Logo
image

ডিজিপিৰ নিৰ্দেশে নিদ্ৰাহৰণ কৰিছে মেদবহুল আৰক্ষীৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২২ জুলাইঃ কষ্ট বাঢ়িছে পেটুৱা পুলিচৰ৷ ১৫ আগষ্টৰ ভিতৰত যেনেকৈ হওক কমাব লাগিব পেট৷ চাকৰি ৰক্ষাৰ বাবেই পুৱাই কঠোৰ শৰীৰ চৰ্চা কৰিব লগা হৈছে৷ পেটুৱা আৰক্ষীৰ ডিজিপিৰ কঠোৰ নিৰ্দেশৰ পিছতেই এতিয়া যেন নিদ্ৰাহৰণ হৈছে পেটুৱা আৰক্ষীৰ৷ ১৫ আগষ্ট যিমানেই ওচৰ চাপিছে সিমানেই চিন্তা বাঢ়িছে পেটুৱা আৰক্ষীৰ৷ যাৰ পৰিণতিত জিলাই জিলাই পুৱাই আৰক্ষীৰ একাংশ লোক কঠোৰ অনুশীলনত অৱতীৰ্ণ হৈছে৷ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুৱাৰ ভাগত মেদবহুলতা হ্ৰাস কৰিবলৈ কঠোৰ অনুশীলন চলি আছে৷  গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনৰ নেতৃত্বত চলি আছে কঠোৰ অনুশীলন৷ অসম আৰক্ষীক ভাৰতৰ এটা শীৰ্ষ পৰ্যায়ৰ বাহিনী হিচাপে গঢ় দিয়াটো আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ এটা মিছন বুলি উল্লেখ কৰি গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে কয় যে আৰক্ষী যেতিয়ালৈকে ফিট নাথাকে তেতিয়ালৈকে এই মিছন সফল নহয়৷ সেই কাৰণে আমি গোলাঘাটত নিয়মীয়া পিটি কৰি আছো বুলি উল্লেখ কৰি আৰক্ষী বিষয়াজনে কয় যে গোলাঘাট আৰক্ষীতো আছে কেইবাজনো পেটুৱা পুলিচ৷ কঠোৰ অনুশীলন কৰি পেটুৱা আৰক্ষীক ফিট কৰিব পৰা যাব বুলি আৰক্ষী বিষয়াজনে আশা প্ৰকাশ কৰিছে৷ এক কথাত ৰাজ্যৰ পেটুৱা পুলিচসকলে বাৰুকৈ সমস্যাত পৰিছে৷ চাকৰি বচোৱাৰ ভয়ত যেন এতিয়া উপায়হীন পেটুৱা আৰক্ষীসকল৷ তাতো আকৌ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙৰ চূড়ান্ত সময় সীমা ১৫ আগষ্ট সমাগত৷ ১৫ আগষ্টৰ ভিতৰত পেটুৱা আৰক্ষীসকলে মেদবহুলতা হ্ৰাস কৰিবলৈ কঠোৰ অনুশীলনত নামি পৰিছে৷ মূলতঃ পেটৰ তাড়নাত পেটুৱা আৰক্ষীসকলে চাকৰি বচাবলৈ কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীত চলিব এতিয়া পেটুৱা আৰক্ষী হাটাও অভিযান৷ পেট কমাব নোৱাৰিলে আৰক্ষীয়ে বাধ্যতামূলকভাৱে এৰিব লাগিব চাকৰি৷ এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অলপতে টুইটাৰৰ জৰিয়তে পুনৰ প্ৰকাশ কৰিছে৷ তেওঁ টুইটাৰত উল্লেখ কৰা অনুসৰি অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হঅব লাগিব৷ ইয়াৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বৃত্তিগত ভাৱে বডী মাছ ইনডেস্ক চমুকৈ বি এম আই পৰীক্ষা অনুষ্ঠিত কৰিব৷ এই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ অৱতীৰ্ণ হ’ব লাগিব৷ এই পৰীক্ষা অনুষ্ঠিত হ’ব আগষ্ট মাহত৷ তাৰ বাবে প্ৰস্তুতি চলাবলৈ অসম আৰক্ষীৰ লোকসকলে মাজত ৩ মাহ সময় পাব৷ ১৫ আগষ্টত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে নিজেই প্ৰথমে এই পৰীক্ষাৰ সন্মুখীন হ’ব৷ তাৰ পাছৰে পৰা পৰৱৰ্তী ১৫ দিনত সকলোৱে এই পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ শাৰীৰিক সক্ষমতাৰ প্ৰমাণ দাঙি ধৰিব লাগিব৷ এই পৰীক্ষাত যিসকল পেটুৱা আৰক্ষী বি এম আই ৩০ শাখাৰ অন্তৰ্ভুক্ত হ’ব তেওঁলোকে নিজৰ পেট কমাবলৈ পুনৰ অতিৰিক্ত ৩ মাহৰ সময় পাব৷ তাৰ পাছতো যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ’ব নোৱাৰে অথবা পেট কমাব নোৱাৰে তেওঁলোকে বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণ কৰিব লাগিব৷ যিসকল আৰক্ষীৰ চিকিৎসাজনিত কাৰণৰ বাবে পেট ওলাইছে তেওঁলোকক অৱশ্যে ইয়াৰ পৰা ৰেহাই দিয়া হ’ব বুলি ডিজিপিয়ে ঘোষণা কৰিছিল৷