Logo
image

কেজৰিৱালৰ ঘৰত অজিত ভূঞা বহিল গোপন আলোচনাতো

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৩০ জুলাইঃ অসমত আম আদমী পাৰ্টিৰ ‘মুখ’ হ’ব পাৰে সাংসদ অজিত কুমাৰ ভূঞা৷ প্ৰথমতে দলটোৰ সাংসদ ৰাঘব চাড্ডা আৰু তাৰ পাছত শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ৩ায়ক অৰবিন্দ কেজৰিয়ালৰ সৈতে হোৱা গোপন বৈঠকৰ পিছত ৰাজনৈতিক মহলত অজিত কুমাৰ ভূঞাৰ আপত যোগদানকলৈ জল্পনা-কল্পনা তীব্ৰতৰ হৈছে৷ উল্লেখ্য যে বিতৰ্কৰ মাজত সোমাই পৰা দিল্লীৰ পৰিষেবা সংক্ৰান্ত অধ্যাদেশখন সোমবাৰে ৰাজ্যসভাত উত্থাপিত হোৱাৰ সম্ভাৱনা আছে৷ তাৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ    অজিত কুমাৰ ভূঞাই আজি চাড্ডা আৰু কেজৰিয়ালক পৃথকে পৃথকে সাক্ষাত কৰে৷ মূলত দিল্লীৰ বিধেয়খনৰ বিৰুদ্ধে সাংসদ ভূঞাই ভোটদান কৰাৰ প্ৰতিশ্ৰুতিৰে আপৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰা বুলি তেওঁ সাংবাদিকৰ আগত দাবী কৰে৷ আপত যোগদানৰ বিষয়টোত সাংসদ ভূঞাই সাংবাদিকৰ আগত পোনে পোনে অস্বীকাৰ কৰে যদিও বিষয়টোকলৈ তেওঁ ছাছপেন্স বজাই ৰখাও পৰিলক্ষিত হয়৷ বাস্তবত সাংবাদিকৰ আগত সাংসদজনে কৰা এটা মন্তব্যই তেওঁৰ স্থিতিক ৰহস্যময় কৰি তুলিছে৷ ভূঞাৰ বক্তব্য— মই নকওঁ যে মই আপত যোগ দিম৷ কিন্তু সাংবাদিকে যদি আপত যোগদানকলৈ ‘স্পেকুলেচন’ কৰিব বিচাৰে তেনেহলে কৰিব পাৰে৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি তুলিবলৈ আপ নেতৃত্বই অসমত নতুন তথা অতি পৰিচিত মুখৰ সন্ধান কৰি আছে৷ সেই সময়ত আপৰ শীৰ্ষ নেতৃত্বৰ সৈতে সাংসদ ভূঞাৰ সঘন যোগাযোগ অতি তাতপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ আনহাতে অসমত বিৰোধী ঐক্যত আম আদমী পাৰ্টিৰ প্ৰবেশ আৰু প্ৰস্থানৰ বিষয়টোকলৈও ভূঞাই আজি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিয়ালৰ সৈতে আলোচনা কৰা বুলি জানিবলৈ দি কয় যে অনাগত দিনত বিষয়টোকলৈ আন দলসমূহৰ সৈতে আলোচনা কৰা হ’ব৷ সাংসদ ভূঞাই লগতে কয়– অসমত এখন ‘ফেচ’ লাগে বুলি কেজৰিৱালে অনুভৰ কৰিছে৷ মই যোগদান  কৰিম নে নাই আজিয়ে কব নোৱাৰো৷ পাঞ্জাবত মুখ্যমন্ত্ৰী হিচাবে তেওঁলোকে কেনেকোৱা মানুহক প্ৰক্ষেপ কৰিছিল সকলোৱে দেখিছে৷ কেজৰিৱালে মোক ভালদৰে জানে৷  তেওঁ মোক যথেষ্ট গুৰুত্ব দিছে৷ তেওঁলোকে অসমৰ বাবে এখন ফেছ বিচাৰি আছে৷ এখন জনপ্ৰিয় মুখৰ সন্ধান কৰি আছে৷