Logo
image

মূল্যবৃদ্ধি নস্যাৎ কৰি যোগান মন্ত্ৰীৰ ‘ব্ৰেণ্ডেড চাউল’ ফৰ্মূলা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্টঃ এসপ্তাহৰ ভিতৰত চাউলৰ  মূল্য হ্ৰাস পাব বুলি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সদস্তে ঘোষণা কৰাৰ দুদিন পাছতে ৰাজ্যৰ বজাৰত পুনৰ বৃদ্ধি পালে চাউলৰ মূল্য৷ কিন্তু নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচৰা মন্ত্ৰী দাসে এইবাৰ আৱিষ্কাৰ কৰিলে ‘ব্ৰেণ্ডেড চাউল’ৰ এক অদ্ভূত ফৰ্মুলা৷ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী দাসৰ এই নতুন ফৰ্মূলা মতে মধ্যবিত্ত শ্ৰেণীটোৱে ব্ৰেণ্ডেড চাউল খায় কাৰণে হেনো অধিক মূল্য ভৰিব লগা হৈছে৷ চৰকাৰৰ ঘৰৰ পৰা যি ৮৪ শতাংশ লোকে বিনামূলীয়া চাউল পাই আছে তেওঁলোকৰ ক্ষেত্ৰত চাউলৰ দাম বৃদ্ধিৰ বিষয়টো অহা নাই৷ নিজকে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ‘দুই নম্বৰ’ মন্ত্ৰী বুলি সুযোগ মানেই দাবী কৰি ফুৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই আচহুৱা যুক্তিক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ কৃষি মন্ত্ৰীৰ দায়িত্বত নীলমণি সেন ডেকাই দুই টকাত ভাত পোৱা যায় বুলি ৰাজহুৱা মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত কৰিছিল৷ মন্ত্ৰীজনৰ এই মন্তব্যই সেই সময়ত চৰকাৰখনক বাৰুকৈয়ে বিপদত পেলাইছ৷

শেহতীয়াভাৱে মন্ত্ৰী ৰঞ্জিত দাসৰ একাধিক বিতৰ্কিত মন্তব্যও চৰকাৰখনক যেন বিব্ৰত কৰি তুলিছে৷ শাক-পাচলিৰ মূল্যবৃদ্ধি হ’লেই বাতৰি কাকত যেতিয়া যোগান মন্ত্ৰীক গালি পাৰে তেতিয়া এই বাতৰি গঢ়ি হাঁহি উঠা বুলি দম্ভালিপূৰ্ণ মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসে কৈছিল যে শাক-পাচলিৰ মূল্যবৃদ্ধিৰ সৈতে যে যোগান বিভাগৰ কোনো সম্পৰ্ক নাই সেই বিষয়ে সংবাদ মাধ্যমৰ লোকৰ স্থান নাই৷ সংবাদ মাধ্যমক এনেদৰে উপলুঙা আৰু কটাক্ষ কৰাৰ দুদিন পিছতে যোগান বিভাগৰ বিষয়াসকল গুৱাহাটীৰ  মূল্যবৃদ্ধি নিয়ন্ত্ৰণ অভিযানত নামি পৰে৷ শাক-পাচলিৰ মূল্যবৃদ্ধি বজাৰে বজাৰে ৰোধৰ বাবে আনকি যোগান বিভাগে টাস্ক ফোৰ্চো গঠন কৰি দিয়ে৷ দেওবাৰে চাউলৰ লগতে অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিষয়টোক নস্যাৎ কৰি মন্ত্ৰী দাসে ‘ব্ৰেণ্ডেড চাউলৰ’ এক নতুন ফৰ্মুলা উদ্ভাৱন কৰি ইয়াক সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰে৷ মন্ত্ৰী দাসে কয়– ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে ৮৪ শতাংশ লোকক চৰকাৰে ৩২ কিলোগ্ৰামকৈ চাউল দি আছে৷ সেয়ে দুখীয়া মানুহৰ ক্ষেত্ৰত চাউলৰ দাম বৃদ্ধিৰ সমস্যাটো আহি পৰা নাই৷ যিসকল মধ্যবিত্তই ব্ৰেণ্ডেড চাউল খায় সেইসকলে অতিৰিক্ত দাম ভৰি আছে৷ বিশ্বত যিমান চাউল ব্যৱহাৰ হয় তাৰে ৩০ শতাংশ ভাৰতবৰ্ষই উৎপাদন কৰে৷ ভাৰতবৰ্ষৰ চাউল ১৫ানি হৈ থকাৰ কাৰণে চাউলৰ দাম কিছু বাঢ়িছে৷ মূল্যবৃদ্ধি নিৰ্ভৰ কৰে যোগান আৰু চাহিদাৰ ওপৰত৷ আমাৰ চাহিদা যিহেতু বেছি, তাৰোপৰি ভাৰতৰ পৰা চাউল ৰপ্তানি কৰি থকা হৈছিল সেয়ে চাউলৰ মূল্যবৃদ্ধি হৈছে৷ কেন্দ্ৰীয় চৰকাৰে কিছুদিন আগতে বিদেশলৈ চাউলৰ ১৫ানি বন্ধৰ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্ত গ্ৰহণৰ পিছত চাউলৰ দাম এতিয়া কমি আহিব৷ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু ময়ো মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন৷ প্ৰধানমন্ত্ৰী মোদীয়ে নি(য় পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হ’ব৷ আগতে আমি ধান বিক্ৰী কৰিছিলো বাৰশ, তেৰশ টকাত৷ আগৰবাৰ ২০৪০ টকাকৈ বিক্ৰী কৰিলে ধান৷ এইবাৰ ২১৮৩ টকাকে চৰকাৰে ধান কিনিব৷ কৃষকক যিহেতু ২১৮৩ টকা দিয়া হ’ব সেয়ে স্বাভাৱিকতে চাউলৰ দামো বৃদ্ধি হ’ব৷’ মন্ত্ৰীদাসে দাম বৃদ্ধিক নস্যাত কৰিবলৈ যি যুক্তিয়ে নিদিয়ক কিয় আজিৰ তাৰিখত ৰজাঘৰ-প্ৰজাঘৰ উভয় নিয়ন্ত্ৰণহীন দাম বৃদ্ধিক লৈ দিশহাৰা হৈ পৰিছে৷ আনকি সৰ্বসাধাৰণ লোকৰ পৰা সত্ৰাধিকাৰ পৰ্যন্ত উদ্বিগ্ন হৈ পৰিছে দাম বৃদ্ধিক লৈ৷ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে দাম বৃদ্ধিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি কয়– দাম বৃদ্ধি অত্যন্ত দুখলগা বিষয়৷ এনেদৰে মূল্যবৃদ্ধি হৈ থাকিলে জনতাই কিদৰে নিজৰ ঘৰখন চলাব৷ এশ টকাৰ ভিতৰত কিনা ৰহৰ ডাইলৰ দাম ১৪০ টকা হ’ল৷ মানুহে দেখোন পচলা, কলডিল ভাজি খাই থাকিব লাগিব৷ আমি সেইটো যুগলৈ যাব বিচৰা নাই৷ যিমানে সীমাবদ্ধতা নাথাকক কিয় চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷