৰা মতে চন্দ্ৰযান-৩য়ে মহাকাশত এতিয়া নিৰ্বিঘ্নে ঘূৰি আছে৷ অহা ২৫ জুলাই মঙলবাৰে  দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত চন্দ্ৰযান-৩য়ে পুনৰ কক্ষপথ পৰিৱৰ্তন কৰিব৷