Logo
image

প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ মাতৃক ব্লেকমেইল কৰা মহিলাক গ্ৰেপ্তাৰ

গুৰুগ্ৰাম, ২৭ জুলাইঃ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ মাতৃক ব্লেকমেইল কৰি ৪০ লাখ টকা দাবী কৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে গুৰুগ্ৰামৰ আৰক্ষীয়ে৷ মহিলাগৰাকীয়ে ভাৰতৰ ষ্টাৰ ক্ৰিকেটাৰজনৰ গোটেই পৰিয়ালটোৰ বিৰুদ্ধে ভুৱা অভিযোগ অনাৰ ভাবুকি দি মাতৃৰ পৰা ৪০ লাখ টকা বিচাৰিছিল৷ কিন্তু আৰক্ষীয়ে অতি কৌশলেৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে৷ মহিলাগৰাকীয়ে যুৱৰাজৰ মাতৃৰ পৰা পাঁচ লাখ টকা গ্ৰহণ কৰাৰ সময়তে আৰক্ষীৰ দলে হাতে-লুটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে৷ ‘ছিক্সাৰ কিং’ হিচাপে পৰিচিত এসময়ৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰজনৰ মাতৃ শ্বৱনমলৈ টেলিফোন কৰি ধমকি দিয়া এই মহিলাগৰাকীৰ নাম হৈছে হেমা কৌশিক ওৰফে ডিম্পী৷ যুৱৰাজ সিঙৰ কনিষ্ঠ ভাতৃ জোৰাৱৰ সিঙৰ মেনেজাৰ-কেয়াৰটেকাৰ হিচাপে এই মহিলাগৰাকীক ৰখা হৈছিল৷ যুৱৰাজ সিঙৰ ভাতৃ বৰ্তমান হতাশজনিত ৰোগত ভুগি আছে৷ কিন্তু মাত্ৰ ২০ দিনতে হেমাক কামৰ পৰা উলিয়াই দিয়া হৈছিল৷ কাৰণ তেওঁ আছিল অধিক প্ৰফেছনেল৷ গতিকে হেমা কৌশিকে ইয়াতে ক্ষুব্ধ হৈ যুৱৰাজ সিঙৰ মাতৃলৈ টেলিফোন কৰি ব্লেকমেইল কৰি ধমকি দিবলৈ ধৰে৷ যদিহে ৪০ লাখ টকা নিদিয়ে, তেন্তে ভুৱা গোচৰ তৰাৰ ধমকি দিয়ে৷ ভুৱা গোচৰেৰে যুৱৰাজ সিঙৰ পৰিয়ালক বদনাম কৰাৰ ভাবুকি দিয়া মহিলাগৰাকীৰ বিৰুদ্ধে ডিএলএফ ফেজ-ৰ আৰক্ষী চকীত অভিযোগ দিয়া হৈছিল৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু সোমবাৰে মহিলাগৰাকীয়ে যুৱৰাজ সিঙৰ মাতৃৰ পৰা পাঁচ লাখ টকা ল’বলৈ আহোঁতেই গ্ৰেপ্তাৰ কৰে৷