Logo
image

এশ গৰু মাৰি ধৰা পৰিল চিলনী চুৰুণী ৰুঞ্জুমা

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৭ আগষ্টঃ এশ গৰু মাৰিলে বাঘৰো মৰণ৷ এই বাক্যশাৰী প্ৰযোজ্য হৈছে চিলনী চুৰুণী ৰুঞ্জুমা বেগমৰ ক্ষেত্ৰত৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত টকাৰ বেগ আৰু মবাইল ফোন কাঢ়ি আৰক্ষীৰ নিদ্ৰাহৰণ কৰা চিলনী চুৰুণী ৰুঞ্জুমা বেগম শেহতীয়াকৈ পল্টন বজাৰ আৰক্ষীৰ জালত পৰে৷ পল্টন বজাৰ থানা এলেকাৰ পৰা চুৰুণী ৰুঞ্জুমা বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে চলনাময়ী যুৱতী ৰুঞ্জুমা বেগমে বন্ধু অৰ্জুন শ্বাহ নামৰ যুৱকজনৰ সহযোগত স্কুটী লৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত টকাৰ বেগ আৰু মবাইল ফোন কাঢ়ি এক সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷ সুন্দৰী যুৱতী ৰুঞ্জুমা বেগমে মহানগৰীৰ গান্ধীমণ্ডপ, উলুবাৰী, ৰিহাবাৰীৰ ৰাজপথত চেইন, টকাৰ বেগ আৰু ম’বাইল ফোন থপিয়াই এক সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷ ৫ দিন পূৰ্বে মহানগৰীৰ ৰিহাবাৰীৰ কয়লা ডিপু গলিৰ বাসিন্দা সীতা দেবীয়ে ওচৰৰ এটা মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহিছিল৷ পূজা অৰ্চনা কৰি থকা অৱস্থাত স্কুটীত অহা যুৱক-যুৱতীয়ে মহিলা গৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই পলায়ন কৰিছিল৷ সোণৰ চেইন কাঢ়ি নিয়াৰ সমগ্ৰ দৃশ্য মন্দিৰৰ চি চি টিভিৰ কেমেৰাত ৰেকৰ্ডিং হৈ আছিল৷ পল্টন বজাৰ আৰক্ষীয়ে চি চি টিভিৰ কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ অভিযান চলাই আছিল৷ এই অভিযানৰ মাজতে কালি পল্টন বজাৰ আৰক্ষীয়ে চিলনী চুৰুণী ৰুঞ্জুমা বেগমক পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে চুৰুণীগৰাকীৰ ঘনিষ্ঠ সহযোগী অৰ্জুন শ্বাহক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ ধৃত ৰুঞ্জুমা বেগমৰ লগত এক বৃহৎ চক্ৰ জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, ১৩ জুলাইত দিনৰ প্ৰায় ১২ বজাত গণেশগুৰিৰ বাসিন্দা তথা গড়কাপ্তানীৰ বিভাগৰ বিষয়া আলিমা নেছাই ধন উলিয়াবলৈ বামুণীমৈদামস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়ালৈ আহে৷ ইয়াৰ পিছত নেছাই বেংকৰ পৰা তিনি লাখ টকা লৈ ওলাই আহি ৰাজপথৰে গৈ থকা অৱস্থাতে পালছাৰ বাইকেৰে অহা দুই দুৰ্বৃত্তৰ দল এটাই টকাৰ বেগটো কাঢ়ি লৈ যায়৷ চিলনী চোৰে থপিয়ালে ৩ লাখ টকাৰ বেগ৷ এনে আকস্মিক ঘটনাত হতভম্ব হৈ মহিলাগৰাকীয়ে চোৰ চোৰ বুলি চিঞৰ বাখৰ কৰে যদিও উক্ত স্থানত থকা কোনো লোক আগবাঢ়ি নাহে৷ ফলত দুৰ্বৃত্তৰ দলটোৱে বেগটো কাঢ়ি নুনমাটি অভিমুখে পলায়ন কৰে বুলি মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰে৷ এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে চান্দমাৰি আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ ওচৰৰ এখন দোকানৰ পৰা চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে৷ আৰক্ষীয়ে চি চি টিভি কেমেৰাৰ ফুটেজৰ ওপৰত ভিত্তি কৰি পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে দুই দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ এই চুৰি কাণ্ডতো চুৰুণী ৰুণজুমা বেগম জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰিছে৷