Logo
image

৫ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত ব্যয় ২৫৫ কোটি

নতুন দিল্লী, ২২ জুলাইঃ বিগত পাঁচ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ নামত কেন্দ্ৰীয় চৰকাৰে ২৫৪ কোটি ৮৭ লাখ এহেজাৰ ৩৭৩ টকা ব্যয় কৰিছে৷ বৃহস্পতিবাৰে বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে৷ অৱশ্যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কিমানবাৰ বিদেশ ভ্ৰমণলৈ গৈছে সেই বিষয়ে মন্ত্ৰীজনে উল্লেখৰ পৰা বিৰত থাকে৷ স্মৰ্তব্য যে যোৱা মে’ মাহত মোদীয়ে জাপান, পাপুৱা নিউগিনি আৰু অষ্টে˜লিয়া ভ্ৰমণলৈ গৈছিল৷ এই তিনিখন দেশ ভ্ৰমণৰ পাছতে মোদীয়ে যোৱা জুন মাহত পুনৰ আমেৰিকা ভ্ৰমণলৈ যায়৷ আমেৰিকাৰ পৰা উভতি অহাৰ পাছত তেওঁ ফ্ৰান্স আৰু আৰৱ ভ্ৰমণ কৰে৷ ইপিনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সূত্ৰে জানিব পৰা মতে নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰ শাসনলৈ অহাৰ পাছত ২০১৯ চনৰ মে’ মাহৰ পাছত মুঠ ২৩ বাৰ বিদেশ ভ্ৰমণ কৰে৷ অৱশ্যে মহামাৰী কৰ’নাৰ সময়ত মোদীয়ে ১৬ মাহ ধৰি বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকে৷