Logo
image

অভিযোগ পায়ো মৌন হৈ আছিল ৰাষ্ট্ৰীয় মহিলা আয়োগ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ জুলাইঃ দেশৰ মহিলাৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় মহিলা আয়োগে যোৱা ১২ জুনতে জানিছিল মণিপুৰত তিনিগৰাকী মহিলাক বিবস্ত্ৰা কৰি শোভাযাত্ৰা কৰা আৰু তাৰে কমবয়সীয়া যুৱতীগৰাকীক মুকলি স্থানত দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ ঘটনা৷ পিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ হাতৰ মুঠিত সোমাই থকা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই এই ভয়ংকৰ ঘটনা গাপ দি লুকুৱাই ৰাখিছিল৷ ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই এই পাশৱিক ঘটনাৰ অভিযোগ পায়ো তাৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল৷ মোদী চৰকাৰৰ নিয়ন্ত্ৰণত থাকি মহিলাৰ সুৰক্ষাৰ পৰিৱৰ্তে নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত অহৰহ চিন্তিত হৈ থকা ৰেখা শৰ্মা আৰু  ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এই কাৰ্যত তেওঁলোকৰ বিৰুদ্ধে সমগ্ৰ দেশত ধিক্কাৰ ধবনি উঠিছে৷ ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ভয়াৱহ ঘটনাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক ইমানদিনে জনোৱা নাছিল বুলি কোনেও বিশ্বাস কৰিব পৰা নাই৷ যোৱা বুধবাৰে সেই ঘটনাৰ এটা ভিডিঅ’ দেশজুৰি ভাইৰেল হোৱাৰ পাছত আৰু তাৰ পিছদিনা উচ্ছতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ধমকি দিয়াৰ পাছতহে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ সেই ঘটনাক লৈ ৩৬ ছেকেণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ ঘটনা যি নিয়ন্ত্ৰণ কৰি আছে, সেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু তেওঁৰ মন্ত্ৰীসভাৰ কোনো এজন মন্ত্ৰীয়ে এই পৰ্যন্ত মণিপুৰৰ পাশৱিক ঘটনাটোৰ ক্ষেত্ৰত ন্য়ূনতম প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাই৷ এই পৰ্যন্ত কেৱল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে এই ঘটনা সন্দৰ্ভত টেলিফোনত বাৰ্তালাপ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ বিভিন্ন স্তৰৰ ব্যক্তিয়ে, আনকি মোদী চৰকাৰৰ প্ৰিয় অভিনেতা অক্ষয় কুমাৰ, এতিয়া অসুস্থ হৈ থকা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীৰ শাস্তি বিচাৰিলেও মোদী চৰকাৰৰ মন্ত্ৰীগণে কাৰ ভয়ত মুখ বন্ধ কৰি আছে সেই প্ৰশ্ন উঠিছে দেশৰ সৰ্বত্ৰ৷ 

এনে পৰিস্থিতিৰ মাজত মহিলাৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ভয়ংকৰ কাণ্ডই দেশবাসীক আচৰিত কৰি তুলিছে৷ উল্লেখ্য, মণিপুৰত তিনিগৰাকী মহিলাক ৰাজহুৱাকৈ বস্ত্ৰহৰণ  কৰি তাৰে এগৰাকী যুৱতীক মুকলি স্থানত দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা ঘটিছিল যোৱা চ্ছ্ৰ মে’ত৷ সেই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগক বিস্তৃতভাৱে জনাই অভিযোগ দাখিল কৰিছিল ১২ জুনত৷ মণিপুৰ ট্ৰাইবেল এছ’চিয়েশ্বনৰ মুখ্য কাৰ্যালয়ৰ পৰা এই ঘটনাটোৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ দি, কেনেদৰে তিনিগৰাকী মহিলাক বিবস্ত্ৰ কৰা হৈছিল, কেনেদৰে তাৰে ২১ বছৰীয়া যুৱতীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল, কেনেদৰে ধৰ্ষিতা যুৱতীগৰাকীৰ পিতৃ আৰু ভ্ৰাতৃক লোকচক্ষুৰ সন্মুখত হত্যা কৰা হৈছিল আৰু মণিপুৰৰ কোনখন জিলাৰ কোন থানাৰ অন্তৰ্গত কি গাঁৱত এই ঘটনা সংঘটিত হৈছিলসেই সকলো তথ্য জনাই ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত বিহিত ব্যৱস্থা ল’বলৈ আবেদন জনাইছিল৷ কিন্তু ৰাষ্ট্ৰীয় মহিলা আয়োগে অভিযোগকাৰী মণিপুৰ ট্ৰাইবেল এছ’চিয়েশ্বনক এই ঘটনা সংক্ৰান্তত তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া নজনালে আৰু তেওঁলোকে কি পদক্ষেপ লৈছে, যোৱা ডেৰমাহে তাকো নজনালে৷ 

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই তেওঁযে ১২ জুনতে এই ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰিছিল সেই কথা স্বীকাৰ কৰিছে৷ ‘ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদনত আয়োগলৈ প্ৰেৰণ কৰা অভিযোগৰ প্ৰতিলিপিও প্ৰকাশ পাইছে৷ সেই অভিযোগত তিনিগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতন আৰু তেওঁলোকক নগ্ন কৰি শোভাযাত্ৰা কৰোৱাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা আছে৷ এতিয়া প্ৰায় শলঠেকত পৰা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই সেই অভিযোগ পোৱাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ তেওঁ আত্মপক্ষ সমৰ্থন কৰি কৈছে, এই অভিযোগ সন্দৰ্ভত তেওঁলোকে মণিপুৰ চৰকাৰৰ সৈতে আৰু চৰকাৰী বিষয়াৰ সৈতে যোগাযোগ কৰিছিল৷ পিছে তেওঁলোকে আয়োগক কোনো উত্তৰ নিদিলে৷ তদুপৰি ৰেখা শৰ্মাই দাবী কৰিছে, মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ সময়ত সংঘটিত বহু ভিডিঅ’ আৰু অভিযোগ তেওঁলোকৰ হাতত পৰিছিল৷ তাৰে কোনটো সত্য আৰু কোনটো অসত্য সেয়া বিচাৰ কৰাৰ উপায় তেওঁলোকৰ হাতত নাছিল৷ উল্লেখ্য নৰেন্দ্ৰ মোদী চৰকাৰে নিযুক্তি দিয়া ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মা সম্পূৰ্ণৰূপে মোদী চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি ব্যাপক অভিযোগ আছে৷ মহিলাৰ সুৰক্ষাৰ বাবে গঠিত এই আয়োগৰ মুৰব্বী হৈয়ো ৰেখা শৰ্মাই মোদী চৰকাৰৰ আঙুলিৰ ইংগিততহে চলে বুলিও অভিযোগ আছে৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মণিপুৰৰ এই ঘটনাৰ ক্ষেত্ৰত কৰা কাৰ্যকলাপ অতি ভয়ংকৰ হিচাপে বিবেচিত হৈছে৷ সকলো কথা জানিও ৰেখা শৰ্মাই কিয় এই ঘটনা প্ৰায় ডেৰমাহ ধৰি লুকুৱাই ৰাখিলে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে৷

মণিপুৰক লৈ দ্বিতীয় দিনাও উত্তাল সংসদঃ

২৬৭ নে ১৭৬? সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনা কোন ধাৰাত মণিপুৰৰ হিংসাক লৈ আলোচনা হ’ব তাক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত যুযুধান পৰিস্থিতিৰ সৃষ্টি হোৱাত পুনৰ একেৰাহে দ্বিতীয় দিনাৰ বাবে বন্ধ হৈ পৰিল সংসদৰ কাৰ্যক্ৰমণিকা৷ লোকসভা আৰু ৰাজ্যসভাৰ সকলো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাদ দি ২৬৭ ধাৰা প্ৰয়োগ কৰি মণিপুৰত তিনিগৰাকী মহিলাক বিবস্ত্ৰা কৰি শোভাযাত্ৰা কৰোৱা, এগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা আৰু সামগ্ৰিকভাৱে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ বিষয়ে  আলোচনা কৰাৰ দাবী তুলি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে দাবী জনাই জাননী দিছিল৷ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সেই দাবী নামানি ১৭৬ ধাৰাৰ অধীনত আলোচনা হোৱাৰ পোষকতা কৰে৷  উল্লেখ্য, ১৭৬ ধাৰাৰ অধীনত আপেক্ষিকভাৱে কম গুৰুত্বপূৰ্ণ বিষয়ত স্বল্পকালীনভাৱে সংসদত আলোচনা হয়৷ এনেক্ষেত্ৰত সংসদৰ সাধাৰণ কাৰ্যকলাপ বন্ধ কৰাৰ প্ৰয়োজন নাথাকে৷ কিন্তু বিৰোধী দলসমূহে ২৬৭ ধাৰাৰ অধীনত আন সকলো বিষয় বাদ দি কেৱল মণিপুৰক লৈ আলোচনাৰ দাবীত আঁকোৰগোজ হৈ থাকে৷ পিছে লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষৰ উপৰি চৰকাৰী পক্ষই বিৰোধীৰ সেই দাবী মানি নল’লে৷ ইয়াৰ ফলত বিৰোধী দলৰ সাংসদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু উভয় সদন দিনটোৰ বাবে স্থগিত ঘোষণা কৰা হয়৷