Logo
image

চকুৰে ধোঁৱা-কোঁৱা দেখিছে উজনিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ আগষ্টঃ ডেংগি-জাপানিজ এন্‌কেফেলাইটিছৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে ‘আই ফ্লু’ৱে৷ বিশেষকৈ উজনি আৰু উত্তৰ অসমৰ জিলা কেইখনত সংক্ৰামক ৰূপ লৈছে চকু ৰঙা পৰা ৰোগ অৰ্থাৎ কনজাংটিভাইটিছ ৰোগ৷ উজনিৰ ধেমাজি, লখিমপুৰ আৰু যোৰহাটতত হাজাৰ হাজাৰ লোক কনজাংটিভাইটিছৰ চিকাৰ হৈছে৷ গুৱাহাটীতো আই ফ্লুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ সংক্ৰমণজনিত ৰোগ বিধৰ দ্ৰুত প্ৰাদুৰ্ভাৱক লৈ চিকিৎসকসকলকো উদ্বিগ্ন কৰি তুলিছে৷ কিয়নো কনজাংটিভাইটিছ ৰোগে এইবাৰ যে ৰূপ সলনি কৰি অধিক যন্ত্ৰণাদায়ক হৈ পৰিছে৷ এক প্ৰকাৰ ৰঙা চকুৰ আতংকই এতিয়া উজনি অসমে ধোঁৱা-কোঁৱা দেখা পাইছে৷ ৰোগীৰ চকু ৰঙা পৰাই নহয়, চকুৰ পটা ওলমি অহা পৰিলক্ষিত হৈছে৷ অৰ্থাৎ ৰোগীৰ চকুৰ বাহ্যিক ভাগ অস্বাভাৱিক ধৰণে ফুলি উঠা দৃষ্টিগোচৰ হৈছে৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ দৰে আই ফ্লু ৰোগে অসমতো ঠায়ে ঠায়ে একপ্ৰকাৰ মহামাৰীৰ ৰূপ লোৱাৰ দৰে পৰিৱেশৰ সূচনা কৰিছে৷ এজন লোক চকু ৰঙা পৰা ৰোগত আক্ৰান্ত হ’লেই সহজে ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকসকল আক্ৰান্ত হোৱা দেখা গৈছে৷ উজনি অসমত পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে ঘৰৰ এজন লোক আক্ৰান্ত হোৱাৰ লগে লগে ঘৰৰ সকলো সদস্যই উক্ত ৰোগত ভূগিছে৷ আনকি কোনো কোনো শিক্ষানুষ্ঠানত প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়েই কনজাংটিভাইটিছ ৰোগত আক্ৰান্ত হৈছে৷ আই ফ্লুৱে এফালৰ পৰা ছানি ধৰাৰ পাছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে সজাগতাৰ লগতে ৰোগ প্ৰতিৰোধ তথা চিকিৎসাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ যাৰ বাবে আই ফ্লুত আক্ৰান্ত হৈ শিশু আৰু বৃদ্ধ লোকসকলৰ অৱস্থা কাহিল হৈ পৰিছে৷ জিলাই জিলাই এতিয়া চকু চিকিৎসকৰ ওচৰত ৰোগীৰ ভিৰ বাঢ়িছে৷ চকু চিকিৎসক বিশেষজ্ঞই সদৰী কৰা অনুসৰি আই ফ্লুৰ লক্ষণ হৈছে–চকু ৰঙা পৰা, চকুত খজুৱতি, চকু জ্বলা-পোৰা, চকুৰ পৰা নিৰন্তৰ আঠা জাতীয় পানী ওলোৱা আৰু চকুৱে বেছি পোহৰ সহিব নোৱৰা সমস্যা৷ তদুপৰি চকুৰ পটা ফুলি উঠি ওলমি পৰাও অন্যতম লক্ষণ আই ফ্লু’ৰ৷ বিশেষজ্ঞৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱতেই ৰোগ বৃদ্ধি পায়৷ বহু লোকে হাত পৰিষ্কাৰ নকৰাকৈ বাৰে বাৰে চকু দুটা স্পৰ্শ কৰে৷ যাৰ ফলত সংক্ৰমণ অধিক বৃদ্ধি পায়৷ চকু দুটা সঘনাই চাফা পানীৰে ধুই থকাটোৱেই এই ৰোগ প্ৰতিৰোধৰ মহৌষধ হিচাপে ধৰা হয়৷ আক্ৰান্ত কোনো ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল বা আন কাপোৰ ব্যৱহাৰ কৰিলে সুস্থ লোকজন আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থাকে৷ ২-৩ দিনৰ পাছতো সাধাৰণ স্বাস্থ্যৰ যতন লৈও চকু ৰঙা পৰা ৰোগ উপশম নাপালে চকু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰো বাবেও বিশেষজ্ঞমহলে আহ্বান জনাইছে৷ বিশেষজ্ঞৰ মতে এই সময়ছোৱাত ৰোগী বা সাধাৰণ লোকে এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফল আৰু পাচলি অধিক খাব লাগে৷ লগতে ভিটামিন বি-২ আৰু ভিটামিন-চি সমৃদ্ধ খাদ্য, দুগ্ধজাতীয় খাদ্য আৰু সেউজীয়া শাক পাচলি খোৱা প্ৰয়োজন৷ যদিহে এনে ৰোগৰ লক্ষণ দেখা দিয়ে, তেনেহ’লে উক্ত ৰোগীজনৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলকো চশমা পিন্ধিবলৈ পৰামৰ্শ দিছে চিকিৎসকে৷

ধেমাজিত উদ্বেগজনকভাৱে বাঢ়িছে ‘আই ফ্লু’ ৰোগী

‘আমাৰ অসম’ৰ ধেমাজিৰ বিশেষ প্ৰতিনিধিঃ ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চকু ৰঙা পৰা [Conjunctivitis] ৰোগৰ ভয়ংকৰ সংক্ৰমণ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধেমাজি জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে চকু ৰঙা পৰা ৰোগ ‘আই ফ্লু’ৰ ব্যাপক সংক্ৰমণ৷ বানৰ সময়ছোৱাত ধেমাজি জিলাত জাপানিজ এনকেফেলাইটিছ বা জাপানিজ এনকেফেলাইটিছসদৃশ ৰোগৰ ভয়ংকৰ সংক্ৰমণৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে চকুৰ অসুখত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ ধেমাজি জিলাত জুলাই মাহৰ শেষৰ সপ্তাহৰ পৰা বৰ্তমানলৈকে ‘আই ফ্লু’ত আক্ৰান্ত হৈছে তিনিশ ৰোগী৷ অতি উদ্বেগজনকভাৱে দৈনিক বাঢ়িছে ৰোগীৰ সংখ্যা৷ বৰ্তমানলৈকে কেৱল চিকিৎসা গ্ৰহণৰ বাবেই ধেমাজি অসামৰিক চিকিৎসালয়লৈ আহিছে তিনিশ ৰোগী৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ সূত্ৰ অনুসৰি দৈনিক ২৫-৩০জন ৰোগী আহিছে এই চকু ৰঙা পৰা ৰোগৰ চিকিৎসা গ্ৰহণৰ বাবে৷ ধেমাজিৰ জ্যেষ্ঠ চকু বিশেষজ্ঞ তথা জিলা চকু বিভাগৰ ন’ডেল বিষয়া ডাঃ কুলনাথ চুতীয়াই জনোৱা মতে চকুৰ কংজাইটিভাইটিছ বা ‘আই ফ্লু’ ৰোগ অতি সহজতে এজনৰ পৰা আন এজনলৈ সংক্ৰমণ হয় আৰু এই সময়ছোৱাত ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ বা ৰুমাল কোনো সুস্থ লোকে ব্যৱহাৰ কৰিলে এই ৰোগৰ সংক্ৰমণ হয়৷ সেয়েহে ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ বা ৰুমাল আনে ব্যৱহাৰ কৰিব নালাগে৷ লগতে সঘনাই পানীৰে চকু পৰিষ্কাৰ কৰি থাকিব নালাগে আৰু প্ৰতিটে মুহূৰ্ততে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিলে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ চকু ৰঙা পৰা ৰোগীয়ে এইসমূহ সাৱধানতা অৱলম্বন কৰি সংক্ৰমণ ৰোধ কৰাৰ লগতে চকু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি চিকিৎসা গ্ৰহণৰ আহ্বান জনায় বিশেষজ্ঞ চকু চিকিৎসকজনে৷ সম্প্ৰতি ধেমাজি জিলাৰ প্ৰান্তে প্ৰান্তে এই ৰোগৰ ব্যাপক সংক্ৰমণ ঘটিছে যদিও শংকিত হ’বলগা বিশেষ কাৰণ নাই বুলি ডাঃ চুতীয়াই জানিবলৈ দিছে৷ চকুৰ কংজাইটিভাইটিছ ৰোগত আক্ৰান্ত ৰোগী সাধাৰণতে উপশম হ’বলৈ ১০-১২দিনৰ সময়ৰ প্ৰয়োজন বুলিও কয় চিকিৎসকজনে৷