Logo
image

২৪ কোটি টকা আত্মসাতৰ অভিযোগঃ সংবাদ মেলত উচাট মাৰি উঠি গ’ল নুছৰৎ

পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে টলীউডৰ মোহময়ী অভিনেত্ৰী তথা তৃণমূলৰ সাংসদ নুছৰত জাহান৷ অভিনয়-ৰাজনীতিক জীৱনে নহ’লেও নিজৰ ব্যক্তিগত জীৱনৰ প্ৰেম-ৰোমাঞ্চকৰ পৰ্বই মাজে মাজে ছ’চিয়েল মিডিয়াত তোলপাৰ লগাই থকা বংগৰ সুন্দৰীয়ে৷ অভিনেত্ৰীগৰাকীয়ে এইবাৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে অৰ্থনৈতিক অপৰাধৰ বাবে৷ শেহতীয়াকৈ ২৪ কোটি টকা প্ৰতাৰণাৰ অভিযোগ উঠিছে বংগ কন্যাৰ বিৰুদ্ধে৷ তৃণমূলৰ সাংসদ নুছৰতৰ বিৰুদ্ধে উঠা অভিযোগত কোৱা হৈছে যে তেওঁ এটা সংস্থাৰ ডিৰেক্টৰ হৈ থাকোতে অনেকক সংস্থাৰ ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু নুছৰতে সকলোকে আভুৱা ভাৰিলে৷ নুছৰতৰ বিৰুদ্ধে  ২৪ কোটি টকা আত্মসাতৰ অভিযোগ তুলি ই ডিৰ ওচৰ চাপিছে  বিৰোধী দল বিজেপিৰ দলনেতা শুভেন্দু অধিকাৰী৷ নুছৰতৰ বিৰুদ্ধে উঠা অভিযোগৰ ভিত্তিত বুধবাৰে সাংবাদিকৰ সন্মুখত এই অভিযোগ ভিত্তিহীন বুলি অস্বীকাৰ কৰাৰ লগতে তৃণমূলৰ সাংসদগৰাকীয়ে  সাংবাদমেলত উচাট মাৰি উঠি যায়৷ বিজেপি নেতা শংকুদেৱ পাণ্ডাৰ অভিযোগ ২০১৪-১৫ চনত চাৰি শতাধিক জ্যেষ্ঠ নাগৰিকে ‘চেভেন চেন্স ইনফ্ৰাষ্ট্ৰাকচাৰ’ নামেৰে এটা সংস্থাত ধন জমা ৰাখিছিল৷ প্ৰত্যেকৰ পৰা ৫.৫ লাখ টকা লোৱা হৈছিল আৰু এক হাজাৰ বৰ্গফুটৰ ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ কিন্তু ২০১৮ চনত জ্যেষ্ঠ নাগৰিকসকলক জনোৱা হয় যে প্ৰকল্পটো বাস্তৱায়িত নহ’ল আৰু ধনৰাশি ঘূৰাই দিয়া হ’ব৷ কিন্তু অনেকেই এই ধন ঘূৰাই নোপোৱাৰ অভিযোগ উঠিছে৷ প্ৰসংগটো গৈ আদালতৰ মজিয়া পায়গৈ৷  নুছৰতক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷ কিন্তু নুছৰত আদালতত হাজিৰ নহ’ল৷ প্ৰসংগটো বৰ্তমান আদালতৰ বিচৰাধীন৷ বিষয়টোক লৈ বিজেপি নেতা শুভেন্দু অধিকাৰী ই ডিৰ কাষ চাপে৷ শুভেন্দুৰ অভিযোগ নুছৰতে ফ্লেটটো দুৰ্নীতিৰ টকাৰে ক্ৰয় কৰা৷ ইফালে সংবাদমেলত নুছৰতে কয়– সংস্থাৰ যোগেদি ৰ কোটি ১৬ লাখ ৩০ হাজাৰ ২৮৫ টকা ঋণ লোৱা হৈছিল৷ ২০১৭ চনত ৰ কোটি ৪০ লাখ ৭১ হাজাৰ ৯৯৫ টকা সুদসহ ঘূৰাই দিয়া হৈছিল কোম্পানীক৷ ২০১৭ চনৰ মাৰ্চত ডিৰেক্টৰ পদৰ পৰা ইস্তফা দিয়া বুলি সদৰী কৰে নুছৰতে৷