Logo
image

কোকৰাঝাৰত অনুষ্ঠিত হ'ব ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাঃ উন্মোচন কৰা হ'ল ট্ৰফী

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অহা ৫ আগষ্টৰ পৰা বিটিচিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত হ'ব পৃথিৱীৰ তৃতীয় তথা এচিয়া মহাদেশৰ প্ৰথম প্ৰাচীন ফুুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। ভাৰতীয় সেনা বাহিনী, অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ কঠালগুৰিস্থিত ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই ফুটবল প্ৰতিযোগিতা৷ 

সেই মৰ্মে শনিবাৰে কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা  গাৰ্লোচা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু সৰ্ব ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চুবেৰ লগতে ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ অপূৰ্না নাৰ্জাৰী৷ ট্ৰফী উন্মোচনৰ পাছতে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য, বিহু নৃত্য, চেৰজা বাদন আৰু সেনা জোৱানৰ বাঁহী বাদন, দেশপ্ৰেমমূলক গীত পৰিবেশনেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
 
অনুষ্ঠানৰ অন্তত ট্ৰফী কেইটা লৈ বডোফা সাংস্কৃতিক প্ৰকল্পৰ পৰা এক বৰ্ণিল শোভাযাত্ৰা কৰি কোকৰাঝাৰ কঠালগুৰি স্থিত ছাই কেন্দ্ৰলৈ লৈ যোৱা হয়। উল্লেখ্য যে বিটিচি সচিবালয়ত ডুৰাণ্ড কাপৰ ট্ৰফী কেইটা প্ৰদৰ্শনৰ বাবে ৰখা হ'ব৷  জানিব পৰা মতে কোকৰাঝাৰত এই প্ৰতিযোগিতাৰ সৰ্বমুঠ ৯ খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ৮খন লীগ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব৷ কোৱাৰ্টাৰ ফাইনেল খেল অহা ২৪ আগষ্টত অনুষ্ঠিত হ'ব৷ কোকৰাঝাৰত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হ'ল বড়োলেণ্ড এফচি, ওড়িশা এফচি, দিল্লী এফচি, ডাউনটাউন হিৰোচ এফচি, ৰাজস্থান ইউনাইটেড এফচি, ইণ্ডিয়ান আৰ্মী এফটি, ত্ৰিভূৱন আৰ্মী এফচি, ছিলং লাজং এফচি আদি। 

ট্ৰফী উন্মোচন পিছত  প্ৰমোদ বড়োৱে কোকৰাঝাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাটো বিটিচিবাসীৰ বাবে পৰম সৌভাগ্য বুলি উল্লেখ কৰে৷ তেওঁ কয় যে এচিয়াৰ আটাইতকৈ পুৰণি ফুটবল খেল উপভোগ কৰাৰ বাবে কোকৰাঝাৰবাসীয়ে অপেক্ষা কৰি আছে। তেওঁ ভাৰতীয় ফুটবলৰ পথাৰখনত বড়োভূমিৰ ইতিহাস বহু পুৰণি বুলি সুৱঁৰি দূৰ্গা বড়োৰ পৰা বৰ্তমান সময়ত অপূৰ্না নাৰ্জাৰীয়ে তাৰ উদাহৰণ বুলি উল্লেখ কৰে৷  ঐতিহাসিক এই ডুৰাণ্ড কাপৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিটিচি অঞ্চলক ক্ৰীড়াৰ মেপত সাঙুৰি ল'ব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে। লগতে তেওঁ কয় যে ইয়াৰ জৰিয়তে যুৱ খেলুৱৈসকলে আন্ত:ৰাষ্ট্ৰীয় খেল খেলিবলৈ প্ৰস্তুতি কৰিব পাৰিব। 

আনহাতে ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চুবেই কয় যে আমি এটা বৰ ভাল সময়েৰে আগবাঢ়িছোঁ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰীৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ এচিয়াৰ ঐতিহাসিক ডুৰাণ্ড কাপ প্ৰতিযোগিতা অসম তথা বিটিচিত আয়োজন কৰা কাৰ্যৰ প্ৰশংসা কৰি এয়া এক ঐতিহাসিক সময় হিচাপে আখ্যা দিয়ে।  তেওঁ খেলৰ যোগেদিয়েই জীৱন আৰু জীৱিকা গঢ়িব পাৰে বুলি মন্তব্য কৰি ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে৷ ইফালে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ডুৰাণ্ড কাপে খেলুৱৈসকলক এখন প্লেটফৰ্ম দিব বুলি উল্লেখ কৰি এয়া এক প্ৰসংশনীয় পদক্ষেপ বুলি মন্তব্য কৰে ।