Logo
image

এজেপিৰে লগ লাগিব নেকি বিপিএফ

আমাৰ অসম, ২৯ জানুৱাৰীঃ যিকোনো মুহূৰ্তত সলনি হ’ব পাৰে অসমৰ নিৰ্বাচনী সমীকৰণ৷ হ’ব পাৰে দুটা ৰাজনৈতিক দলৰ মাজত অভিনব মিত্ৰতা৷ শেহতীয়াভাৱে ইয়াৰে ইংগিত পোৱা গৈছে দল দুটাৰ নেতৃত্বৰ মন্তব্যৰ পৰা৷ নিৰ্বাচনৰ পূৰ্বে বি পি এফ আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা হ’লেও আচৰিত হ’বলগীয়া একো নাই৷ কাৰণ বিজেপিয়ে বি পি এফৰ সংগ ত্যাগ কৰি ইতিমধ্যে ইউ পি পি এৰ সৈতে মিত্ৰতা কৰিছে৷ কেবল বিটিচি নিৰ্বাচনতে নহয়, বিধানসভাৰ আগন্তুক নিৰ্বাচনতো এই মিত্ৰতা অক্ষুন্ন থাকিব৷ দুয়োটা মিত্ৰ দলে এই সিদ্ধান্ত ঘোষণা কৰিছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰক্ষেপিত মহাজোটত অংশ হোৱাৰ বাবে অস্বীকাৰ কৰিছে বি পি এফ দলে৷ যাৰ ফলত অসম জাতীয় পৰিষদৰ দৰে আঞ্চলিক দলৰে মিত্ৰতা কৰাৰ বাহিৰে বিকল্প পথ হোৱা নাই বি পি এফৰ সন্মুখত৷ বৰ্তমানো সোণোৱাল মন্ত্ৰীসভাত থকা বিপিএফৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বৃহস্পতিবাৰে আচম্বিতে অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈৰ প্ৰশংসাত পঞ্চমুখৰ  হৈ পৰে৷ আজি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মন্ত্ৰী ব্ৰহ্মই কয়– আনি একলা চলো নীতিহে গ্ৰহণ কৰিছো৷ বি পি এফ দলে বিধানসভা নিৰ্বাচনত অকলে যুঁজ দিব৷ বি টি চিৰ বাৰখন আসনতে বি পি এফৰে প্ৰাৰ্থী দিব৷ অৱশ্যে নিৰ্বাচনোত্তৰ পৰিস্থিতি বেলেগ হ’ব৷ বিজেপিৰ লগত যিমান দিনলৈ আমাৰ মিত্ৰতা আছে সিমান দিনলৈ আমি মন্ত্ৰীসভাত থাকিম৷ এই মিত্ৰতাৰ ‘ৰিনিউ’ আমি বিচৰা নাই৷ বিজেপিয়ে নিবিচাৰিলে আমি কিয় বিচাৰিম৷ আমি বিজেপিক খাতিৰ কিয় কৰিম? অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থক আঘাট হনা ইচ্ছু্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যিসকল ওলাই আহিব তেওঁলোকৰ প্ৰতি আমাৰ সমৰ্থন আছে৷ নতুন ৰাজনৈতিক দলবিলাক উঠি আহিছে৷ তেওঁলোকে নিজাববীয়াকৈ কাম কৰি থাকক৷ কোনো আঞ্চলিক দলে অকলে আগবাঢ়ি যাব নোৱাৰে৷ আঞ্চলিক দল সমূহ একত্ৰিত হ’লে ভাল হয়৷ আঞ্চলিক দলসমূহে একত্ৰিত হোৱাৰ দৰকাৰ আছে৷ লুৰিনজ্যোতি গগৈ নৱপ্ৰজন্মৰ এজন সক্ৰিয় নেতা৷ তেওঁ আগবাঢ়ি যোৱাটো আমি বিচাৰো৷ অসমৰ সু-সন্তান হিচাপে তেওঁ আগবাঢ়ক৷ খিলঞ্জীয়া লোকৰ কাৰণে শুদ্ধ অন্তৰৰে চিন্তা কৰক৷ তেওঁৰ উন্নতি হোৱাটো, তেওঁ আগবাঢ়ি যোৱাটো বিচাৰো৷ ৰাজনীতিত তেওঁ এখন ভাল আসন পাওঁক৷’ উল্লেখ্য যে অসম জাতীয় পৰিষদে আঞ্চলিক শক্তিসমূহ একত্ৰিত হোৱাৰ লগতে আৰম্ভণিৰে পৰা মত প্ৰকাশ কৰি আহিছে৷