Logo
image

কন্দলীত দুটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যুৰ ৰহস্য ফাদিল

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ কঠীয়াতলী বন বিভাগৰ অৰ্ন্তগত কন্দলী কুঁহিয়াতলীত দুই বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ একাংশ লোকে হাতীৰ জাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে একাংশই বজ্ৰপাতৰ ফলত হোৱা বুলি মন্তব্য কৰিছিল৷ কিন্তু মৰণোত্তৰ পৰীক্ষা আৰু বনবিভাগৰ দ্বাৰা হোৱা অনুসন্ধানৰ পাছত বন্যহস্তীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহে। বন বিভাগৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে লক্ষ্মণ মিৰ্ধা নামৰ এজন লোকে বনভূমি অবৈধ দখল কৰি খেতি কৰি আহিছিল আৰু বন্যহস্তীৰ উপদ্ৰৱৰ পৰা খেতিডৰা ৰক্ষা কৰিবৰ বাবে অবৈধভাৱে খেতিডৰাত তাঁৰ বান্ধি বিদ্যুৎ সংযোগ কৰিছিল। বন বিভাগে ননৈ পহৰা চকীত দিয়া এজাহাৰ ভিত্তিত ননৈ আৰক্ষীয়ে অভিযুক্ত লক্ষ্মণ মিৰ্ধাক আটক কৰি জে'ললৈ প্ৰেৰণ কৰে। ইতিমধ্যে বন বিভাগৰ লোকে ঘটনাস্থলীৰ পৰা অবৈধভাৱে স্থাপন কৰা বিদ্যুতৰ তাঁৰ জব্দ কৰিছে।