Logo
image

পদ বিলুপ্ত নহয়, অচিৰেই ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধি, ২৮ জুলাইঃ  ‘ৰাজ্য চৰকাৰৰ চাকৰিত কোনো পদ বিলুপ্তিকৰণ হোৱা নাই৷ বৰঞ্চ অচিৰেই ২২হাজাৰ নতুন পদৰ বিজ্ঞাপনহে দিয়া হ’ব৷’– এই মন্তব্য ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ কালি বঙাইগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে পদ বিলুপ্তিকৰণৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ এনেদৰে উত্তৰ দি কয় যে ‘কোনো কাৰ্যালয়ত যদি পদৰ প্ৰয়োজন নাই তেনেহ’লে বিনা কাৰণত মানুহৰ পৰা চাবোন টুথপেষ্টৰ কৰ লৈ চৰকাৰে কিয় দৰমহা দিব৷ গতিকে ৰাজ্য চৰকাৰে ইয়াৰ বিপৰীতে অইন কোনো পদৰ সৃষ্টি কৰিব পাৰিব৷ ইংৰাজী বুজি নোপোৱা সকলেহে চৰকাৰী জাননীৰ সন্দৰ্ভত ভুল ব্যাখ্যা কৰিছে৷ এইখন চৰকাৰে যোৱা ৭৫ বছৰৰ  ভিতৰতে সৰ্বাধিক চৰকাৰী চাকৰিত নিযুক্তি দিছে৷’ উল্লেখ্য যে কালি বঙাইগাঁৱত অনুষ্ঠিত হোৱা বিকাশ উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যুৱক যুৱতীসকলক নিজ নিজ ধৰ্মৰ ভিত্তিত বিয়া পাতিবলৈ পৰামৰ্শ দিয়ে৷ মুখ্যমন্ত্ৰী কয় যে হিন্দু ছোৱালী সকলে হিন্দু লৰাৰ লগতহে বিয়া পাতিব লাগে আৰু মুছলমান ছোৱালীয়ে মুছলমান ল’ৰাৰ লগত বিয়া পাতিব লাগে৷ তেওঁ লগতে কয় যে সৰুৰে পৰাই তেওঁ কালি পূজা - দুৰ্গা পূজা কৰি আহিছে৷ এতিয়া তেওঁক যদি আজান দিব দিয়ে তেনেহলে নিশ্চয় মনত আঘাত লাগিব৷ গতিকে ল’ৰাই হওক ছোৱালীয়েই হওক নিজ ধৰ্মৰ ভিতৰতে বিয়া পাতিব লাগে৷ নহ’লে গোলাঘাটৰ লাভ জেহাদৰ ঘটনাৰ দৰে ঘটনা সমাজত ঘটিয়েই থাকিব৷ ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাভ জেহাদ প্ৰসংগত  মহাভাৰতৰ শ্ৰীকৃষ্ণৰ প্ৰসংগ টানি অনা সন্দৰ্ভত মুখ্যমন্ত্ৰী কয় যে কোনো বিতৰ্কিত বিষয়ত কোনো ধৰ্ম টানি আনিব নালাগে৷ এই বিষয়ত মহাভাৰত তথা ভগৱান শ্ৰীকৃষ্ণৰ যি প্ৰসংগ টানি অনা হৈছে এয়া শ্ৰীকৃষ্ণ ভগৱানক চৰম অপমান কৰা হৈছে৷ কোনোবাই এজাহাৰ দাখিল কৰিলে ভূপেন বৰা গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ কংগ্ৰেছ যিমান হিন্দু বিৰোধী স্থিতিত যাবলৈ ধৰিছে কংগ্ৰেছৰ শেষ স্থান মছজিদ অথবা মাদ্ৰাছা হব বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে৷ ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ অধিৱেশন সন্দৰ্ভত জনায় যে ৰাজ্য চৰকাৰে প্ৰতি ৬ মাহ মূৰে মূৰে অনুষ্ঠিত কৰিব এছপি আৰু ডিচি অধিবেশন৷ আইনৰ শাসন কেনেকৈ প্ৰতিষ্ঠা হ’ব পাৰে এই বিষয়টো পৰ্যালোচনা কৰাৰ বাবে অনুষ্ঠিত কৰা হৈছে এই অধিৱেশনত৷ লগতে তেওঁ কয় যে এটা গোচৰ ৰুজু হোৱাৰ পাছত এই গোচৰটোৰ বিৰুদ্ধে বছৰ বছৰ ধৰি আদালতত চাৰ্জছীট দাখিল কৰা নহয়৷ আৰু কিছুমান গোচৰৰ চাৰ্জছীট দাখিল কৰাৰ পাছতো অপৰাধীয়ে শাস্তি নাপায়৷ উপযুক্ত বিজ্ঞান সন্মত অনুসন্ধানৰ অভাৱত অপৰাধীয়ে শাস্তি লাভৰ পৰা ৰেহাই পায়৷ চৰকাৰ এতিয়া উদ্যোগ লৈছে ৰাজ্যৰ প্ৰতিটো থানাত পঞ্জীয়নভুক্ত গোচৰ সমূহৰ বিপৰীতে উপযুক্ত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে৷  লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে পুনৰ বাল্য বিবাহত জড়িত সকলোক গ্ৰেপ্তাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে৷ বিজেপি দলৰ সভাপতি ভবেশ কলিতাৰ পি এৰ বিৰুদ্ধে যি ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হৈছে তথা আৰক্ষীয়ে আটক কৰা বুলি প্ৰকাশ পাইছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁৰ পিএ জনক আটক কৰা নাই৷ তেওঁক সাক্ষী হিচাপেহে মতা হৈছে৷ এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী, আৰক্ষী অধীক্ষককে ধৰি আৰু কেইবাজনৰ নামত ধন উঠাই আছিল৷ এই ব্যক্তিজনৰ বিৰুদ্ধে এক অভিযোগনামা দাখিল কৰা হৈছে৷ এই অভিযোগ নামা যাতে শক্তিশালী ৰূপত প্ৰতিষ্ঠা হয় তাৰ বাবে পিএ জনক সাক্ষী হিচাপে মাতিছে৷ সাক্ষী হিচাপে মাতিলে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেও উপস্থিত হ’ব বুলি জনায়৷ সাক্ষী হিচাপে হাজিৰ হোৱা জনক অপৰাধী হিচাপে গণ্য কৰাটো সঠিক নহ’ব বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷