Logo
image

ভাৰতলৈ ঘূৰাৰ পথ বন্ধ কৰিলে অঞ্জুৱে

জয়পুৰ, ৩১ জুলাইঃ স্বামী আৰু দুই সন্তানক এৰি গোপনে পাকিস্তানৰ প্ৰেমিকৰ কাষলৈ যোৱা অঞ্জু নামৰ মহিলাগৰাকী যে আৰু ভাৰতলৈ ঘূৰি নাহে, সেয়া প্ৰায় নিশ্চিত হৈছে৷ পাকিস্তানৰ খাইবাৰ পখটুনখাৱাৰ নছৰুল্লাহ নামৰ ফেচবুক প্ৰেমিকৰ ওচৰলৈ বৈধ ভিছাৰে যোৱা অঞ্জুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰি ফাটিমা নাম লয় আৰু নছৰুল্লাহৰ সৈতে বিয়াত বহে৷ এতিয়া এই কথা পোহৰলৈ আহিছে যে খাইবাৰ পখটুনখাৱাৰ এজন ব্যৱসায়ীয়ে অঞ্জুক এডোখৰ মাটি উপহাৰ দিয়াৰ লগতে চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ প্ৰেমৰ বাবেই ভাৰতৰ পৰা পাকিস্তানলৈ যোৱা অঞ্জুক তেওঁলোকে অতিথি হিচাপে গ্ৰহণ কৰে আৰু সকলোধৰণৰ সা-সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে৷ ইপিনে, অঞ্জুৱে টেলিফোনত ভাৰতত থকা স্বামী অৰবিন্দৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ লগতে ধমকিও দিয়ে৷ ইয়াৰ পৰা অনুমান হয় যে অঞ্জুৱে আৰু ভাৰতলৈ ঘূৰি নাহে৷ ২০ আগষ্টত অঞ্জুৰ ভিছাৰ ম্যাদ অন্ত পৰিব৷ কিন্তু তাৰ আগেয়ে তেওঁ ফাটিমা নাম হৈ নছৰুল্লাহৰ সৈতে বিয়াত বহাত তাতে চিৰস্থায়ীভাৱে থকাৰ সিদ্ধান্ত লোৱা বুলি সকলোৱে ধৰি লৈছে৷ নছৰুল্লাহৰ পৰিয়ালৰ লোক আৰু সম্পৰ্কীয়ই বিয়াৰ পাছত দুয়োকে বিভিন্নধৰণৰ উপহাৰ দিয়াও দেখা গৈছে এটা ভিডিঅ’ত৷ তাৰ মাজতে পাকিস্তানৰ ‘পাক ষ্টাৰ গ্ৰুপ অৱ কোম্পানীজ’ৰ নামৰ ৰিয়েল ইষ্টেট কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া মহছিন খান আব্বাছিয়ে অঞ্জুৰ বাবে মাটি দান কৰা আৰু চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে এটা ভিডিঅ’ৰ জৰিয়তে৷