Logo
image

যি নামেৰেই মাতা, মণিপুৰৰ দুখ দূৰ কৰিম

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ৰাজনৈতিক দলৰ নতুন জোঁট ‘ইণ্ডিয়া’ক সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদিনৰ সৈতে তুলনা কৰাত মোদী বিশেষ আক্ৰমণ কৰা নাই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ ইয়াৰ পৰিৱৰ্তে ৰাহুল গান্ধীয়ে মোদীক উদ্দেশ্য কৰি কৈছে– ‘শ্ৰীযুত মোদীজী, আমাক যি নামেৰেই মাতা, আমি মণিপুৰৰ দুখ দূৰ কৰিম৷ ৰাহুল গান্ধীয়ে টুইটাৰৰ আশ্ৰয় লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয়, চৰকাৰে মণিপুৰৰ দুখ দূৰ কৰিব পৰা নাই৷ মণিপুৰৰ ক্ষত-স্থান নিৰাময় কৰিব পৰা নাই৷ আমি বিৰোধী দলে মণিপুৰৰ ক্ষত প্ৰশমন কৰিম৷ প্ৰত্যেকজন ক্ষতিগ্ৰস্ত, মহিলা আৰু শিশুৰ চকুৰ পানী আমি মোহাৰি দিম৷ আমি মণিপুৰৰ মানুহৰ মাজলৈ শান্তি আৰু প্ৰীতি ঘুৰাই আনিম৷ আমি মণিপুৰত ভাৰতীয় জাতীয়তাবাদৰ চেতনা পুনৰ নিৰ্মাণ কৰিম৷ মঙলবাৰেও সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ চতুৰ্থ দিনটো বিৰোধী দলৰ প্ৰতিবাদৰ বাবে স্থগিত ৰাখিবলগীয়া হোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু উক্ত বৈঠকতে তেওঁ ২৬টা বিৰোধী ৰাজনৈতিক দলৰ নতুন মঞ্চক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰে৷ বিৰোধী দলৰ জোঁটক উক্ত বৈঠকত আক্ৰমণ কৰি মোদীয়ে কয় যে, বিৰোধীয়ে যিমানেই ‘ইণ্ডিয়া’ নাম নলওঁক, সেই নামে একো কাম নিদিয়ে৷ তেওঁলোকে যি নাম লৈছে, সেয়া ইণ্ডিয়ান মুজাহিদিনৰ দৰেহে হৈছে৷ ইষ্ট ইণ্ডিয়া কোম্পানী, পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়ায়ো ‘ইণ্ডিয়া’ নামটো ব্যৱহাৰ কৰে৷ সেয়ে তেওঁলোকৰ এই নামৰ কাম আৰু কাৰ্যকাৰিতা ইণ্ডিয়ান মুজাহিদিন, ইষ্ট ইণ্ডিয়া কোম্পানী, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াতকৈ [পি এফ আই] পৃথক নহয়৷ বিজেপিৰ সংসদীয় দলৰ বৈঠকত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলে যিদৰে সদনৰ কাৰ্যক্ৰমণিকা বাধাপ্ৰাপ্ত কৰিছে সেয়া অসহ্যকৰ৷ তেওঁ এনে দিশাহীন বিৰোধী কেতিয়াও দেখা নাই বুলিও বৈঠকত মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত কৰা এই মন্তব্য এখন সংবাদ মেলত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে৷