Logo
image

হাতত বন্দুক লৈ কাজিৰঙাত আয়ুষ্মান

আমাৰ অসম, ২৯ জানুৱাৰীঃ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ইয়াৰ চাৰিওকাষে থকা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি শেহতীয়াকৈ অধিক আকৰ্ষিত হৈছে বলিউডৰ তাৰকাসকল৷ ইতিমধ্যে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বলিউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্ছন, অমিৰ খান, কৰণ জোহৰ, কিশোৰ কুমাৰ, আশা ভোচলে, হেমা মালিনী, আসৰাণীকে আদি কৰি বহুসংখ্যক বলিউডৰ শিল্পী, গায়কে ভ্ৰমণ কৰাৰ পাছত বলিউডৰ বিকি ড’নাৰখ্যাত চিত্ৰতাৰকা তথা গায়ক আয়ুষ্মান খুৰানাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে বলিউডৰ আন সহঃশিল্পীৰ সৈতে চিনেমাৰ শ্বুটিং কৰি থকাৰ খবৰে কাজিৰঙাৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয়া কাৰ্বি আংলং জিলাৰ প্ৰাকৃতিক মনোৰম দৃশ্যৰ প্ৰতি আকৰ্ষিত হৈ উত্তৰ পূৰ্বাঞ্চলৰ পটভূমিত এখন চলচিত্ৰ নিৰ্মাণ কৰাৰ উদ্দেশ্যে বলিউডৰ চিত্ৰ তাৰকাজেন সহঃশিল্পীৰ সৈতে কাজিৰঙাৰ এখন বিলাসী পৰ্যটন নিবাসত বাহৰ পাতি আছে৷ বলিউডৰ চিত্ৰ পৰিচালক অনুভৱ সিন্‌হাৰ পৰিচালনাত কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাত ‘অনেক’ নামৰ এখন হিন্দী থ্ৰিলাৰ চিনেমাৰ শ্বুটিং চলি আছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি আংলঙৰ ডলামৰাৰ নৈসৰ্গিক দৃশ্যৰ মাজত কটকটীয়া নিৰাপত্তা বেষ্টনিত ঘন অৰণ্যত সহঃশিল্পীৰ সৈতে হাতত পুতলা বন্দুক লৈ অনুশীলনত ব্যস্ত হৈ আছে আয়ুষ্মান খুৰানা৷ আজৰি সময়ত ক্ৰিকেটো খেলিছে৷ মাজে সময়ে নিজৰ মোবাইল ফোনেৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ ফটো তুলিছে৷ ছবিখনত তেওঁৰ বিপৰীতে নায়িকা হ’ব কেটৰিনা কাঈফ৷  বৰ্তমান কেটৰিনা কাঈফ কাজিৰঙালৈ অহা নাই যদিও পৰৱৰ্তী সময়ত অহাৰ সম্ভাৱনা আছে৷ ডলামৰাত চলি থকা শ্বুটিংস্থলীত এতিয়া হৈছে সাংঘাতিক ভিৰ৷ বলিউডৰ তাৰকাক কাষৰ পৰা এবাৰ চাবলৈ বহু দূৰ-দূৰণিৰ পৰা সোঁত বৈছে অনুৰাগীৰ৷ ডলামৰাৰ উপৰি কাজিৰঙা আৰু ৰংবংৱেতো উক্ত ছবিখনৰ চিত্ৰগ্ৰহণ হ’ব৷ অসমৰ উপৰি নাগালেণ্ড আৰু মণিপুৰৰ শিল্পীয়েও এই ছবিখনত অংশগ্ৰহণ কৰিছে৷ কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত এটা ব্যক্তিগত পৰ্যটন নিবাসত চিত্ৰ তাৰকাজনে বাহৰ পাতি ছবিখনৰ দৃশ্যগ্ৰহণ চলাই আছে৷ প্ৰায় ২০ দিন কাজিৰঙাত শ্বুটিং চলাৰ সম্ভাৱনা আছে৷ ইফালে কালি চিত্ৰ তাৰকাজনে দহজন সহঃশিল্পীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আনন্দিত হৈ পৰে৷ জানিব পৰা মতে, বলিউডৰ তাৰকা আয়ুষ্মান খুৰানাই সহঃশিল্পীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত জীপ ছাফাৰী কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰায় আঢ়ৈ ঘণ্টা ধৰি জীপ ছাফাৰী কৰি গঁড়, হাতী, পহুৰ জাক, বিভিন্ন প্ৰজাতিৰ পক্ষী তথা ইয়াৰ প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে তাৰকাজন৷ এনেধৰণৰ তাৰকাৰ আগমনে কাজিৰঙালৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি পৰ্যটন ব্যৱসায়ীয়ে মতপ্ৰকাশ কৰে৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা দোহাৰি থকাত অধিক জনপ্ৰিয়তা লাভ কৰাত দেশ আৰু বিদেশতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰ্চা বৃদ্ধি পাইছে৷ আনহাতে, বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰাত বন্যপ্ৰাণীৰ হাহাকাৰ অৱস্থা হৈছিল ৷ এই কথা সংবাদ মাধ্যমৰ যোগেদি বলিউডৰ তাৰকা অক্ষয় কুমাৰে জানিব পাৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে এক কোটি টকাৰ অনুদান আগবঢ়াইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষলৈ৷ এই বাতৰি প্ৰচাৰ হোৱাতো কাজিৰঙাৰ জনপ্ৰিয়তা বাঢ়িছে বুলি উদ্যান কত্তৃৰ্পক্ষই মতপ্ৰকাশ কৰিছে৷ ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকে বলিউডৰ তাৰকা আয়ুষ্মান খুৰানাক কাষৰ পৰা এবাৰ চাবলৈ, এখন ছেলফী তুলিবলৈ হেতা-ওপৰা লগাইছে যদিও সম্পূৰ্ণ নিৰাপত্তা বেষ্টনিৰ মাজত  দূৰত্ব বজাই ৰাখি চিত্ৰ তাৰকাজনে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷