Logo
image

মন্ত্ৰী পীয়ূষৰ দাবীঃ কংগ্ৰেছত চলিছে ‘ভূপেন বৰা হটাও’ অভিযান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্টঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ৰাজীৱ ভৱনত সচাকৈয়ে বিসম্বাদ আৰম্ভ হৈছে নেকি? ভূপেন বৰা হাটাও অভিযান চলি আছে নেকি ৰাজীৱ ভৱনত? শেহতীয়াভাৱে লাভ জেহাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক ভাষ্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সভাপতি বৰাই লাভ জেহাদৰ সৈতে কৃষ্ণ, ৰুক্মিণী, ধৃতৰাষ্ট˜, গান্ধাৰী আদিৰ নামো সাঙুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়৷ ইয়াৰ পিছতে সভাপতি বৰাই নামঘৰলৈ গৈ চাকি বন্তি জ্বলাই সেৱা ল’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়৷ ইয়াৰ সমান্তৰালভাৱে বিজেপি দলে সভাপতি বৰাৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে গোচৰ তৰে৷ ভূপেন বৰাৰ মন্তব্যক কেন্দ্ৰ কৰি দলৰ অভ্যন্তৰতো তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হয়৷ আনকি দলৰ অন্যতম কাৰ্যকৰী সভাপতি তথা ভূপেন বৰাৰ ঘনিষ্ট ৰাজনৈতিক সতীৰ্থ ৰাণা গোস্বামীও সভাপতি বৰাৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি তেওঁক পদ এৰি সত্ৰত সময় কটাবলৈ আহ্বান জনায়৷ এনেবোৰ পৰিস্থিতিৰ মাজতে ৰাজীৱ ভৱনত পুনৰ তীব্ৰতৰ হৈ পৰে ভূপেন বৰা হাটাও অভিযান৷ আনকি কংগ্ৰেছ বিধায়িনী দলৰ অধিকাংশ সদস্যও ভূপেন বৰাৰ কাম-কাজক লৈ যথেষ্ট ক্ষুব্ধ আৰু অসন্তুষ্টি হৈ আছে আৰম্ভণিৰে পৰা৷ কংগ্ৰেছ দলৰ অভ্যন্তৰত চলা এনে বিসম্বাদক লৈ দেওবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই৷ মন্ত্ৰী হাজৰিকাই কংগ্ৰেছত চলা ভূপেন বৰা হাটাও অভিযান সন্দৰ্ভত যুক্তি দাঙি ধৰি কয়– কংগ্ৰছ দলত বিসম্বাদ, কংগ্ৰেছ দলত কাজিয়া, কংগ্ৰেছ দলত মাৰপিট নতুন কথা নহয়৷ সেই পৰিৱেশৰ কাৰণে কংগ্ৰেছৰ পৰা বহু মানুহ ওলাই গুচি আহিল৷ আমিও কংগ্ৰেছৰ পৰা ওলাই আহিছো৷ কংগ্ৰেছৰ মিটিঙত যাবই নোৱাৰি৷ কংগ্ৰেছৰ প্ৰতিখন মিটিঙতে মাৰপিট লাগে৷ কেইদিনমান আগতে নগাঁৱত কাজিয়া লাগিছে৷ তাৰ আগতে ধুবুৰীত লাগিছে৷ এই কথাটো নতুন কথা নহয়৷ ভূপেন বৰাক হাটাও অভিযান যদি কোনোবাই চলাইছে সেইটো মোৰ কাৰণে নতুন কথা নহয়৷ মোৰ কাৰণে ডাঙৰ কথা নহয়৷ তেখেতসকলৰ মাজত চুৰি মাৰামাৰি চলিয়ে থাকে৷ ভূপেন বৰা সভাপতি হোৱা এবছৰ হৈছে৷ তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰিলেই চুৰি মৰা, ডেগাৰ মৰা৷ কংগ্ৰেছ দলৰ এইটো স্বভাৱ৷ কংগ্ৰেছ দলৰ এইটো এটা নীতি বুলিয়ে ক’ব পাৰি৷ মই কংগ্ৰেছ দলৰ বিষয়ে জানো৷ ভূপেন বৰাক যদি এতিয়া চুৰি মাৰিব বিচাৰিছে, ভূপেন বৰাৰ বিৰুদ্ধে যদি বিসম্বাদ আৰম্ভ হৈছে তেন্তে কংগ্ৰেছৰ বাবে এয়া নতুন নহয়৷