Logo
image

‘বিদ্যাৰ্থী’ হৈ গ’ল কলেজ অধ্যক্ষ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ আগষ্টঃ অসমৰ ইতিহাসত এইবাৰ নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে৷ ‘বিদ্যাৰ্থী’ হৈ গ’ল খোদ কলেজ শিক্ষক! ৰাজ্যৰ একাংশ আগশাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ-অধ্যাপকৰ মাজত চলিছে এতিয়া গেৰুৱা বসন পিন্ধাৰ ৰাজনীতি৷ যি সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ঐতিহাসিক এটা সমষ্টিৰ নাম নোহোৱা কৰা কাৰ্যৰ বিৰোধিতাৰে ৰাজহুৱা সভাত বক্তব্য ৰখাৰ বাবে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মুকুন্দ শৰ্মাক চৰকাৰে নিলম্বন কৰিছে৷ যি সময়ত শিক্ষক-কৰ্মচাৰীয়ে সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰি পোষ্ট দিলে চৰকাৰৰ ৰোষত পৰে, ঠিক সেই সময়তে সকলোকে আচৰিত কৰি ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষই শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য পদ গ্ৰহণৰ বাবে হেতা ওপৰা লগোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰে ব্যক্তিগত টিউচন কৰা শিক্ষকক নাকী লগোৱাৰ সময়তে একাংশ অধ্যক্ষ-অধ্যাপকে ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰা কাৰ্যই স্বাভাৱিকতেই সকলোকে স্তম্ভিত কৰি তুলিছে৷ যোৰহাটৰ ঐতিহ্যমণ্ডিত জগনাথ বৰুৱা মহাবিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, লখিমপুৰৰ নৰ্থ লখিমপুৰ কলেজ, শিলচৰৰ গুৰুচৰণ কলেজৰ লগতে নলবাৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ‘স্বনামধন্য’ অধ্যক্ষ আৰু অধ্যাপকে এবিভিপিৰ সদস্য পদ গ্ৰহণ কৰিছে৷ শিক্ষা বিভাগে শিক্ষানুষ্ঠানৰ চৌহদত দল-সংগঠনৰ সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ সময়ত কি উদ্দেশ্যত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষকে বিজেপিৰ ভাতৃ সংগঠনৰ সদস্য পদ গ্ৰহণ কৰিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষ-অধ্যাপকে গেৰুৱা দলৰ সদস্যপদ গ্ৰহণ কৰিলেও শাসকীয় বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালতে বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ বিভিন্ন বিষয়বাবত থকা চৰকাৰী শিক্ষকক চাকৰিৰ পৰা নিলম্বন কৰাৰো নজিৰ আছে৷ কিন্তু শাসকীয় দলৰ ভাতৃ সংগঠনৰ সদস্য পদ গ্ৰহণ কৰিলে সাত খুন মাফৰ দৰে চৰকাৰে এইসকল গেৰুৱা শিক্ষকৰ বিৰুদ্ধে বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ৰাজনৈতিক দিশত এবিভিপি ইমানেই প্ৰভাৱশালী সংগঠন যে কিছুদিন পূৰ্বে বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবিভিপিক চোৰ-ডকাইতৰ লগত তুলনা কৰি শেষত ছাত্ৰ সংগঠনটোৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ বাধ্য হৈছিল খোদ মন্ত্ৰীজনে৷ এবিভিপিয়ে ৭৫ সংখ্যক বৰ্ষ সম্পূৰ্ণ কৰাত ৰাজ্যজুৰি সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে৷ বিজেপিৰ ছাত্ৰ সংগঠনটোৱে প্ৰথমবাৰলৈ বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষকক সদস্য পদ দিয়াৰ বাবে পহিলা আগষ্টৰ পৰা সাত আগষ্টলৈ বিশেষ অভিযান আৰম্ভ কৰিছে৷ এই উদেশ্যেই ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষ-অধ্যাপকক ইতিমধ্যে এবিভিপিয়ে গেৰুৱা বসন পিন্ধাইছে৷ এবিভিপিয়ে নিজৰ ফেচবুক পেজত উল্লেখ কৰা অনুসৰি শনিবাৰে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতীয়া, ৰাজ্যিক সভাপতি  ড॰ ৰবীন কাকতি আৰু মহাবিদ্যালয়খনৰ আন কেইবাজনো অধ্যাপকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যাপকৰ দলটোৱে প্ৰাথমিক সদস্য পদৰ প্ৰমাণ পত্ৰ গ্ৰহণৰ ফটোও আপলোড কৰিছে এবিভিপিয়ে৷ একেদিনাই উজনি অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাটৰ জগনাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ উৎপল জ্যোতি মহন্ত, অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা প্ৰশাসনিক মুৰব্বী কৌশিক সন্দিকৈ আৰু জে বি কলেজৰ অধ্যাপক শুভাশিষ শৰ্মাই এবিভিপিৰ সদস্য পদ গ্ৰহণ কৰে৷ আনহাতে বৰাকতো শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ বিভাস দেৱ আৰু ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক সৈকেতেন্দু দেৱৰয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে৷ ইয়াৰোপৰি নলবাৰী জিলাৰ একেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপকে বিজেপিৰ ভাতৃ সংগঠনটোৰ সদস্য পদ গ্ৰহণৰ কথা ফেচবুক পেজত ৰাজহুৱা কৰিছে এবিভিপিয়ে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, ৰাজ্যত কোনো কোনো শিক্ষক-শিক্ষাবিদে ৰাজনৈতিক দলৰ হৈ কাম কৰি আহিছে যদিও অসমৰ ইতিহাসত প্ৰথমবাৰলৈ কোনো মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যাপকে শিক্ষানুষ্ঠানৰ কাৰ্যালয়ৰ কোঠাত আনুষ্ঠানিকভাৱে ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ সদস্য পদ গ্ৰহণ কৰা দেখা গ’ল৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয়, প্ৰত্যক্ষভাৱে বিজেপি দলৰ সদস্য পদ গ্ৰহণত অসুবিধা থকাৰ বাবেই ব্যক্তিগত স্বাৰ্থত অধ্যক্ষ-অধ্যাপকসকলে বিজেপিৰ ভাতৃ সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰি নিজৰ আনুগত্য প্ৰকাশ কৰিছে নেকি? মহাবিদ্যালয়ৰ অধ্যক্ষ-অধ্যাপকে এবিভিপিৰ সদস্য পদ গ্ৰহণ কৰাক লৈ ৰাজ্যৰ বৌদ্ধিক সমাজৰ লগতে সচেতন মহলেও ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক সুব্ৰত দত্তই কয়–সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধী সভাত অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰা চৰকাৰে এবিভিপিক শিক্ষকক অংশগ্ৰহণ কৰোৱাৰ অনুমতি দিলে কেনেকৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিক্ষকে ব্যক্তিগত টিউচন কৰিব নোৱাৰে, সামাজকি মাধ্যমত পোষ্ট দিব নোৱাৰে, ৰাজনৈতিক সভা-সমিতিত অংশ ল’ব নোৱাৰে৷ আনকি ছাত্ৰ সংগঠনসমূহেও শিক্ষানুষ্ঠানৰ চৌহদত সভা সমিতি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কিন্তু ইয়াৰ পাছতো এবিভিপিৰ ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা প্ৰযোজ্য নহয় কিয়? মহাবিদ্যালয়ৰ অধ্যক্ষজনেই যেতিয়া এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ সদস্য পদ গ্ৰহণ কৰে, তেনেহ’লে সেইসমূহ মহাবিদ্যালয়ত কি ধৰণৰ সাম্প্ৰদায়িক নীতি শিক্ষা দিব, সেয়া কল্পনাই কৰিব নোৱাৰি৷ এতিয়া চৰকাৰে ৰাজনৈতিক দলৰ সদস্য পদ লোৱা অধ্যক্ষ-অধ্যাপকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নে?

জেবি কলেজৰ অধ্যাপকসহ অধ্যক্ষই যোগদান কৰিলে ছাত্ৰ সংগঠনত, তীব্ৰ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু এজন অধ্যাপকে এটা ছাত্ৰ সংগঠনটোত যোগদান কৰিছে৷ শনিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা সামাজিক মাধ্যমযোগে সদৰী কৰা মতে যোৰহাটৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক ছাত্ৰ সংগঠনটোৰ সদস্যতা গ্ৰহণ কৰোৱা হয়৷ ইয়াৰ ভিতৰত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ উৎপলজ্যোতি মহন্ত, মহাবিদ্যালয়খনৰ অধ্যাপক শুভাশিস শৰ্মা আৰু অসম মহিলা বিদ্যালয়ৰ অধ্যাপক তথা প্ৰশাসনিক মুৰব্বী কৌশিক সন্দিকৈয়ে ছাত্ৰ সংগঠনটোত যোগদান কৰে বুলি ৰাজহুৱা কৰা হৈছে৷ সামাজিক মাধ্যমযোগে ইয়াৰ আলোকচিত্ৰও প্ৰচাৰ কৰা হৈছে৷ এনেদৰে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকে এটা ছাত্ৰ সংগঠনৰ সদস্য পদ গ্ৰহণ কৰাটোৱে শৈক্ষিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইফালে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকে কি পৰিস্থিতিত ছাত্ৰ সংগঠনৰ সদস্য পদ গ্ৰহণ কৰিবলগীয়া হ’ল সেয়াও চৰ্চিত বিষয় হৈ পৰিছে৷ এই সন্দৰ্ভত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ মহন্তৰ সৈতে ‘আমাৰ অসম’ৰ তৰফৰ পৰা যোগাযোগ কৰাত তেওঁ ছাত্ৰ সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰাৰ বিষয়টো অস্বীকাৰ কৰি কয় যে দুজন যুৱক তেওঁৰ ওচৰলৈ আহি এখন কিতাপ প্ৰদান কৰিছিল আৰু যোৱাৰ সময়ত তেওঁলোকে একপি ফটো তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷ কিন্তু ছাত্ৰ সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰা সন্দৰ্ভত তেওঁক একো জনোৱা নাছিল৷