Logo
image

বিপিচিএলৰ নতুন পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাইঃ অসম চুক্তিৰ আধাৰত নিৰ্মিত আৰু ডিব্ৰুগড়ৰ লেপেটকটাত অৱস্থিত দেশৰ অন্যতম সৰ্ব্ববৃহৎ ৰাজহুৱা খণ্ডৰ লাভজনক পেট্ৰ’ৰাসায়নিক উদ্যোগ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ  ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ ‘বিচিপিএল’ৰ পৰিচালন সঞ্চালকৰূপে নিৰ্বাচিত হৈছে অসম তথা ডিব্ৰুগড়ৰ সু-সন্তান প্ৰাঞ্জল চাংমাই৷ বৰ্তমানৰ পৰিচালন সঞ্চালকৰূপে কৰ্মৰত আৰু অহা ৩০ জুলাইত অৱসৰগ্ৰহণ কৰিবলগীয়া উদ্যোগটোৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকাৰ স্থলাভিষিক্ত হ’ব চাংমাই৷ প্ৰাপ্ত তথ্য অনুসৰি ভাৰত চৰকাৰৰ ৰাজহুৱা উদ্যোগ খণ্ডৰ নিৰ্বাচিক সমিতি  [পিইএছবি] য়ে শনিবাৰে দেশৰ সৰ্ব্বমুঠ জ্জ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা বৰ্তমানে ‘বিচিপিএল’ত মহাপ্ৰবন্ধক [অপাৰেচন ইনৰ্চাজ] হিচাপে কৰ্মৰত প্ৰাঞ্জল চাংমাইক পৰৱৰ্তী কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে৷ নিৰ্বাচিত সমিতিয়ে  তিনিজন বিচিপিএলৰ, দুজন গেইলৰ, বিএচএনএল আৰু আইঅ’চিৰ এজনকৈ মুঠ জ্জ জন বিষয়াৰ মাজৰ পৰা প্ৰাঞ্জল চাংমাইক নিৰ্বাচিত কৰে৷ উল্লেখ্য, ডিব্ৰুগড় মিলন নগৰৰ স্থায়ী নিৱাসী প্ৰয়াত গুণকান্ত চাংমাই আৰু সাৱিত্ৰী চাংমাইৰ পুত্ৰ প্ৰাঞ্জল চাংমায়ে ডিব্ৰুগড়ৰ চৰকাৰী ল’ৰাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু কানৈ কলেজৰ পৰা বিজ্ঞান শাখাত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৯২ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে শিক্ষা সমাপ্ত কৰে৷ ইয়াৰ পাছত ১৯৯৩-৯৬ চনলৈ নামৰূপৰ বিভিএফচিএলত [পূৰ্বে এইচ এফ চি] কৰ্মৰত আছিল চাংমাই৷ পৰৱৰ্তী সময়ত ১৯৯৬-২০১১ চনলৈ গুজৰাটৰ জাম নগৰস্থিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত কৰ্মৰত আছিল৷ ২০১১ চনৰ ৫ জুলাইত মুখ্য প্ৰবন্ধক হিচাপে বতমানলৈকে ‘বিচিপিএল’ত কৰ্মৰত চাংমায়ে উদ্যোগটোৰ অগ্ৰগতিত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে৷ বৰ্তমানে বিচিপিএল টাউনশ্বিপ নিৱাসী চাংমাইৰ এই খবৰ প্ৰাপ্তিয়ে স্বাভাৱিকতেই অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে আনন্দৰ জোৱাৰ উঠিছে৷