Logo
image

কুকি নিধনৰ মাজতে মেইটেইৰ বিশাল ৰেলী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ জুলাইঃ দিল্লীৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ জোঁট ‘ইণ্ডিয়া’ৰ ২১ জনীয়া প্ৰতিনিধি দলৰ সদস্যই মণিপুৰত ভৰি দিয়াৰ পূৰ্বেই পুনৰ উত্তপ্ত হৈ পৰিল বিগত কেইটামান দিন হত্যাকাণ্ড সংঘটিত নোহোৱা মণিপুৰ৷ শুকুৰবাৰে নিশা নিৰাপত্তাবাহিনীৰ সৈতে কুকি জনগোষ্ঠীৰ এদল সশস্ত্ৰ সদস্যৰ মাজত ভয়ংকৰ সংঘৰ্ষত ১০ জন কুকি নিহত হয়৷ প্ৰকৃততে এই সংঘৰ্ষ বৃহস্পতিবাৰেই আৰম্ভ হৈ বিগত ৪৮ ঘণ্টা ধৰি বিক্ষিপ্তভাৱে চূড়াচান্দপুৰ জিলাৰ  সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থকা বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি নিৰাপত্তা বাহিনীৰ গুলীত ১০ জন সশস্ত্ৰ কুকিৰ মৃত্যু হৈছে৷ আনহাতে কুকিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে কুমাও ৰেজিমেণ্টৰ এজন জোৱান, বিষ্ণুপুৰ আৰক্ষীৰ এজন কামাণ্ডো আৰু গাঁওৰক্ষী বাহিনীৰ তিনিজন সদস্য৷ উল্লেখ্য, বৃহস্পতিবাৰে দুখন ট্ৰাকত উঠি সীমান্তৰ দিশৰ পৰা চূড়াচান্দপুৰলৈ অস্ত্ৰ শস্ত্ৰসহ দুদল কুকিৰ সদস্য আহি আছিল৷ তেওঁলোকক স্থানীয় আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগে লগে কুকিৰ দলটোৱে গুলীচালনা কৰে৷ গুলীৰ শব্দ শুনি আৰু সশস্ত্ৰ দলৰ প্ৰৱেশৰ খবৰ পাই বিশাল নিৰাপত্তাবাহিনীৰ দলে সমগ্ৰ অঞ্চলটো বেৰি ধৰি তালাচী আৰম্ভ কৰে৷ কুকিৰ সশস্ত্ৰ  দলটোৱে গুলীৰে প্ৰত্যুত্তৰ দিয়াত উভয়পক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়৷ সেই সংঘৰ্ষ আজি পৰ্যন্ত সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে৷ স্থানীয় লোকক উদ্ধৃত  কৰি মণিপুৰৰ সংবাদ মাধ্যমে দাবী কৰা মতে সংঘৰ্ষত ১০ জন কুকি লোক নিহত হৈছে৷ মণিপুৰ আৰক্ষীয়ে হতাহত সন্দৰ্ভত তথ্য দিবলৈ অস্বীকাৰ কৰিছে আৰু সশস্ত্ৰ দলটোৱে নিহত সতীৰ্থসকলৰ দেহ লৈ যোৱা বুলি দাবী কৰিছে৷ ইপিনে শনিবাৰে মেইটেই জনগোষ্ঠীয়ে এটা বৃহৎ সমদল উলিয়াই স্থায়ী শান্তি আৰু গ্ৰেপ্তাৰ কৰা অভিযুক্তক মুকলি কৰাৰ দাবীত মণিপুৰৰ একাধিক চহৰ উত্তপ্ত কৰি তোলে৷ থৌবাল জিলাতো মেইটেই জনগোষ্ঠীয়ে বৃহৎ সমদল বাহিৰ কৰে৷ ৰাজ্যখনত উলিওৱা প্ৰত্যেকটো বিশাল সমদলেই ভিডিঅ’ কাণ্ডত গ্ৰেপ্তাৰ কৰা মেইটেই অভিযুক্তক মুকলি কৰি দিবলৈ দাবী জনায়৷ আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনা সংক্ৰান্তত জ্জ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ সমদল বাহিৰ কৰি মেইটেই জনগোষ্ঠীয়ে এই অভিযুক্তক মুকলি কৰি দিবলৈ দাবী জনোৱাৰ ফলত পুনৰ হিংসা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে৷ ইপিনে চি বি আয়ে শনিবাৰে ভিডিঅ’ কাণ্ড সন্দৰ্ভত এফ আই আৰ ৰুজু কৰিছে৷

বিৰোধী ‘ইণ্ডিয়া’ৰ উপদ্ৰুত অঞ্চল পৰিদৰ্শন 

হিংসাবিদীৰ্ণ মণিপুৰত উপদ্ৰুত অঞ্চল পৰিদৰ্শনৰ বাবে দুদিনীয়া ভ্ৰমণৰ বাবে শনিবাৰে উপস্থিত হ’ল ২৬টা বিৰোধী ৰাজনৈতিক দলৰ জোঁট ‘ইণ্ডিয়া’ৰ ২১ জনীয়া প্ৰতিনিধি দল৷ কংগ্ৰেছ দলৰ লোক সভাৰ দলপতি তথা পশ্চিম বংগৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ নেতৃত্বত দুপৰীয়া মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হোৱা ‘ইণ্ডিয়া’ৰ দলটোৱে দুটা ভাগত বিভক্ত হৈ ৰাজ্যখনৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে৷ এটা দলে হেলিকপ্টাৰেৰে চূড়াচান্দপুৰ জিলালৈ ৰাওনা হয় আৰু হেলিপেডৰ পৰা পোনে পোনে আশ্ৰয় শিবিৰত গৈ উপস্থিত হয়৷ আনটো দলে মৈৰাঙৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে৷ এই প্ৰতিনিধি দলটোত কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ উপৰি একে দলৰে অসমৰ সাংসদ গৌৰৱ গগৈ, তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, ডি এম কেৰ সাংসদ কানিমোঝি, চিপিএমৰ এ এ ৰহিম, জে ডি[ইউ]ৰ লালন সিং, আৰ জে ডিৰ মনোজ ঝা, জাভেদ আলী খান, শিৱসেনাৰ [বালাচাহেব] অৰৱিন্দ ছাৱন্ত, আৰ এল ডিৰ জয়ন্ত চৌধুৰীকে ধৰি মুঠতে ২১ জন সদস্য আছে৷

মণিপুৰৰ ৩ মাহজোৰা সংঘৰ্ষৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰা কেন্দ্ৰৰ বিজেপি মন্ত্ৰীয়ে বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ মণিপুৰ ভ্ৰমণক তীব্ৰ কটাক্ষ কৰিছে৷ শনিবাৰে কলকাতালৈ অহা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ‘ইণ্ডিয়া’ৰ প্ৰতিনিধি দলটোক ৰাজনৈতিক পৰ্যটক হিচাপে অভিহিত কৰিছে আৰু ফটো তোলাৰ বাবেই মণিপুৰলৈ যোৱা বুলি মন্তব্য কৰিছে৷ অনুৰাগ ঠাকুৰে কয়–‘বিৰোধীয়ে মণিপুৰৰ পৰিস্থিতিক অস্ত্ৰ কৰি দেশত অস্থিৰতা তৈয়াৰ কৰিবলৈ বিচাৰিছে৷ পূৰ্বৰ চৰকাৰৰ দিনত মণিপুৰত ৬ মাহ ধৰি অচলাৱস্থাৰ সৃষ্টি হৈছিল৷ এতিয়া পশ্চিম বংগতো নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা সংঘটিত হৈছে৷ মই আশা কৰো, মণিপুৰলৈ যোৱা দলটোৱে তাৰপৰা পোনে পোনে পশ্চিম বংগ ভ্ৰমণ কৰক৷’

মণিপুৰ ভ্ৰমণৰত প্ৰতিনিধি দলটোৰ অন্যতম সদস্য, অসমৰ সাংসদ গৌৰৱ গগৈয়ে এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ পাছত চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰে–‘কেন্দ্ৰীয় চৰকাৰে কৈ আছে, মণিপুৰলৈ শান্তি উভতি আহিছে৷ যদিহে শান্তি প্ৰতিষ্ঠা হৈছেই, তেন্তে ৰাজ্যজুৰি ইমান আশ্ৰয় শিবিৰ কিয়? কিয় আশ্ৰয় শিবিৰত ৫০ সহস্ৰাধিক বাসিন্দাই এনেদৰে কটাবলগীয়া হৈছে?’ আনহাতে অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়–‘মণিপুৰৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ ভাৱমূৰ্তি ম্লান কৰিছে৷’ ‘ইণ্ডিয়া’ৰ প্ৰতিনিধিদলৰ দ্বিতীয়টো দলে মৈৰাঙৰ উপৰি চূড়াচান্দপুৰৰ ডনবস্ক’ স্কুলত থকা এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে৷ উল্লেখ্য, বিৰোধী ৰাজনৈতিক দলৰ সদস্য হিচাপে প্ৰথমেই মণিপুৰ ভ্ৰমণ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ তাৰ পাছত সুস্মিতা দেৱৰ নেতৃত্বত এটা তৃণমূল কংগ্ৰেছৰ মহিলা সদস্যৰ দলে মণিপুৰৰ প্ৰকৃত পৰিস্থিতি পৰিদৰ্শন কৰিলেও এই পৰ্যন্ত শাসনাধিষ্ঠিত দলৰ কোনো নেতা-মন্ত্ৰী মণিপুৰলৈ যোৱা নাই৷ অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৪ দিন মণিপুৰত থাকি পৰিস্থিতি তদাৰক কৰিছিল৷