Logo
image

কাৰাগাৰৰ ‘চি’ শ্ৰেণীৰ বেৰেকত আছে ইমৰান খান

ইছলামাবাদ, ৮ আগষ্টঃ পকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমান পঞ্জাব প্ৰদেশৰ এটক জে’লত বন্দী হৈ আছে৷ তোশাখানা গোচৰত শনিবাৰে ইমৰান খানে তিনি বছৰ কাৰাদণ্ড লাভ কৰাৰ পাছতে তেওঁক লাহোৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ লৈ যোৱা হয়৷ তেওঁক ৰাৱালপিণ্ডিৰ অধিক সা-সুবিধা থকা আদিয়ালা কাৰাগাৰত ৰখা হ’ব বুলি ভবা হৈছিল৷ কিন্তু অন্তিম সময়ত তেওঁক কম সুবিধা থকা এটক জে’ললৈ নিয়া হয়৷ হেলিকপ্টাৰৰ সলনি গাড়ীৰেই তেওঁক কাৰাগাৰলৈ নিয়া হয়৷ এতিয়া এই কথা পোহৰলৈ আহিছে যে এটক জে’লৰ চি শ্ৰেণীৰ বেৰেকতহে ৰখা হৈছে ইমৰান খানক৷  অৰ্থাৎ অতি কম সা-সুবিধা থকা বেৰেকত ৰখা হৈছে তেওঁক৷ লাহোৰৰ ঘৰত এচিৰ মাজত থকা ইমৰান খানে কাৰাগাৰত মাত্ৰ পাংখাৰ বতাহহে ল’বলগীয়া হৈছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ পাছতো তেওঁক ‘এ’ শ্ৰেণীৰ বেৰেকত ৰখা সলনি ‘চি’ শ্ৰেণীৰ বেৰেকত ৰখাটোক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ‘এ’ শ্ৰেণীৰ বেৰেকত সকলো সা-সুবিধা থাকে৷  ইয়াত থাকে দুটাকৈ কোঠা, এচি, ফ্ৰীজ, টিভি আৰু গাদী থকা বিছনা৷ জে’লৰ খাদ্যৰ সলনি মনৰ পছন্দৰ খাদ্যও নিজে প্ৰস্তুত কৰি খাব পাৰে৷ কিন্তু ‘চি’ শ্ৰেণীৰ বেৰেকত এই সুবিধা নাই৷ পঞ্জাবৰ ৪২খন জে’লৰ ভিতৰত মাত্ৰ আদিয়ালা আৰু বহাবলপুৰ কাৰাগাৰতহে কয়দীক ‘এ’ শ্ৰেণীৰ সুবিধা প্ৰদান কৰা হয়৷ কিন্তু ইমৰান খানক এটক জে’লত থোৱাত তেওঁ এই সুবিধাৰ পৰা বঞ্চিত হয়৷ এই জে’লত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পুত্ৰ হুছেইন নৱাজ, খাইবাৰ পখটুনখাৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছৰ্দাৰ মহতাহ খান, প্ৰাক্তন মন্ত্ৰী ডাঃ ফাৰুক ছাত্তাৰ আদিক ৰখা হৈছিল৷