Logo
image

মুখ্যমন্ত্ৰীৰ উদ্যোগত ৰাজ্যজুৰি পামখেতি বিপ্লৱ সূচনা ৰামদেৱৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু তালাপৰ প্ৰতিবেদক, ৯ আগষ্টঃ পাম খেতিক কেন্দ্ৰ কৰি দেশে-বিদেশে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাজ্যজুৰি পাম খেতি বিপ্লৱ সূচনা কৰিলে যোগগুৰু ৰামদেৱে৷ তিনিচুকীয়া জিলাৰ ছৈখোৱাঘাটত মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু ৰামদেৱে পাম গছৰ পুলি ৰুই এই বিপ্লৱৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য, পাম খেতিৰ বিৰুদ্ধে দেশৰ ১১৭গৰাকী বিজ্ঞানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত ইতিমধ্যে পত্ৰ দাখিল কৰিছে৷ ৰাজ্যৰ ঊৰ্বৰ ভূমি আৰু উন্নত জৈৱ-বৈচিত্ৰতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিবলগীয়া পাম খেতিয়ে যে অসমৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কিন্তু ইয়াৰ পাছতো মঙলবাৰে  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ ধলাৰ অন্তৰ্গত চৈখোৱাঘাটত  কৃষি বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসন আৰু পতঞ্জলি ফুডছ্‌ লিমিটেডৰ সহযোগত ‘ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযান’ৰ অধীনত তৈল খেজুৰ ৰোপণৰ বিস্তৃত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়– তৈল খেজুৰ যাতে অসমত উৎপাদন কৰিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰে বহু দিনৰ পৰা প্ৰচেষ্টা চলাই আহিছে৷ মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা পাম অইল অনা হয়৷ ইয়াৰ বাবে এই ৰাষ্ট্ৰসমূহক প্ৰায় ডেৰ লাখ কোটি টকা দিবলগীয়া হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশতে এই তেল উৎপাদনত গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ ফলত কৃষকসকলৰ আৰ্থিক উন্নয়নৰ লগতে উপাৰ্জনো বৃদ্ধি পাব৷ ধুবুৰী আৰু গোৱালপাৰা জিলাত আঠ ন বছৰ পূৰ্বে তৈল খেজুৰ কৃষিৰ কাম আৰম্ভ হৈছে৷ ক্ষুদ্ৰ চাহ খেতিতকৈও তৈল খেজুৰৰ জৰিয়তে আৰ্থিকভাৱে অধিক  লাভৱান হোৱাৰ সুযোগ আছে৷ শস্য ভাল হ’লে আৰু জলসিঞ্চনৰ ব্যৱস্থা সঠিক হ’লে সাত আঠ বছৰ পিছত প্ৰতি হেক্টৰত ২০ বা ২৫ মেট্ৰিকটন ফল লাভ কৰিব পৰা যাব৷ ইয়াৰ ফলত যথেষ্ট পৰিমাণে তেল উৎপাদন হ’ব৷ সৰিয়হতকৈ তৈল খেজুৰৰ পৰা পাঁচ গুণ অধিক লাভ হোৱা যায়৷ এক হেক্টৰ ভূমিত তিনি লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পৰা যায়৷ ভাৰত চৰকাৰৰ তথ্য অনুসৰি অসমত ৩.৭৫ লাখ হেক্টৰ ভূমিত এই তৈল খেজুৰৰ খেতি কৰিব যাব৷ ৰাজ্য চৰকাৰে ১৮ খন জিলাক ৬ টা মণ্ডলত ভাগ কৰি এই খেতিৰ বাবে উৎসাহিত কৰিব বিচাৰিছে৷ সেই অনুসৰি ধেমাজি আৰু লখিমপুৰ জিলাক প্ৰথম মণ্ডল, যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক দ্বিতীয় মণ্ডল, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক তৃতীয় মণ্ডল, কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা আৰু নগাঁও জিলাক চতুৰ্থ মণ্ডল, চিৰাং, ওদালগুৰি আৰু শোণিতপুৰ জিলাক পঞ্চম মণ্ডল আৰু হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ ষষ্ঠ মণ্ডলত ভাগ কৰা হৈছে৷ এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে চাৰিটা অইল পাম কোম্পানী তালিকাভূক্ত কৰিছে আৰু কোম্পানী কেইটাক আৱণ্টিত জিলাসমূহত অইল পামৰ সম্প্ৰসাৰণৰ দায়িত্ব ন্যস্ত কৰা হৈছে৷ পতঞ্জলি ফুডছ্‌ লিমিটেডক তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, নগাঁও আৰু কামৰূপ জিলাৰ ৬০,৩০০ হেক্টৰ এলেকা, গড্‌ৰেজ এগ্ৰ’ভেট লিমিটেডক হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জৰ ৩৪,২৫০ হেক্টৰ এলেকা, ৩-এফ অইল পাম নামৰ কোম্পানীক চিৰাং আৰু লখিমপুৰ জিলাৰ ২৩,৫৫০ হেক্টৰ এলেকা আৰু কে ই কাল্টিভেশ্যনক শোণিতপুৰ আৰু ধেমাজি জিলাৰ ২৫,৬৫০ হেক্টৰ এলেকাৰ ভূমি আৱণ্টন দিয়া হৈছে৷৷ গোৱালপাৰা আৰু কামৰূপ জিলাত ২০১৫ চনত প্ৰথম পাইলট প্ৰজেক্ট কৰা হৈছিল আৰু এতিয়া সেই খেতিৰ ফল আহিছে৷ ভাৰত চৰকাৰে অইল পামৰ খেতিত গুৰুত্ব দিয়াৰ উদ্দেশ্যে আৰু তাৰ জৰিয়তে অইল পাম খেতিৰ অধীনত থকা অঞ্চল বৃদ্ধি কৰাৰ বাবে চলিত বৰ্ষৰ ২৫ জুলাইৰ পৰা ৫ আগষ্টলৈকে অইল পাম ৰোপনৰ অভিযান আৰম্ভ কৰিছে৷ কৃষক, কৃষক উৎপাদক সংস্থা, আত্ম-সহায়ক গোট, কৃষিবিজ্ঞানী, জনপ্ৰতিনিধি, চৰকাৰী বিষয়া আৰু অইল পামৰ কোম্পানীসমূহক একত্ৰিত কৰি অইল পামৰ খেতিৰ সমগ্ৰ প্ৰক্ৰিয়াটো আগুৱাই নিবলৈ এক উমৈহতীয়া মঞ্চ গঠনৰ প্ৰয়াস কৰা হৈছে৷ আহিবলগীয়া দিনবোৰত অইল পাম খেতিৰ বিকাশ আৰু প্ৰসাৰত আজিৰ এই কাৰ্যসূচী এক মাইলৰ খুটিত পৰিণত হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়– যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকক অহা অক্টোবৰ মাহত ৰেচন কাৰ্ড দিয়া হ’ব আৰু এই ৰেচন কাৰ্ডৰ জৰিয়তে চাউলৰ লগতে পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা পাব৷ ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আৰু সাত লাখকে ধৰি দ্বিতীয় পৰ্যায়ত আঠ লাখ মহিলাক অৰুণোদয় আঁচনিৰ অন্তভূৰ্ৰক কৰিব৷ এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ধনৰাশি ১২৫০টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ আত্মসহায়ক গোটসমূহৰ প্ৰায় ৪০ লাখ সদস্যক দহ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব লাগিব৷ এই টকা অবাবত খৰচ নকৰি হাঁহ, ছাগলী কুকুৰা,আদি পুহি আত্মনিৰ্ভৰশীল হ’ব৷ উদ্যোগ তথা ক্ষুদ্ৰ ব্যৱসায় আদি আৰম্ভ কৰাৰ বাবে নিবনুৱা যুৱক-যুৱতীক দুই লাখ টকাকৈ প্ৰদান কৰা হ’ব৷ আজিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, বিধায়কসকল ক্ৰমে বলিন চেতিয়া, ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালা, সুৰেন ফুকন, পোনাকন বৰুৱা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অতিৰিক্ত মূখ্য সচিব আশীষ কুমাৰ ভূটানি, জিলা আয়ুক্ত স্বপ্নীল পাল, পতঞ্জলি ফুডছ লিমিটেডৰ স্বামী ৰামদেৱ উপস্থিত থাকে৷ উল্লেখ্য, মালয়েছিয়া, ইণ্ডোনেছিয়া ব্ৰাজিল, পশ্চিম আফ্ৰিকা শ্ৰীলংকা আদি দেশৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰাম আৰু নাগালেণ্ডত পাম খেতিৰ বাবে নষ্ট হোৱা ভূমিৰ উৰ্বৰতা ঘূৰাই আনিবৰ বাবে পাম খেতি উঠাই দিয়াৰ ব্যৱস্থা কৰাৰ সময়তে ভাৰত তথা অসম চৰকাৰে পাম খেতি কৰিৰ বাবে উঠিপৰি লগাটো দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে৷ মুখ্যমন্ত্ৰী আৰু পতঞ্জলি ফুডচ প্ৰডাক্টছৰ স্থাপক ৰামদেৱে ছৈখোৱাৰ ড॰ ভূপেন হাজৰিকা সেতুৰ সমীপত লাউপানীত পাম গছৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ এই সভাৰ আদৰণি ভাষণ আগবঢ়ায় জিলা আয়ুক্ত স্বপ্নীল পালে৷ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব আশিস ভুটানীয়ে পাম অইল প্ৰজেক্ট সম্পৰ্কে সবিশেষ ব্যক্ত কৰে৷ ইয়াৰ পাছতেই পতঞ্জলি উদ্যোগৰ সংস্থাপক ৰামদেৱে নিজৰ ভাষণত মুখ্যমন্ত্ৰীৰ প্ৰসংসাত পঞ্চমুখ হোৱা দেখাগল৷ যোগগুৰুজনে কয়– ভাৰতে এক লাখ কোটি টকাৰ পাম তেল বিদেশৰ পৰা আমদানি কৰে আৰু ইয়াৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পাম খেতিৰ বাবে আঁচনি লব লগীয়া হৈছে ৷ পতঞ্জলিয়ে অসমত পাম তেলৰ খেতি কৰাৰ সমান্তৰালকৈ গুৱাহাটীত বিশ্ব মানৰ এখন হস্পিতালৰ উপৰিও অসমত দুখন মেডিকেল কলেজ স্থাপন কৰিব৷ অসমৰ দহ হেজাৰ মেধা ছাত্ৰছাত্ৰীক পঢ়াৰ ব্যৱস্থা কৰাৰ আঁচনি লোৱাৰ কথাও যোগগুৰু গৰাকীয়ে ব্যক্ত কৰে৷ বিশ্ব ব্যাপি পাম তেলৰ খেতি সম্পৰ্কে বিৰূপ প্ৰতিক্ৰিয়া চলি থকাৰ সময়ত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই পাম খেতি সম্পৰ্কে কিছুমান সাধাৰণ লোকে বিৰোধিতা কৰি অহা বুলি কৈ ধানখেতিত প্ৰয়োজন হোৱাতকৈ পাম খেতিত কম পানী লাগে বুলি দাবী কৰে৷ চন পৰি থকা মাটিত পাম তেলৰ খেতি কৰি কৃষকৰ আৰ্থিক উন্নতিৰ লগতে কৃষকক বাণিজ্যিক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য ৰখা বুলি কয়৷ সম্প্ৰতি অসমত ৩লাখ ৭৫ হাজাৰ হেক্টৰ মাটিত পাম খেতি কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ কথা কোৱাৰ লগতে কৃষি মন্ত্ৰী বৰাই সাধাৰণ লোকৰ কথা নুশুনি কৃষকে নিচিন্ত মনে পাম খেতি কৰিবলৈ আহ৩ান জনাই৷ ইফালে প্ৰস্তাৱিত উত্তৰ-পূৱ সাংস্কৃতিক সমন্বয় ক্ষেত্ৰৰ ১০০ বিঘা মাটি পাম খেতিৰ বাবে পতঞ্জলি ফুডচ লিমিটেডক দিয়া বুলি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে অসম চৰকাৰেঃ অজাপ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপে অসমৰ শদীয়াত মঙলবাৰৰ পৰা পাম তেলৰ খেতি আৰম্ভ কৰাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি এক ভাবুকি বুলি মত প্ৰকাশ কৰি উক্ত বিষাক্ত খেতি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদ দলে৷ জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে পাম তেলৰ খেতিয়ে মাটিৰ তলৰ পানী অতিৰিক্তভাৱে শোহন কৰি মাটি নষ্ট কৰে আৰু আনহাতে পৰিৱেশত উষ্ণতাৰ পৰিমাণ বৃদ্ধি কৰে৷ সেই কাৰণে পৃথিৱীৰ বিভিন্ন দেশত পাম তেলৰ খেতিক নিষিদ্ধ কৰা হৈছে৷ আনকি ভাৰতৰ আন্দামান নিকোবৰ দীপপুঞ্জত পাম তেলৰ খেতিয়ে দীপসমূহৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অনাৰ তথ্য নিশ্চিত হোৱাৰ পিছত ভাৰতৰ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত তাত উক্ত খেতি বন্ধ কৰি দিয়া হৈছে৷ এনেধৰণৰ ক্ষতিকাৰক কৃষিৰ বাবে ৰামদেৱৰ পতঞ্জলি গ্ৰুপক অসম চৰকাৰে মাটি আৱণ্টন দিয়া আৰু উক্ত ভূমিত বৃহৎ কলেৱৰত পাম তেলৰ খেতি কৰাটো জনস্বাৰ্থৰ পৰিপন্থী৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে অসমত ২০২৫-২৬ চনৰ ভিতৰত ২ লাখ হেক্টৰ ভূমিত পাম তেলৰ খেতি কৰাৰ সংকল্প লৈ ইতিমধ্যে এই সম্পৰ্কীয় চৰকাৰী নীতি ঘোষণা কৰিছে৷ সেই মৰ্মে ৰাজ্য চৰকাৰে পতঞ্জলি গ্ৰুপক তিনিচুকীয়া, বাগ্‌সা, ওদালগুৰি, শোণিতপুৰ আদি জিলাত কেইবা হাজাৰ বিঘা মাটি আৱণ্টন দিছে৷ তাৰে অংশস্বৰূপে তিনিচুকীয়া জিলাৰ ধলাশদিয়া দলঙৰ নিকটৱৰ্তী এলেকাত আৱণ্টিত মাটিত পাম তেলৰ খেতিৰ শুভাৰম্ভ কৰিছে পতঞ্জলিয়ে৷ জাতীয় পৰিষদৰ সভাপতিজনে কয় যে শদিয়াৰ যি ঠাইত পতঞ্জলিয়ে উক্ত খেতি কৰিছে, তাৰ নিচেই ওচৰতে লাগি আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য৷ যিহেতু পাম তেলৰ খেতিয়ে জৈৱ বৈচিত্ৰ বিনষ্ট কৰে, সেয়ে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ অস্তিত্বৰ ওপৰত তাৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত৷ গোলকীয় উষ্ণতাৰ কাৰণেই হওক বা আন কাৰণতে হওক, বিগত এটা দশক অসমত গৰমৰ প্ৰকোপ বাঢ়িছে৷ আনহাতে প্ৰতিবছৰে বৰষুণৰ হাৰ কমি আহিছে৷ অসমৰ কোনো কোনো ঠাইত পূৰ্বে নোহোৱা খৰাঙৰ প্ৰভাৱ পৰিছে৷ এনে পৰিস্থিতিত, পাম খেতিৰ ব্যাপকতাৰ ফলত অসমৰ প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰৰ ওপৰত উদ্বেগজনকভাৱে নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা বিদ্যমান৷ গতিকে ৰাজ্যত এই মাৰাত্মক পাম তেলৰ খেতিক উৎসাহিত নকৰিবলৈ গগৈয়ে ৰাজ্য চৰকাৰক আহ্বান জনায়৷

পাম খেতিয়ে অসমক মৰুভূমি কৰিবঃ ডি ৱাই এফ আই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসম চৰকাৰৰ পূৰ্ণ সহযোগত ব্যৱসায়ী ৰামদেৱৰ নেতৃত্বত অসমত পাম খেতি কৰিবলৈ ব্যাপক প্ৰস্তুতি লোৱা হৈছে৷ আন্দামান-নিকোবৰত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ কৰিবলৈ লোৱা পাম খেতি অসমত ব্যাপক উৎসাহ-উদ্দীপনাৰে কৰিবলৈ লোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন [ডি ৱাই এফ আই]ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অসমত মৰুভূমি সৃষ্টি কৰিব পৰা এই পদক্ষেপ বন্ধ কৰিবলৈ দাবী জনাইছে৷ এই সম্পৰ্কে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে সংবাদ মাধ্যমক কয়–সেউজ বনভূমিৰে পৰিপূৰ্ণ আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অসমৰ মাটিত পাম খেতি কৰিবলৈ হ’লে বিৰূপ প্ৰভাৱ পৰিব৷ পাম খেতিৰ ফলত সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ বাবে আন্দামান নিকোবৰত উচ্ছতম ন্যায়ালয়ে তেনে খেতি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে৷ চুবুৰীয়া মিজোৰামত পাম কৃষিয়ে সৃষ্টি কৰা কৃত্ৰিম খৰাঙৰ ফলত স্থানীয় বাসিন্দাসকলে দূৰদুৰণিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হৈছে৷ ডাম্পা বেঘ্ৰ’ প্ৰকল্পৰ প্ৰতি ভাবুকি কঢ়িয়া আনিছে৷ ইণ্ডোনেচিয়াকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত পাম খেতিয়ে সেউজ মৰুভূমি সৃষ্টি কৰিছে, এনে অঞ্চলত পাম গছৰ বাদে অন্য কোনো গছৰ অস্থিত্ব নাথাকে৷ পাম খেতিক লৈ বিশ্বৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্যই ভয়াবহ অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ সময়তে কৰ্প’ৰেট আদানি গোষ্ঠী আৰু ৰামদেৱৰ স্বাৰ্থতে অসম চৰকাৰে উৎসাহেৰে তাক আঁদৰণি জনাইছে৷ ২০২৫-২৬ চনৰ ভিতৰত ২ লাখ হেক্টৰ মাটিত পাম খেতি ৰোপণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ মুঠ ১৮ জিলাত এই খেতি কৰাৰ প্ৰস্তুতি চলাইছে৷ অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ৩.২৮ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য বান্ধি লৈছে৷ ভয়াবহ কথাটো হৈছে এজোপা পাম খেতিয়ে ভূ-গৰ্ভৰ পৰা দৈনিক তিনিশ লিটাৰ পৰ্যন্ত পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে৷ বিশ্বত ভয়াবহ খেতি হিচাপে পৰিচিত হৈ পৰা পাম খেতিকলৈ লৈ পৰিৱেশ বিজ্ঞানী, পৰিৱেশ কৰ্মী তথা সচেতন নাগৰিকসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে অসম চৰকাৰৰ পাম খেতিকলৈ দেখুৱা তৎপৰতা উদ্বেগজনক আৰু চিন্তনীয়৷ ইতিমধ্যে দেশৰ বহু পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ কৰ্মীয়ে প্ৰধানমন্ত্ৰীলৈ এই সম্পৰ্কত পত্ৰ প্ৰেৰণ কৰিছে৷ উল্লেখ্য ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়েও চৰকাৰৰ এই ভয়ংকৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷ ডি ৱাই এফ আইয়ে অসমৰ পৰিৱেশ কৰ্মী, সচেতন নাগৰিক, যুৱ-ছাত্ৰ সমাজ আৰু সচেতন ৰাইজলৈ প্ৰস্তাৱিত পাম খেতি বিৰোধিতা কৰিবলৈ দাবী জনাইছে৷