Logo
image

সম্পূৰ্ণৰূপে বন্ধ হ’ব নামৰূপ সাৰ কাৰখানা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২২ জুলাইঃ সম্পূৰ্ণৰূপে বন্ধ হ’ব নামৰূপ সাৰ কাৰখানা৷ নিটি আয়োগৰ পৰামৰ্শমৰ্মে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শুকুৰবাৰে লোকসভাৰ প্ৰশ্নোত্তৰকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত এই কথা স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই৷ মন্ত্ৰী খুবাই প্ৰকাশ কৰা মতে, ২০২২ চনৰ ১২ আগষ্টত তদানীন্তন চি ই অ’ পৰমেশ্বৰন আয়াৰৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ কমিটীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল৷ পিছে ৰহস্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে এই কথা ইমান দিন গাপ দি ৰাখিছিল৷ অৱশেষত শুকুৰবাৰে সদনৰ প্ৰশ্নোত্তৰ কালত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী খুবাই নিটি আয়োগৰ পৰামৰ্শমৰ্মে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ কথা ৰাজহুৱা কৰিবলৈ বাধ্য হয়৷ বিভাগীয় ৰাজ্যমন্ত্ৰীজনে প্ৰদান কৰা এটা লিখিত বিবৃতিত এই কথাও লগতে জনাই দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অধীনত গ্ৰহণ কৰা নব্য ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিত সাৰ উদ্যোগক ‘নন-ষ্ট্ৰেটেজিক’ খণ্ড হিচাপে গ্ৰহণ কৰা হৈছে৷ তথা ‘নন-ষ্ট্ৰেটেজিক’ খণ্ডত চিহ্নিত হোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগতকৰণ কিম্বা বন্ধ কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে৷ পিছে মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাৰ ব্যক্তিগতকৰণ যে মুঠেই সম্ভৱ নহয়, সেই কথা অনুধাৱন কৰি নিটি আয়োগৰ পৰামৰ্শমৰ্মে কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাটো চিৰস্থায়ীৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে প্ৰথমতে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোটটো পুনৰুজ্জীৱিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াৰ পাছত কেন্দ্ৰত মোদী নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ ঠিক পাছতেই নামৰূপ সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপন কৰা হ’ব বুলি ২০১৫ চনৰ ২১ মে’ত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা বিবৃতিযোগে প্ৰকাশ কৰিছিল৷ ইয়াৰ পিছতো নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰৰ মোদী চৰকাৰে ইমানদিন যে আভুৱা ভাৰি আছিল সেই কথা আজি মন্ত্ৰী খুবাৰ বিবৃতিত স্পষ্ট হৈ পৰিল তথা নগাওঁ আৰু কাছাৰ কাগজ কলৰ দৰেই মৃত্যুক সাৱটি ল’বলৈ সাজু হৈ উঠিল নামৰূপ সাৰ কাৰখানা৷