Logo
image

ভোটৰ পূৰ্বেই হয় বালাকোট, নহয় পুলৱামা-২

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ আগষ্টঃ ২০২৪ চনৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই এইবাৰ দ্বিতীয় পুলৱামা আৰু দ্বিতীয় বালাকোট কাণ্ড সংঘটিত কৰিবলৈ পৰিকল্পনা কৰিছে৷ একেসময়তে বিজেপিয়ে সমগ্ৰ দেশ মণিপুৰসদৃশ কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ দেশৰ প্ৰখ্যাত আইনজীবি প্ৰশান্ত ভূষণে বিজেপিৰ আগন্তুক সাধাৰণ নিৰ্বাচন সন্দৰ্ভত কৰা পৰিকল্পনাৰ বিষয়ে নিৰ্ভৰযোগ্য  সূত্ৰৰ পৰা খবৰ পোৱা বুলি কৰা এই বিস্ফোৰক মন্তব্যই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ এটা সাক্ষাতকাৰৰ উদ্ধৃতি দি প্ৰশান্ত ভূষণে পুলৱামাৰ হত্যাকাণ্ড বিজেপি চৰকাৰৰ দ্বাৰা সংঘটিত হোৱা বুলিও দাবী কৰিছে৷ তেওঁ কয়– ‘পুলৱামাৰ ৪০জন চি আৰ পি এফৰ হত্যাকাণ্ড হয় চৰকাৰৰ গাফিলতিৰ বাবে হৈছিল, নহয় এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল৷ যদিহে চৰকাৰৰ গাফিলতিৰ বাবে হৈছিল, তেন্তে যি এই হত্যাকাণ্ড সংঘটিত কৰিছিল তেওঁলোকক এতিয়াও ধৰা নহ’ল কিয়৷ ঘটনাৰ তদন্তৰ প্ৰতিবেদন চাৰে চাৰি বছৰেও  ৰাজহুৱা নহ’ল কিয়?’ তেওঁ পুনৰ কয়– ‘চি আৰ পি এফৰ বিশাল কনভয়টো গাড়ীৰে নিয়াৰ সময়ত সমস্ত ‘ষ্টেণ্ডাৰ্ড প্ৰচিডিঅ’ৰ উলংঘা কৰা হৈছিল৷ প্ৰথমতে তেওঁলোকক নিবলৈ বিমান দিয়া নাছিল৷ গাড়ীৰে নিওতে মূল পথ সংযোগকাৰী পথত ‘বেৰিকেড’ দিয়া হোৱা নাছিল৷ ঘটনাৰ তিনি ঘণ্টালৈকে প্ৰধানমন্ত্ৰী নীৰব হৈ আছিল৷ যেতিয়া সত্যপাল মালিকে এক ঘণ্টাৰ ভিতৰতে তেওঁক খবৰ দিছিল, তেতিয়া প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ ৰাজ্যপালজনক মুখবন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল৷ তাৰ পাছতে তেওঁ সেই ঘটনাৰ পাক আনদিশে খুৱাইছিল৷ প্ৰত্যুত্তৰত বালাকোট কাণ্ড সংঘটিত কৰা হৈছিল আৰু সমস্ত ঘটনা বিজেপিৰ বিজয়ত ব্যৱহাৰ কৰা হৈছিল৷ অন্যথা বিজেপিৰ সেই বিপুল বিজয় সম্ভৱ নাছিল৷’ প্ৰশান্ত ভূষণে দাবী কৰি কয়– ‘২০২৪ত বিজেপিৰ নিশ্চিত পৰাজয় হ’ব৷ সেয়ে এইবাৰ বিজেপিয়ে পুলৱামা-২ আৰু বালাকোট-২ সংঘটিত কৰিব৷ নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা মই জানিব পাৰিছো, এইবাৰ ৰাম মন্দিৰত জইছ ই মহম্মদ বা আল কায়দাই আক্ৰমণ কৰিব৷ তেতিয়া চৰকাৰে পাকিস্তান অধিকৃত কাশ্মীৰলৈ সেনা প্ৰেৰণ কৰিব৷ এইবাৰ বায়ু সেনাৰ দ্বাৰা আকাশেৰে নহয়, স্থলসেনা প্ৰেৰণ কৰিব পাক অধিকৃত কাশ্মীৰলৈ৷ সেই কাৰ্যৰে দেশৰ জনতাৰ অনুকম্পা আদায় কৰি পুনৰ নিৰ্বাচনত বিজয়ী হ’ব বিজেপি৷ নহ’লে তিনি ঘণ্টা পুলৱামাৰ ঘটনাত নীৰৱ আৰু তিনি মাহ মণিপুৰৰ ঘটনাত নীৰৱ হৈ থকা প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত আন কোনো বিকল্প নাই৷’