Logo
image

দক্ষিণ আমেৰিকাত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী অসমৰ ৰুদ্ৰ জয়ন্ত

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৯ আগষ্টঃ দক্ষিণ আমেৰিকা মহাদেশৰ উপকূলীয় দেশ গায়ানাৰ ৰাজধানী জৰ্জটাউনস্থিত ভাৰত চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বীৰ দায়িত্ব ন্যস্ত কৰা হৈছে অসমৰ খ্যাতিসম্পন্ন কথকশিল্পী, কথকনৃত্যৰ গুৰু  তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী-সংগঠক ৰুদ্ৰ জয়ন্ত ভাগৱতীক৷ এয়া নিঃসন্দেহে অসমৰ বাবে এটা ভাল খবৰ৷ জৰ্জটাউনস্থিত এই ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰটোৰ নাম স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ৷ এই কেন্দ্ৰটোৰে সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰুদ্ৰ জয়ন্ত ভাগৱতীক৷ এই গুৰুদায়িত্ব চম্ভালি ল’বৰ বাবে ইতিমধ্যে জৰ্জটাউনলৈ গৈছে ৰুদ্ৰ জয়ন্ত ভাগৱতী৷ উল্লেখ্য, স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনস্থ৷ উত্তৰ আট্‌লাণ্টিক মহাসাগৰৰ উপকূলৱৰ্তী দেশ গায়ানাৰ প্ৰধান চহৰ জৰ্জটাউনস্থিত এই কেন্দ্ৰটো ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সাংস্কৃতিক কেন্দ্ৰ৷ ভাৰতৰ পৰৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ হৈ এই কেন্দ্ৰটোৰ কাম-কাজ চোৱাচিতা কৰে ভাৰতীয় উচ্ছায়ুক্তই৷ ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ দ্বাৰা বিশ্বজুৰি স্থাপিত সকলো সাংস্কৃতিক কেন্দ্ৰৰ ভিতৰত জৰ্জটাউনস্থিত এই কেন্দ্ৰটি আটাইতকৈ পুৰণি৷ ভাৰতৰ বাৰেৰহণীয়া কলা-সংস্কৃতিৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে তথা ভাৰত আৰু গায়ানাৰ লোকসকলৰ মাজত সাংস্কৃতিক সম্পৰ্ক আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰাৰ লক্ষ্যৰে ১৯৭২ চনত ভাৰত চৰকাৰৰ দ্বাৰা এই সাংস্কৃতিক কেন্দ্ৰটো স্থাপন কৰা হৈছিল৷ এই কেন্দ্ৰটোৰ সঞ্চালকৰ দায়িত্ব পোৱা ৰুদ্ৰ জয়ন্ত ভাগৱতীয়ে আমেৰিকা যুক্তৰাজ্য, গ্ৰেট ব্ৰিটেইন, গায়ানা, ডুবাই, টাঞ্জানিয়া, মালদ্বীপ, জাৰ্মানী, কাটাৰকে ধৰি পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰায় তিনি দশকজুৰি ভাৰতৰ কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত ব্ৰতী হৈ আছে৷ মাজুলীৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰিৱেশত জন্মগ্ৰহণ কৰা ৰুদ্ৰ জয়ন্ত ভাগৱতী আন্তৰ্জাতিক পৰিসৰত স্বীকৃত এগৰাকী শিল্পী আৰু সাংস্কৃতিক সংগঠক৷ উল্লেখ্য, ৰুদ্ৰ জয়ন্ত ভাগৱতীৰ পত্নী প্ৰণামী ভাগৱতী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সংগীত নাটক একাডেমীৰ নতুন দিল্লীস্থিত কথক কেন্দ্ৰৰ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে৷