Logo
image

ওজন কমাবলৈ হ’লে এইবোৰ পানীয় নাখাব

শৰীৰৰ অতিৰিক্ত ওজন কমোৱাটো কঠিন৷ খাদ্য নিয়ন্ত্ৰণ, শৰীৰ চৰ্চা কৰিও অতিৰিক্ত মেদ সহজতে কমাব পৰা নাযায়৷ কিছুমান পানীয় আছে যিবোৰ পান কৰিলে ওজন কমোৱাটো আৰু বেছি কঠিন হৈ পৰে৷ এনেক্ষেত্ৰত তেনে পানীয়সমূহ এৰাই চলা উচিত৷ উল্লেখ কৰা হ’ল ওজন কমাবলৈ কোনবোৰ পানীয়ৰ পৰা আঁতৰি থাকিব লাগে– 
- যিবোৰ লোক প্ৰায়েই অসুস্থ হয় বা দুৰ্বল অনুভৱ কৰে তেওঁলোকক কল বা কলৰ জুচ খাবলৈ পৰামৰ্শ দিয়া হয়৷ হেল্‌থলাইন নামৰ এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনীৰ মতে কলত প্ৰচুৰ পৰিমাণে কেলৰি থাকে৷ ফলত কল খালে ওজন বাঢ়ে৷ সেয়ে ওজন কমাবলৈ হ’লে কল বা কলৰ জুচ খোৱাৰ পৰা আঁতৰি থাকক৷ 
- অতিৰিক্ত ওজন কমাবলৈ হ’লে সুমথিৰা বা  সুমথিৰাৰ ৰস খোৱাৰ পৰাও বিৰত থাকিব লাগিব৷ সুমথিৰাত ফাইবাৰ কম থাকে৷ তদুপৰি এইবিধ ফলত থকা অত্যধিক মাত্ৰাৰ কাৰ্বোহাইড্ৰেটে দেহৰ ওজন বৃদ্ধি কৰে৷ 
- ‘ডেইলী লাইফ’ নামৰ আলোচনীখনৰ মতে ওজন কমাবলৈ হ’লে ষ্ট˜’বেৰীৰ জুচ খোৱাৰ পৰা বিৰত থাকিব লাগিব৷ ষ্ট্ৰ'বেৰীত থকা এণ্টি অক্সিডেণ্টে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ঠিকেই, কিন্তু এইবিধ ফলে স্থূলতা বঢ়ায়৷ সেয়ে ওজন কমাবলৈ হ’লে ষ্ট˜’বেৰী নাখাব৷ 
- আম খালেও ওজন বাঢ়ে৷ মেংগো জুচত উচ্ছ কেলৰিৰ কাৰ্বোহাইড্ৰেট থাকে৷ এইবিধ উপাদানে দ্ৰুতগতিত ওজন বঢ়ায়৷ ব্লাড ছুগাৰৰ ৰোগীসকলেতো আম খোৱা মুঠেই উচিত নহয়৷