Logo
image

নগাঁৱত ৫ কোটি টকাৰ ড্ৰাগছ জব্দঃ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, নগাঁওঃ আৰক্ষীৰ নিৰন্তৰ অভিযান স্বত্ত্বেও নগাঁৱত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়। বিগত সময়ত নগাঁও জিলাত বহু লোকক আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে যদিও বন্ধ হোৱা নাই ড্ৰাগছ সৰবৰাহ। নগাঁৱত পুনৰ জব্দ হ'ল বৃহৎ পৰিমাণৰ হেৰ'ইন। 

এইবাৰ নগাঁও চহৰৰ মাজ মজিয়াত উদ্ধাৰ হ'ল হেৰ'ইন। শুকুৰবাৰে পুৱা আৰক্ষীয়ে নগাঁও চহৰৰ খ্ৰীষ্টান পট্টিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত চলোৱা এই অভিযানৰ সময়ত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ নাম- নিজামুদ্দিন, ছানু শ্বেখ আৰু গুলজাৰ হুছেইন। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা  ৬০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২ কিলো ৪০০ গ্ৰাম। ইয়াৰ মূল্য  ৫ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষী সুত্ৰই জনোৱা মতে, ভিমাপুৰৰ পৰা নগাঁৱলৈ এই ড্ৰাগছ খিনি সৰবৰাহ কৰা হৈছিল। ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ ছানু শ্বেইখে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। ধৃত গুলজাৰ হুছেইনৰ ঘৰ ডবকাত আৰু নিজামউদ্দিনৰ ঘৰ নগাঁৱৰ ধিঙত। আৰক্ষীয়ে অধিক তথ্য বাবে ধৃত সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।