Logo
image

গুৱাহাটীত মণিপুৰ কাণ্ডক লৈ বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদঃ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্র বিশ্বজুৰি ধিক্কাৰ আৰু গৰিহণাৰে ওপচি পৰা মণিপুৰৰ কুকি 'মহিলা বিবস্ত্ৰা কাণ্ড'ৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ লগতে ৰাজ্যতো প্ৰতিবাদ অব্যাহত আছে। সমগ্ৰ ৰাজ্যত শনিবাৰেও বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰক দাবী জনায়। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো শনিবাৰে ১২ টা ৰাজনৈতিক দলৰ নেতা-কর্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সমবেত প্ৰতিবাদকাৰী ৰাজনৈতিক কৰ্মীসকলৰ লগতে আন বহুতো প্রতিবাদী নাগৰিকে ধর্ণাত অংশগ্ৰহণ কৰাৰ কথাটোৱে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি তেওঁলোকৰ অসন্তুষ্টিৰ কথাকে প্ৰতিপন্ন কৰে। 

প্ৰতিবাদী সভাত বিৰোধী দল কেইটাৰ নেতৃবৃন্দই নিজ নিজ বক্তব্য উপস্থাপন কৰি ধৰ্ণা থলীতে অনুষ্ঠিত সভাখনৰ আঁত ধৰি চি পি আই (এম) দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুপ্রকাশ তালুকদাৰে কয় যে বিজেপিৰ সাম্প্রদায়িক মনোবৃত্তি আৰু গণতন্ত্ৰ বিৰোধী আদৰ্শৰ ফলশ্রুতিতেই মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষজৰ্জৰ ৰাজ্যখনৰ প্ৰতিটো কু-কৰ্মকে ঢাকি ৰাখিবলৈ চেষ্টা কৰি সেই ঘটনাসমূহক সমর্থন জনোৱাৰ বাবেই তাত মহিলাক বিবস্ত্ৰা কৰাৰ দৰে জঘন্য আৰু নিন্দনীয় ঘটনাৰ সূত্ৰপাত হয়। ইয়াৰ বিৰুদ্ধে আমি তীব্র প্রতিবাদ গঢ়ি তুলিব লাগিব৷ 

প্ৰতিবাদী সভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে অশান্ত মণিপুৰক শান্ত কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তদুপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগ, কেৰালাতো ধৰ্ষণ হোৱা বুলি দিয়া মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক।

অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ মহিলা দুগৰাকীক বিবস্ত্ৰা কৰা আৰু ধৰ্ষণ কৰা ঘটনাটোৰ সম্পৰ্কত মতামত দি ৰাজস্থান আৰু পশ্চিমবংগতো ধৰ্ষণ হয় বুলি কৰা মন্তব্যই সভ্য সমাজৰ সকলো শালীনতা চেৰাই গৈছে৷ লগতে তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ সমগ্ৰ নাৰী সমাজকে ক্ষমা খুজিব লাগে। 

উল্লেখ‍্য যে এই প্ৰতিবাদৰ দ্বাৰা ৭৮ দিন ধৰি জ্বলি থকা মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ লগতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী জনায় বিৰোধী ঐক্যমঞ্চই৷  লগতে প্ৰতিবাদকাৰীসকলে ৰাজপথতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।