Logo
image

সুলভ মূল্যত পাচলি বেচিছে সাংবাদিকে

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৫ জুলাইঃ কলম-কেমেৰা এৰি এইবাৰ শাক-পাচলিৰ ব্যৱসায়ত নামিল চাবুৱাৰ এদল সাংবাদিক৷ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জ্বলা-কলা খুৱাই থকাৰ সময়তে  সাধাৰণ ৰাইজক সকাহ দিয়াৰ চেষ্টা চলাইছে সাংবাদিকৰ দলটো৷ ক’লা বজাৰৰ ব্যৱসায়িক নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰক প্ৰত্যাহ্বান জনাই চাবুৱা প্ৰেছ ক্লাবৰ সাংবাদিকৰ দলটোৱে সুলভ মূল্যত যোগান ধৰিছে শাক-পাচলি৷ আনহাতে, এই ধনাত্মক খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ চাবুৱা অঞ্চলৰ ৰাইজৰ সঁহাৰি লাভ কৰিছে চাবুৱা প্ৰেছ ক্লাবৰ সাংবাদিকৰ দলটোৱে৷ উল্লেখ্য, গাঁৱৰ ৰাইজে শাওনৰ খেতিত ব্যস্ত থকাৰ সময়তেই ৭০ টকাৰ পৰা ১০০ টকাপৰ্যন্ত শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে কৃষক ৰাইজক চিন্তিত কৰাৰ সময়তেই চাবুৱা প্ৰেছ ক্লাবে বিভিন্ন ঠাইৰ গ্ৰাম্যঞ্চলৰ পৰা শাক-পাচলি ক্ৰয় কৰি আনি ৩০ টকাৰ পৰা ৫০ টকা মূল্যত চাবুৱাৰ চাৰিআলিত সপ্তাহত দুটা দিন বিক্ৰী কৰি যথেষ্ট সকাহ দিয়াৰ চেষ্টা চলাইছে৷ লাউ, বিলাহী, ভেণ্ডি, কোমোৰা, তিঁয়হ, ৰঙালাউ আদিকে ধৰি বিভিন্ন শাক-পাচলি উপলব্ধ হৈছে সাংবাদিকৰ বজাৰত৷ পৰিৱেশ এনে পৰ্যায় পাইছেগৈ যে চাবুৱাৰ চাৰিআলিত শাক-পাচলি আনি গাড়ীৰ পৰা নমোৱাৰ লগে লগে ৰাইজে হেতা-ওপৰা কৰা পৰিলক্ষিত হয়৷ প্ৰায় ২-৩ ঘণ্টাতেই সকলো শাক-পাচলি বিক্ৰী হৈ শেষ হোৱাত বহু গ্ৰাহকে কম মূল্যত শাক-পাচলি কিনিবলৈ আহি বিমুখ হৈ যাবলগীয়া হৈছে! আনহাতে, চাবুৱা প্ৰেছ ক্লাবৰ এই পদক্ষেপক সঁহাৰি জনাই জেৰাই গাঁৱৰ অপূৰ্ব বৰুৱাই নিজৰ গাড়ী দি সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ উল্লেখ্য, সপ্তাহত দুটা দিনেই ৰাইজলৈ এই সুবিধা প্ৰদান কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগেই বজাৰত অধিক মুনাফা আদায় কৰা ব্যৱসায়িসকলে বাধ্যত পৰি শাক-পাচলিৰ মূল্য কমাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে৷