Logo
image

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এছ এছ বিৰ সঞ্চালক প্ৰধান ৰশ্মি শুক্লাৰ সাক্ষাৎঃ ভাৰত-ভূটান সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মত-বিনিময়

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত-ভূটান আৰু ভাৰত-নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত হৈ থকা সশস্ৰ সীমা বল চমুকৈ এছ এছ বিৰ সঞ্চালক প্ৰধান ৰশ্মি শুক্লাই দেওবাৰে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আহি গুৱাহাটীত উপস্থিত হৈছে। তিনিদিনীয়া ভ্ৰমণকালত শুক্লাই অসমত ভাৰত-ভূটান সীমান্তৰ কেতবোৰ দুৰ্গম অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বাহিনীটোৰ বিষয়া - জোৱানসকলৰ সৈতেও মত-বিনিময় কৰিব। দেওবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত সঞ্চালক প্ৰধান ৰশ্মি শুক্লাই পোনে পোনে এছ এছ বিৰ সোণাপুৰস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত উপস্থিত হয়। তাৰ পিছত তেওঁ বাহিনীটোৰ বিষয়া-জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰে। তাৰ পাছত সৈনিক সন্মিলনত অংশগ্ৰহণ কৰে। আনহাতে বিয়লি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত হিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভাৰত-ভূটান সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মত-বিনিময় কৰে৷ শুক্লাই মুখ্যমন্ত্ৰীক বাহিনীটোৰ স্মাৰকৰ উপৰি এটা গছপুলি প্ৰদান কৰে।