Logo
image

‘বেটী বচাও’ ব্যৰ্থ! তিনি বছৰত ক’ত হেৰাল ১৩ লক্ষাধিক কিশোৰী-যুৱতী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ জুলাইঃ নৰেন্দ্ৰ মোদী চৰকাৰে মহা আড়ম্বৰেৰে আৰম্ভ কৰা আৰু অভাৱনীয় সফলতাৰে পালন কৰা ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানলৈ ভ্ৰূকুটি দেখুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত সমগ্ৰ দেশৰ পৰা ১৩.১৩ লাখ কিশোৰী-যুৱতী নিৰুদ্দেশ হৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ সোঁহাত, অমিত শ্বাহ নেতৃত্বাধীন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই বিস্ফোৰক তথ্য সংসদত প্ৰকাশ কৰিছে৷ ২০১৫ চনত মহা আয়োজনেৰে নৰেন্দ্ৰ মোদী চৰকাৰে     ‘বেটী বচাও, বেটী পঢ়াও’ অভিযান আৰম্ভ কৰিছিল দেশত প্ৰতি ১০০০ ল’ৰা শিশুৰ অনুপাতে ৯১৬ টি কন্যাশিশুৰ জন্ম পোৱাৰ তথ্য দেখি৷ অৰ্থাৎ ভ্ৰূণ হত্যাৰ জৰিয়তে বিজেপি শাসিত উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আদি ৰাজ্যত কন্যা শিশুক জন্মৰ পূৰ্বেই নিশ্চিহ্ন কৰাৰ ভয়ংকৰ প্ৰৱণতা থকাত সেয়া ৰোধ কৰিবৰ বাবেই সেই কেইখন ৰাজ্যক লক্ষ্য কৰি ‘বেটী বচাও, বেটী পঢ়াও’ অভিযান আৰম্ভ কৰিছিল মোদী চৰকাৰে৷ সেই অভিযানৰ ফলাফল অন্য বিষয়, কিন্তু বিগত ৩ বছৰত দেশৰ পৰা ১৩ লক্ষাধিক কিশোৰী আৰু যুৱতী নিৰুদ্দেশ হোৱাৰ যি চৰকাৰী তথ্য পোহৰলৈ আহিছে, সেই তথ্যই দেশত জন্মলাভৰ পাছতো কিশোৰী আৰু যুৱতীৰ নিৰাপত্তাহীনতা ভয়ংকৰভাৱে উন্মোচন কৰি দিছে৷ ইয়াৰ পৰা তেনেই সহজভাৱে হোৱা উপলব্ধিটো হৈছে– মোদী চৰকাৰৰ ‘বেটী বচাও...’ অভিযান চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ এই  কিশোৰী আৰু যুৱতীসকল দেশৰ পৰা নোহোৱা হৈ পৰিছে৷ অৰ্থাৎ জন্মৰ পূৰ্বে ভ্ৰূণ হত্যাৰ জৰিয়তে দেশত কন্যাশিশুৰ জন্মৰ হাৰ কমিলেও জন্মৰ পাছতো ভাৰতত এতিয়া কিশোৰী আৰু যুৱতী নোহোৱা হৈ পৰাটো তেনেই সাধাৰণ ঘটনা যেন অনুভৱ হৈছে৷ এটা বিষয় স্পষ্ট, এই নিৰুদ্দেশ হোৱা ১৩.১৩ লাখ কিশোৰী আৰু যুৱতী দেশৰ ভিতৰত মৃত্যুৰ মুখত পৰা নাই৷ তেওঁলোকক কোনোবাই দেশৰ পৰা আঁতৰাই লৈ গৈছে৷ ইয়াৰ অন্যাৰ্থ হৈছে, ভয়ংকৰ নাৰী সৰবৰাহ৷ প্ৰকৃততে নাৰী সৰবৰাহৰ ঘটনাৰ ফলতেই বিগত তিনি বছৰত দেশৰ পৰা ১৩ লক্ষাধিক কিশোৰী আৰু যুৱতী নোহোৱা হৈ গৈছে৷ ‘নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ”ৱে সংগ্ৰহ কৰা তথ্য গৃহমন্ত্ৰণালয়ে যিহেতু সংসদত দাখিল কৰিছে সেয়ে ইয়াৰ বিশ্বাসযোগ্যতাক লৈ কোনো প্ৰশ্ন উত্থাপন নহয়৷ ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে জনোৱা অনুসৰি দেশৰ পৰা নিৰুদ্দেশ হোৱা ১০,৬১,৬৪৮ গৰাকী হৈছে ১৮ বছৰৰ ঊধবৰ্ৰ যুৱতী আৰু ২,৫১,৪৩০ গৰাকী হৈছে ১৮ বছৰৰ অনুধবৰ্ কিশোৰী৷ এই ১৩ লক্ষাধিক কিশোৰী আৰু যুৱতীক বিভিন্ন চুবুৰীয়া দেশলৈ সৰবৰাহ কৰা হৈছে মূলতঃ দেহ ব্যৱসায়ত জড়িত কৰাৰ বাবে৷ অৱশ্যে কিছুসংখ্যক কিশোৰী আৰু যুৱতীক অন্যান্য কাৰণতো দেশৰ পৰা আঁতৰাই নিয়া হৈছে৷ গৃহমন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কিশোৰী আৰু যুৱতী নিৰুদ্দেশ হোৱা ৰাজ্যৰ ভিতৰত শীৰ্ষস্থানত আছে বিজেপি শাসিত মধ্যপ্ৰদেশ আৰু দ্বিতীয় স্থানত আছে তৃণমূল কংগ্ৰেছ শাসিত পশ্চিমবংগ৷ মধ্যপ্ৰদেশৰ পৰা বিগত তিনি বছৰত ১,৬০,১৮০ গৰাকী যুৱতী আৰু ৩৮,২৩৪ কিশোৰী তথা পশ্চিমবংগৰ পৰা এই সময়ছোৱাত ১,৫৬,৯০৫ গৰাকী যুৱতী আৰু ৩৬,৬০৬ গৰাকী কিশোৰী নিৰুদ্দেশ হৈছে৷ তৃতীয় স্থানত আছে বিজেপিশাসিত আন এখন ৰাজ্য মহাৰাষ্ট্ৰ৷ এই ৰাজ্যৰ পৰা বিগত তিনি বছৰত নিৰুদ্দেশ হৈছে ১,৭৮,৪০০ যুৱতী আৰু ১৩,০৩৩ গৰাকী কিশোৰী৷

কেন্দ্ৰীয় চৰকাৰে সংসদত প্ৰকাশ কৰা অনুসৰি তেওঁলোকে এনেধৰণৰ কিশোৰী আৰু যুৱতীৰ নিৰুদ্দেশৰ বিৰুদ্ধে আৰু তেওঁলোকক নিৰাপত্তাৰ বাবে বহু পদক্ষেপ হাতত লৈছে৷ আনকি কেন্দ্ৰীয় চৰকাৰে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত থকা আইনো ২০১৮ চনত সংশোধন কৰিছে বুলি সদনত প্ৰকাশ কৰিছে৷ পিছে তাৎপৰ্যপূৰ্ণ ঘটনা এয়াই যে, মোদী চৰকাৰে নাৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন আইন আনিলেও যি পৰিসংখ্যা সদনত প্ৰকাশ কৰা হৈছে সেয়া ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰৰ তথ্য৷ অৰ্থাৎ আইন সংশোধন কৰিও চৰকাৰে নাৰী সৰবৰাহ বন্ধ কৰাত আৰু অন্যাৰ্থত বেটী বচাও অভিযানত চূড়ান্ত ব্যৰ্থ হৈছে৷ চৰকাৰে দাবী কৰা অনুসৰি এনেধৰণৰ নাৰী সৰবৰাহ ৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে সংযোগ পাব পৰাকৈ ফোন নম্বৰ যোগান ধৰা হৈছে৷ কাৰিকৰী অৰ্থাৎ বিভিন্ন প্ৰযুক্তিও চৰকাৰে ব্যৱহাৰ কৰিছে৷ দেশৰ ৮ খন চহৰ ক্ৰমে আহমেদবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ আৰু মুম্বাইত এনে ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘চেফ চিটী প্ৰজেক্ট’ ব্যৱস্থা গ্ৰহণ কৰিছে৷ তথাপি মোদী চৰকাৰৰ বেটী বচাও অভিযান এই পৰিসংখ্যাই ব্যৰ্থ হোৱা বুলিয়েই প্ৰতিপন্ন কৰিছে৷