Logo
image

৩দিনীয়া সূচীৰে নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাইঃ শনিবাৰে নিশা নতুন দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ জানিব পৰা মতে তেওঁ নিশা ১২ বজাত নতুন দিল্লীত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীৰ এই দিল্লী যাত্ৰাৰ সন্দৰ্ভত কোনো তথ্য চৰকাৰীভাৱে সদৰী কৰা নাই৷ অৱশ্যে এক অসমৰ্থিত সূত্ৰই জনোৱা মতে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তথা বিজেপিৰ শীৰ্ষ নেতৃত্বৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে মণিপুৰৰ ঘটনা সন্দৰ্ভত বিজেপিৰ শীৰ্ষ নেতাসকলৰো ভাষ্যৰ বিপৰীত্য দেখা গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মণিপুৰৰ ঘটনা দুখজনক বুলি মন্তব্য কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী শাসিত ৰাজস্থান, পশ্চিম বংগত ধৰ্ষণ নহয় নেকি বুলি প্ৰশ্ন কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা তিনিদিন নতুন দিল্লীত থকাৰ সম্ভাৱনা আছে৷