Logo
image

গ্ৰেটাৰ নয়দাত ডুবিল কেইবাশ গাড়ী

গ্ৰেটাৰ নয়দা, ২৭ জুলাইঃ দিল্লী-উত্তৰ প্ৰদেশত যমুনা নদীৰ বানে বহু এলেকা বুৰাই পেলোৱাৰ দৰে গাজিয়াবাদ আৰু গ্ৰেটাৰ নয়দাত বৰ্তমান হিণ্ডন নদীৰ বানে ত্ৰাস সৃষ্টি কৰিছে৷ হিণ্ডন নদীৰ বানে দিল্লীৰ সমীপৰ গাজিয়াবাদ আৰু গ্ৰেটাৰ নয়দাৰ বহু দ এলেকা বুৰাই পেলোৱাৰ ফলত ইয়াৰ বাসিন্দাসকলে ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ হিণ্ডন নদীৰ বানৰ কবলত পৰা দ এলেকাৰ পৰা বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ তাৰ মাজতে এটা ভিডিঅ’ ব্যাপক ভাইৰেল হৈছে৷ উক্ত ভিডিঅ’ত দেখা গৈছে যে এটা খালী স্থানত ৰখা কেইবাশ গাড়ী বানত ডুব যোৱা৷ গাড়ীবোৰৰ প্ৰায় বডীলৈক পানী হোৱা দেখা গৈছে উক্ত ভিডিঅ’ত৷ এই ভিডিঅ’টো হৈছে গ্ৰেটাৰ নয়দাৰ ছুতিয়ানা গাঁৱৰ৷ ইয়াৰ হাইটেক ৩ ষ্টেচনৰ আশে-পাশে থকা এলেকা হিণ্ডন নদীৰ পানীয়ে বুৰাই পেলায়৷ ইয়াৰ ফলতে উক্ত এলেকাত বান পৰিস্থিতি সৃষ্টি হয়৷  বানে ৩০০ৰো অধিক গাড়ী বুৰাই পেলায়৷ এই গাড়ীবোৰ কেব সেৱাৰ বাবে ব্যৱহাৰ কৰি অহা হৈছিল৷ কিন্তু লাহে লাহে পুৰণা হোৱাৰ লগতে কৰ’না কালত ইএমআই দিব নোৱৰা বাবেই উঠাই আনি ইয়াত গোটাই ৰখা হৈছিল৷ অৱশ্যে গাড়ীবোৰ চলাচল হোৱা অৱস্থাত নাছিল৷ ইপিনে, নয়দাৰ দ এলেকাত বাস কৰা লোকসকলক উদ্ধাৰ কৰি চৰকাৰী স্কুলত ৰখা হৈছে৷