Logo
image

২৮ নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ টি২০

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ জুলাইঃ বিশ্বকাপৰ মেচ আয়োজনৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম নহ’লেও গুৱাহাটীয়ে ভাৰত ভ্ৰমণ কৰিবলগীয়া অষ্ট্ৰেলিয়া দলৰ এখন টি-২০ মেচ অনুষ্ঠিত  কৰাৰ সুযোগ লাভ কৰিছে৷ অষ্ট্ৰেলিয়া আৰু ঘৰুৱা দল ভাৰতৰ সেই শৃংখলাৰ তৃতীয়খন টি-২০ মেচ অহা ২৮ নৱেম্বৰত অনুষ্ঠিত কৰিব গুৱাহাটীয়ে৷ অসম ক্ৰিকেট সংস্থাই মঙলবাৰে এই কথা প্ৰকাশ কৰিছে৷ এচিএই-গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এখন টি-২০ মেচ আয়োজনৰ সুবিধা দিয়াৰ বাবে বিবিচিআইক ধন্যবাদ জনাইছে৷ অহা ছেপ্টেম্বৰৰ পৰা ভাৰত ভ্ৰমণ কৰিবলগীয়া অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৱে এখন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব৷ এদিনীয়া তিনিখন মেচ ক্ৰমে ২২ছেপ্টেম্বৰত ম’হালি, ২৪ ছেপ্টেম্বৰত ইণ্ডোৰ আৰু ২৭ ছেপ্টেম্বৰত ৰাজকোটত অনুষ্ঠিত হ’ব৷ আনহাতে টি-২০ মেচকেইখন হ’ব ক্ৰমে ভাইজাগ, [২৩নৱেম্বৰ], ত্ৰিবান্দ্ৰম [২৬ নৱেম্বৰ], গুৱাহাটী [২৮ নৱেম্বৰ], নাগপুৰ [১ ডিচেম্বৰ] আৰু হায়দৰাবাদত [৩ ডিচেম্বৰ]৷