Logo
image

তাজমহল পালেহি যমুনাৰ বাঢ়নী পানী

আগ্ৰা, ২০ জুলাইঃ ৪৫ বছৰৰ পাছত পুনৰ তাজমহল পালেহি যমুনা নদীৰ পানী৷ বৃহস্পতিবাৰে যমুনাৰ পানী আহি তাজমহল চৌহদৰ প্ৰাচীৰ স্পৰ্শ কৰে৷ জানিব পৰা মতে ইয়াৰ পূৰ্বে ১৯৭৮ চনত একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল তাজমহল৷ উল্লেখ্য যে শেহতীয়াকৈ দিল্লীত যমুনা নদীয়ে বান পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত কেইবাঠাইতো জনজীৱন বিপৰ্যস্তও হৈ পৰিছে৷ ইয়াৰ মাজতে নৈখনৰ বাঢ়নী পানী আহি তাজমহলৰ প্ৰাচীৰ স্পৰ্শ কৰাত স্বাভাৱিকতে পৰ্যটকসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে৷