Logo
image

ভাৰতীয় সেনাৰ আছাম ৰেজিমেণ্টত অগ্নিবীৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ৪৪ জন জোৱানে

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰে প্ৰায় ডেৰ বছৰ পূৰ্বে প্ৰতিৰক্ষা বিভাগৰ অধীনৰ তথা দেশৰ সশস্ৰ বাহিনীৰ তিনিওটা শাখা ক্ৰমে- স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাত প্ৰথম পৰ্যায়ত চাৰি বছৰীয়া কাৰ্যকালৰ বাবে 'অগ্নিবীৰ' নামৰ নতুন নামাকৰণেৰে জোৱানৰ পদ সৃষ্টি কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশজুৰি বিভিন্ন দল-সংগঠনে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি দেশৰ প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত এনে ধৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈও দাবী কৰা হৈছিল। কিন্তু চৰকাৰে এই প্ৰতিবাদক নেওচি প্ৰতিৰক্ষা বাহিনীৰ তিনিওটা শাখাতে অগ্নিবীৰৰ বাবে পূৰ্বৰ দৰে বিজ্ঞাপন প্ৰকাশ কৰে। বিজ্ঞাপন অনুসৰি ভাৰতীয় সেনাৰ আন আন ৰেজিমেণ্টৰ দৰে আছাম ৰেজিমেণ্টটো জোৱান পদত কেইবাশতাধিক যুৱকে বিগত বৰ্ষত আৱেদন কৰিছিল আৰু তাৰ পৰা কেবাটাও পৰ্যায়ত বাচনি পৰীক্ষাৰ জৰিয়তে ৪৪ জনক অগ্নিবীৰৰ বাবে বাচনি কৰা হৈছিল। 

অৱশেষত অসমকে ধৰি উত্তৰ পূবৰ স্মৃতি বিজৰিত শ্বিলঙৰ হেপীভেলীত থকা আছাম ৰেজিমেণ্টেল চেন্টাৰত অগ্নিবীৰৰ প্ৰথম বেটছৰ ৪৪ জন জোৱানে ৫ আগষ্টত প্ৰায় ১০ মহীয়া কঠোৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা উপলক্ষে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। সমাৰোহত প্ৰশিক্ষণ সম্পূৰ্ণ কৰা জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰে আসাম ৰেজিমেণ্টেল চেন্টাৰৰ কমাডেণ্ট বিগ্ৰেডিয়াৰ দিনেশ চন্দ্ৰ সিং কান্যালে। এই উপলক্ষে অনুষ্ঠানত বিগ্ৰেডিয়াৰ কান্যালে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা সকলো জোৱানৰ উজ্জ্বল ভবিষ্যত কামনা কৰে আৰু আগন্তুক দিনতো যাতে তেওঁলোকে বাহিনীটোৰ গৌৰৱ বৃদ্ধি কৰিব পাৰে তাৰ বাবে কাম কৰি যাবলৈ দিহা-পৰামৰ্শ প্ৰদান কৰে। আনহাতে অনুষ্ঠানটোত জোৱান সকলৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ বহু সদস্য উপস্থিত থাকে আৰু তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা জোৱানসকলক দেশৰ বিভিন্ন প্ৰান্তত থকা আছাম ৰেজিমেণ্টৰ ইউনিট সমূহত নিয়োগ কৰা হব আৰু দেশমাতৃৰ সেৱা কৰিব লাগিব। চৰকাৰৰ নতুন নীতি অনুসৰি দক্ষতা আৰু যোগ্যতাৰ ভিত্তিত চাৰি বছৰ পাছত ইয়াৰে ২৫ শতাংশক জোৱানক বাহিনীটোত স্থায়ী নিযুক্তি দিয়া হব।